সাৱিত্ৰী গনেশান (জন্মতে: নিশংকাৰা সাৰাসাৱানীদেৱী) আছিল এগৰাকী ভাৰতীয় ছবিৰ অভিনেত্ৰী, এগৰাকী গায়িকা, নৃত্যশিল্পী, পৰিচালক আৰু প্ৰযোজক। তেখেতে মূলতঃ তেলেগু আৰু তামিল ভাষাৰ ছবিৰ লগত জড়িত আছিল। তদুপৰি, কানাড়া, মালায়ালম আৰু হিন্দী ছবিত কৰা অভিনয়-কৰ্মৰ বাবেও তেখেত জনাজাত।

সাৱিত্ৰী

১৯৫১ চনত সাৱিত্ৰী
জন্ম নিশংকাৰা সাৰাসাৱানীদেৱী
০৬ ডিচেম্বৰ, ১৯৩৬[1]
চিৰাভাৰু,গুণ্টুৰ জিলা, মাদ্ৰাছ প্ৰদেশ,(বৰ্তমানৰ অন্ধ্ৰ প্ৰদেশ), ভাৰত[1]
মৃত্যু ২৬ ডিচেম্বৰ, ১৯৮১ (৪৫ বছৰ)
মাদ্ৰাছ, তামিল নাডু, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম * মহানতী সাৱিত্ৰী
* নাদীগায়াৰ থিলাগাম
দাম্পত্যসঙ্গী জেমিনি গনেশান (বি. 1952)
বঁটা, সন্মান, পুৰস্কাৰ আদি * ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ
* নন্দী বঁটা

সাৱিত্ৰীয়ে অভিনয় কৰা প্ৰথমখন উল্লেখযোগ্য ছবি আছিল ১৯৫২ চনত মুক্তিলাভ কৰা তেলেগু ছবি পেল্লী চেচ্ছি চুড়ো। তেলেগু ভাষাৰ ছবি চিভাৰাকু মিগিলেড়ি ৰ বাবে ১৯৬০ চনত তেখেতে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰে। ১৯৬৮ চনত তেখেতে তেলেগু ছবি চিন্নাৰি পাপালু পৰিচালনা আৰু প্ৰযোজনা কৰে, যাৰ বাবে তেখেতে ৰাজ্যিক স্তৰত শ্ৰেষ্ঠ কাহিনী-চিত্ৰৰ নন্দী বঁটা (ৰূপৰ) লাভ কৰে। তেখেতক সততে মহানতী! আৰু নদীগায়াৰ থিলগাম বুলি কোৱা হয়।[2]

১৯৯৯ চনত অনুষ্ঠিত ৩০ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ "ছবিক্ষেত্ৰত নাৰী" শিতানত সাৱিত্ৰীক "তৰাৰ মাজত থকা চন্দ্ৰ" সন্মানেৰে বিভূষিত কৰা হয়।[3] ২০১৮ চনত মুক্তিলাভ কৰা তেখেতৰ জীৱন-আধাৰিত ছবি "মহানতী"য়ে সেই বছৰতে মেলবৰ্ণৰ ভাৰতীয় ছবি মহোৎসৱত "ছবিজগতত সমতা বঁটা" অৰ্জন কৰে।[4]

প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক

সাৱিত্ৰীৰ জন্ম হৈছিল বৰ্তমানৰ অন্ধ্ৰ প্ৰদেশস্থিত গুণ্টুৰ জিলাত; ১৯৩৬ চনৰ ৬ ডিচেম্বৰ তাৰিখে।[1] তেখেতেৰ পিতৃ আছিল নিশাংকাৰা গুৰুভায়া আৰু মাতৃ আছিল নিশাংকাৰা শোভদ্ৰামা।[5][6] ছমাহ বয়সতেই তেখেতৰ পিতৃৰ দেহাৱসান হৈছিল। তাৰপাছত মাতৃয়ে তেখেতক জ্যেষ্ঠ ভগ্নী মাৰুতিৰ সৈতে তেখেতৰ খুৰীয়েক আৰু খুৰায়েকৰ ঘৰলৈ লৈ যায়। নৃত্যত সাৱিত্ৰীৰ ৰাপ দেখা পাই তেখেতৰ খুৰায়েক কুমাৰেড্ডী ভেংকটাৰামায়া চৌধুৰীয়ে তেখেতক নৃত্য বিদ্যালয়ত নাম লগাই দিয়ে।[2]

