আঘোণ

অসমীয়া, বাংলা বৰ্ষৰ অষ্টম মাহ
০১
18
০২
19
০৩
20
০৪
21
০৫
22
০৬
23
০৭
24
০৮
25
০৯
26
১০
27
১১
28
১২
29
১৩
30
১৪
01
১৫
02
১৬
03
১৭
04
১৮
05
১৯
06
২০
07
২১
08
২২
09
২৩
10
২৪
11
২৫
12
২৬
13
২৭
14
২৮
15
২৯
16

১৪২৯ ভাস্কৰাব্দ

আঘোণ মাহ অসমীয়া বৰ্ষপঞ্জীৰ অষ্টম মাহ। এই মাহৰ আন এটি নাম হৈছে মাৰ্গশীৰ্ষ।[1] মৃগশিৰা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম 'মাৰ্গশীৰ্ষ' হৈছে। এই সময়ত খেতি পথাৰ বোৰ পকা ধানেৰে শোভিত হৈ পৰে। অসমীয়া পৰম্পৰা অনুসৰি সেয়ে এই মাহ ধান চপোৱাৰ সময়।[2] নামনি অসমৰ কোনো কোনো অঞ্চলত ধৰ্মীয় বিশ্বাসৰ লগত সম্বন্ধ নথকা ‘মহোহো’ উৎসৱ আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি পালন কৰা হয়।[3] আঘোণ মাহত পালন কৰা হয় অন্যান্য আনুষংগিক অনুষ্ঠান সমূহ হৈছে- লখিমী অনা, লখিমী আদৰা, ন-খোৱা উৎসৱ ইত্যাদি।[4]

ডিচেম্বৰ মাহত পকা ধানৰ চিত্ৰ

আঘোণ, অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[5] আঘোণ মাহত ৩০ দিন থাকে।[6] আঘোণ মাহৰ আৰম্ভণিত হেমন্ত ঋতুৰ দ্বিতীয় সপ্তাহ চলি থাকে। বঙালী বৰ্ষপঞ্জী মতে এই আঘোণ মাহক 'অগ্ৰহায়ণ' বুলি কোৱা হয়। ইয়াক পূৰ্বতে বছৰৰ প্ৰথম মাহ বুলি ধৰা হৈছিল। 'অগ্ৰ' শব্দৰ অৰ্থ 'প্ৰথম' আৰু 'হায়ণ' শব্দৰ অৰ্থ 'বছৰ'। বছৰৰ প্ৰথমতে আৰম্ভ হোৱা মাহ হিচাপে এই মাহৰ নাম 'অগ্ৰহায়ণ' ৰখা হৈছিল। "অগ্ৰহায়ণ" শব্দৰ আভিধানিক অৰ্থ হ'ল বছৰৰ শ্ৰেষ্ঠ ব্ৰীহি (ধান) উৎপন্ন হোৱা সময়। জনবিশ্বাস মতে আঘোণ মাহ বিবাহৰ পক্ষে বিশেষ শুভ মাহ। পশ্চিমবঙ্গৰ লোকসমাজে আঘোণ মাহক 'লক্ষ্মীৰ মাহ' বুলি কয়।[7]

অন্য পঞ্জিকাত আঘোণৰ সমসাময়িক মাহসম্পাদনা কৰক

অসমীয়া পঞ্জিকাত আঘোণ মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকানৱেম্বৰ আৰু ডিচেম্বৰ মাহ হয়। আঘোণ নৱেম্বৰৰ ১৮ বা ১৯ তাৰিখত আৰম্ভ হয় আৰু ডিচেম্বৰৰ মধ্যলৈকে থাকে।[6] আঘোণ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত কাৰ্তিক মাহ চলি থাকে।[5]

উৎসৱ-পৰ্ব, দিৱস আদিসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক

  1. http://www.hindunet.org
  2. https://www.newsnextone.com/aghoon-assamese-peple-
  3. https://www.newsnextone.com/aghoon-assamese-peple-
  4. https://janambhumi.in/VFZSVk1rNXFhejA9/%E0%A6%86%E0%A6%98%E0%A7%8B%E0%A6%A3.html
  5. 5.0 5.1 "Assamese months names". http://hindupad.com/assamese-months/. 
  6. 6.0 6.1 বৰকটকী কোম্পানী, যোৰহাট
  7. বঙালীৰ লোকসংস্কৃতিৰ বিশ্বকোষ, ড. দুলাল চৌধুৰী সম্পাদিত, একাডেমী অফ ফোকলোৰ, কলকাতা, ২০০৪, পৃ. ২৫৭