সাৰদা দেৱী

ৰামকৃষ্ণ পৰমহংসৰ পত্নী

সাৰদা দেৱী (ইংৰাজী: Sarada Devi; ২২ ডিচেম্বৰ ১৮৫৩- ২০ জুলাই ১৯২০) আছিল ঊনৈশ শতিকাৰ বিশিষ্ট বঙালী ধৰ্মগুৰু ৰামকৃষ্ণ পৰমহংসৰ পত্নী, সাধনসঙ্গিনী আৰু ৰামকৃষ্ণ মঠ আৰু মিছনৰ সংঘজননী। ভক্তসকলে তেওঁক শ্ৰীশ্ৰী মা নামেৰে সম্বোধন কৰে। ৰামকৃষ্ণ আন্দোলনৰ বিকাশ আৰু প্ৰসাৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷[1]

শ্ৰী সাৰদা দেৱী

শ্ৰী সাৰদা দেৱী
জন্ম ২২ ডিচেম্বৰ ১৮৫৩
জয়ৰামবাটী, বেঙ্গল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু ২০ জুলাই, ১৯২০
বাগবাজাৰ, কলকাতা, বেঙ্গল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
প্ৰকৃত নাম ক্ষেমাঙ্কৰী, ঠাকুৰমণি, সাৰদামণি মুখোপাধ্যায়
উপাধি/সন্মান শ্ৰীশ্ৰী মা
গুৰু ৰামকৃষ্ণ পৰমহংস

বেঙ্গল প্ৰেচিডেঞ্চিৰ জয়ৰামবাটী গাঁৱত তেওঁৰ জন্ম হৈছিল। বিবাহৰ পূৰ্বে তেওঁৰ নাম আছিল সাৰদামণি মুখোপাধ্যায়। মাত্ৰ পাঁচ বছৰ বয়সতে তেওঁৰ ৰামকৃষ্ণৰ সৈতে তেওঁৰ বিবাহ হয়। অৱশ্যে কৈশোৰ কাল নোপোৱালৈকে তেওঁ স্বামীৰ সৈতে দেখা কৰাৰ সুযোগ পোৱা নাছিল। তেওঁৰ জীৱনীকাৰসকলৰ মতে গাৰ্হস্থ আৰু সন্ন্যাস জীৱনৰ আদৰ্শ স্থাপন কৰাৰ বাবে তেওঁলোকে অবিচ্ছিন্ন ব্ৰহ্মচৰ্যৰ অনুশীলন কৰিছিল। শ্ৰীৰামকৃষ্ণৰ মৃত্যুৰ পিছত সাৰদা দেৱীয়ে অৱশিষ্ট জীৱন জয়ৰামবাটী আৰু কলকাতাৰ ‘উদ্বোধন ভৱন’ত কটাইছিল। তেওঁৰ সমগ্ৰ জীৱন স্বামী, ভাতৃ আৰু পৰিয়ালবৰ্গ আৰু তেওঁৰ আধ্যাত্মিক সন্তানসকলৰ প্ৰতি সেৱা আৰু আত্মত্যাগত উৎসৰ্গিত আছিল। গুৰুৰ প্ৰয়ানৰ পিছত ভক্তসকল উপদেশ আৰু উৎসাহ লাভৰ আশাত তেওঁৰ কাষলৈ ধাপলি মেলিছিল। তেওঁ নিজৰ জীৱনকালত তথা মৃত্যুৰ পিছত ভক্তসকলৰ দ্বাৰা মহাশক্তিৰ অৱতাৰ ৰূপে পূজিত হৈছিল।[1]