১৯৫২ চনত সাৱিত্ৰীয়ে তামিল অভিনেতা জেমেনি গনেশানৰ লগত বিবাহপাশত আবদ্ধ হয়। ১৯৪৮ চনত তেওঁলোকৰ সাক্ষাৎ হৈছিল। এইখন বিবাহৰ ফলত খুৰায়েকৰ লগত তেখেতৰ স্থায়ী বিচ্ছেদ ঘটে, কিয়নো জেমেনি গনেশান ইতিমধ্যেই বিবাহিত আছিল। জেমেনিৰ চাৰিটা সন্তান আছিল আৰু অভিনেত্ৰী পুষ্পাৱলীৰ লগত এক বিবাহ-বৰ্হিভূত সম্পৰ্ক আছিল।[2] এখন ফটোগ্ৰাফত সাৱিত্ৰীয়ে "সাৱিত্ৰী গণেশ" বুলি হস্তাক্ষৰ কৰাৰ পাছত জেমেনি আৰু সাৱিত্ৰীৰ বিবাহখনৰ বিষয়ে সমাজ অৱগত হ'ল।[7] জেমিনি গনেশানে সাৱিত্ৰীৰ সৈতে বৈবাহিক বান্ধোনত বান্ধ খোৱাৰ সময়ত স্বীকাৰ কৰে যে; পুষ্পাৱলীৰ ফালৰ পৰা তেওঁৰ দুটি সন্তান আছে। আনহাতে সাৱিত্ৰী-জেমেনিৰ সংসাৰলৈ এটি পুত্ৰ আৰু এটি কন্যা সন্তান আহে।[2]

কৰ্মজীৱনসম্পাদনা কৰক

 
২০১১ চনৰ এটা ডাক টিকটত সাৱিত্ৰী

সাৱিত্ৰীয়ে শৈশৱ কালতে কিছুমান নৃত্য-নাটিকাত অভিনয় কৰিছিল। তাৰ লগতে "কোংগাৰা জাগায়া" নামৰ থিয়েটাৰ কোম্পানী এটাৰ লগতো জড়িত আছিল। বোলছবিত কাম কৰাৰ প্ৰত্যাশাৰে বাৰ বছৰ বয়সত তেখেত মাদ্ৰাছলৈ ৰাওনা হৈছিল। অৱশ্যে খুবেই কমবয়সীয়া হোৱা বাবে তেখেতক অভিনেত্ৰীৰ চৰিত্ৰত ৰূপায়ণ কৰিবলৈ দিয়া হোৱা নাছিল। ১৯৫০ চনত "ছামছৰম" নামৰ ছবিত মুখ্য চৰিত্ৰৰ বাবে তেখেতক গ্ৰহণ কৰা হয়। পিছে সাৱিত্ৰী অত্যধিক ভাৱোচ্ছাসত বশৱৰ্তী হোৱাত পৰিচালকে দৃশ্যগ্ৰহণৰ সময়ত কেইবাটাও ৰিটেক ল'বলগা হৈছিল আৰু এসময়ত তেওঁক সেই চৰিত্ৰৰ পৰা আঁতৰাই দিয়া হৈছিল। তেখেতে ছবিখনত নামমাত্ৰহে অভিনয় কৰিবলৈ পালে। পৰৱৰ্তী বছৰ "ৰূপৱতী" আৰু "পাতালা ভৈৰৱী"ত তেখেতে আৰু দুটা সৰু চৰিত্ৰ ৰূপয়ান কৰে। তেখেতে জীৱনৰ প্ৰথমটো সাফল্য লাভ কৰিলে "পেল্লি চেচি চুড়ো"ত কৰা অভিনয়ৰ বাবে। ছবিখনত তেখেতে দ্বিতীয় মুখ্য মহিলা চৰিত্ৰটি ৰূপায়ণ কৰিছিল।[2]

অভিনেত্ৰীৰ বাহিৰেও সাৱিত্ৰীয়ে সমাজত পৰোপকাৰী, অতিথিপৰায়ণতাৰ বাবে জনাজাত আছিল। সম্পত্তি ক্ৰয় কৰা আৰু আ-অলঙ্কাৰ কিনাতো তেওঁৰ চখ আছিল। কিন্তু ব্যয় অথবা খৰচৰ ওপৰত সাৱিত্ৰীৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নাছিল। তেখেতৰ কেৰিয়াৰ ৬০ৰ দশকত নিম্নগামী হ'বলৈ ধৰে। কৰ বিষয়াই আহি তেখেতেৰ ধন-সম্পত্তি বাজেয়াপ্ত কৰে আৰু তেখেতেও অভিনয়লৈ পিঠি দিলে। অথচ কিছুসংখ্যক লোকে কিছুমান অসফল আৰু প্ৰতিশ্ৰুতিহীন ছবি প্ৰযোজনা আৰু পৰিচালনা কৰিবলৈ সাৱিত্ৰীক উৎসাহিত কৰিছিল। আৰ্থিক অচলাৱস্থাৰ সময়ত তেখেতক সহায় কৰা ব্যক্তিৰ ভিতৰত আছিল দাচাৰি নাৰায়ণা ৰাও, যাৰ অধিকাংশ ছবিতেই সাৱিত্ৰীয়ে অভিনয় কৰিছিল; আৰু যিয়ে সাৱিত্ৰীৰ বাবেই ১৯৭৮ চনত "দেৱদাসু মাল্লী পুটাড়ু" ছবিখন নিৰ্মাণ কৰিছিল।[2] সাৱিত্ৰীৰ একমাত্ৰ মালায়ালম ছবিখন আছিল "চুঝী" (১৯৭৩)[8]

তেখেতৰ উল্লেখযোগ্য ছবিৰ ভিতৰত আছে- কালাথুৰ কান্নামা (১৯৫৯), পাছামালাৰ (১৯৬১), পাৱা মান্নিপু (১৯৬১), নৱৰাত্ৰি (১৯৬৪) আৰু থিৰুভিলায়াদাল (১৯৬৫) আদি।

মৃত্যুসম্পাদনা কৰক

১৯টা মাহ কোমাত থকাৰ পাছত মাত্ৰ পঞ্চলিছ বছৰ বয়সতেই ১৯৮১ চনৰ ২৬ ডিচেম্বৰ তাৰিখে সাৱিত্ৰীৰ দেহাৱসান ঘটে। তেখেত উচ্চ ৰক্ত চাপ আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ আছিল।[2][9] ভাৰত চৰকাৰে সাৱিত্ৰীৰ সন্মানাৰ্থে এটা স্মাৰক ডাক টিকট প্ৰৱৰ্তন কৰে।[10]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. 1.0 1.1 1.2 "savitri". https://www.imdb.com/name/nm0767800/bio। আহৰণ কৰা হৈছে: 9 June 2020. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 Kalyanam, Rajesshwari (22 December 2013). "Drama In Real Life". http://www.thehansindia.com/posts/index/2013-12-22/Drama-in-real-life-80115. 
  3. Devipriya (January 1999). "Savitri: A Moon Among Stars". 30th International Film Festival of India '99 (Directorate of Film Festivals): পৃষ্ঠা 150. http://iffi.nic.in/Dff2011/Frm30IIFAAward.aspx?PdfName=30IIFA.pdf. 
  4. "Mahanati: 100 glorious days of an undisputed classic! - in.com". https://www.in.com/entertainment/regional/mahanati-100-glorious-days-of-an-undisputed-classic-184535.htm. 
  5. "Savitri family background". 20 May 2018. https://www.tollywood.net/savitri-mahanati-caste-controversy-a-kamma-or-kapu/amp/। আহৰণ কৰা হৈছে: 25 October 2018. 
  6. "Discussions on Savitri community". 15 May 2018. https://menglish.tupaki.com/article/Discussions-on-Savithri-Community/71039/amp। আহৰণ কৰা হৈছে: 25 October 2018. 
  7. "Star and a versatile actor". প্ৰকাশক Chennai, India: The Hindu. 15 August 2003. http://www.hindu.com/thehindu/fr/2003/08/15/stories/2003081501500300.htm। আহৰণ কৰা হৈছে: 11 July 2011. 
  8. Vijayakumar, B. (12 October 2014). "Chuzhi: 1973". The Hindu. http://www.thehindu.com/features/metroplus/old-is-gold-chuzhi-1973/article6493734.ece। আহৰণ কৰা হৈছে: 1 March 2018. 
  9. Adivi, Sashidhar (26 April 2017). "I never watched amma’s films: Vijaya Chamundeswari". Deccan Chronicle. https://www.deccanchronicle.com/entertainment/tollywood/260417/i-never-watched-ammas-films-vijaya-chamundeswari.html। আহৰণ কৰা হৈছে: 1 March 2018. 
  10. "Stamp depicting Savtri issued by the Government". http://postagestamps.gov.in/Stamps2011.aspx.