জন্ম আৰু পৰিয়ালসম্পাদনা কৰক

১৮৫৩ চনৰ ২২ ডিচেম্বৰত, বঙালী কেলেণ্ডাৰ মতে ১২৬০ চনৰ ৮ পুহত আৰু হিন্দু পঞ্জিকা মতে আঘোণ মাহৰ কৃষ্ণা সপ্তমী তিথিত[2] পশ্চিবঙ্গৰ বাঁকুড়া জিলাৰ এখন ভিতৰুৱা গাঁও জয়ৰামবাটীত এটা দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। দেউতাক ৰামচন্দ্ৰ মুখোপাধ্যায় আৰু মাক শ্যামাসুন্দৰী দেৱী অন্যন্ত ধৰ্মপৰায়ণ ব্যক্তি আছিল। তেওঁৰ পিতৃকূল মুখোপাধ্যায় বংশ পুৰুষানুক্ৰমে ৰামৰ উপাসক আছিল।[3] সাৰদা দেৱী মাক-দেউতাকৰ জ্যেষ্ঠ কন্যা। জন্মৰ পিছত তেওঁৰ নাম প্ৰথমে ‘ক্ষেমঙ্কৰী’ ৰখা হৈছিল। ৰাশি অনুসৰি তেওঁৰ নাম ৰাখিছিল ‘ঠাকুৰমণি’। পিছত ক্ষেমেঙ্কৰী নামটো আঁতৰাই সাৰদামণি ৰখা হয়। ৰামকৃষ্ণ মুখোপাধ্যায়ে কৃষিকৰ্ম আৰু পুৰোহিতালী কৰি জীৱন-নিৰ্বাহ কৰিছিল আৰু তিনিজন ভায়েকক প্ৰতিপালন কৰিছিল। দৰিদ্ৰ হ’লেও ৰামচন্দ্ৰ আছিল পৰোপকাৰী আৰু দানশীল ব্যক্তি।[3] সাৰদা দেৱীৰ জন্মৰ পিছত কাদম্বিনী নামেৰে এজনী জীয়ৰী আৰু প্ৰসন্নকুমাৰ, উমেশচন্দ্ৰ, কালীকুমাৰ, বৰদাপ্ৰসাদ আৰু অভয়চৰণ নামে পাঁচজন পুত্ৰসন্তান উপজিছিল।[4]

বিবাহসম্পাদনা কৰক

১৮৫৯ চনৰ মে’ মাহত সেই সময়ৰ গ্ৰাম্যপ্ৰথা অনুসৰি মাত্ৰ পাঁচ বছৰ বয়সতে তেওঁৰ ৰামকৃষ্ণ পৰমহংসৰ সৈতে বিবাহ হয়। ৰামকৃষ্ণৰ বয়স তেতিয়া তেইছ বছৰ। বিয়াৰ পিছত সাৰদা মাক-দেউতাৰ তত্ত্বাৱধানতে ৰ’ল। ৰামকৃষ্ণ দক্ষিণেশ্বৰলৈ উভতি যায়। ওঠৰ বছৰ বয়সত তেওঁ শুনে যে তেওঁৰ স্বামী এজন মহান সন্তলৈ ৰূপান্তৰিত হৈছে। তেতিয়া তেওঁ স্বামীক সাক্ষাৎ কৰিবলৈ দক্ষিণেশ্বৰলৈ অহাৰ সিদ্ধান্ত লয়।[5]

এই সময়ত ৰামকৃষ্ণই সাৰদা দেৱী আৰু দিব্য মাতৃকাক অভিন্ন জ্ঞান কৰি ষোড়শী পূজাৰ আয়োজন কৰে। কালীৰ আসনত বহুৱাই পুষ্প আৰু উপাচাৰৰে শ্ৰীৰামকৃষ্ণই পূজা কৰে। তেওঁলোকৰ বৈবাহিক জীৱন আছিল এক শুদ্ধ আধ্যাত্মিক সংগত।[6]

মৃত্যুসম্পাদনা কৰক

১৯২০ চনৰ ২০ জুলাইত ৰাতি দেৰ বজাত কলকাতাৰ উদ্বোধন ভৱনত তেওঁৰ মৃত্যু হয়। বেলুড় মঠত গংগাৰ তীৰত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।[7]

তথ্য উৎসসম্পাদনা কৰক

  1. 1.0 1.1 Mookerjee, Nanda (1978). Sri Sarada Devi, consort of Sri Ramakrishna. Firma KLM. পৃষ্ঠা. 15. 
  2. শ্ৰীশ্ৰীসাৰদাদেবী, ব্ৰহ্মচাৰী অক্ষয়চৈতন্য, ক্যালকাটা বুক হাউস প্ৰাইভেট লিমিটেড, একাদশ সংস্কৰণ, ১৩৯৬ বঙ্গাব্দ, পৃ. ৫
  3. 3.0 3.1 শ্ৰীমা সাৰদা দেবী, স্বামী গম্ভীৰানন্দ, উদ্বোধন কাৰ্যালয়, কলকাতা, নবম সংস্কৰণ, ২০০৪, পৃ. ১৪
  4. শ্ৰীমা সাৰদা দেবী, স্বামী গম্ভীৰানন্দ, উদ্বোধন কাৰ্যালয়, কলকাতা, নবম সংস্কৰণ, ২০০৪, পৃ. ১৬
  5. Ghanananda, Swami. Women Saints of East and West. John Stewart-Wallace. 
  6. Women Saints of East and West, p.99
  7. Women Saints of East and West, p.115-116

বাহ্যিক সংযোগসম্পাদনা কৰক