সুকৰ্ণ

ইণ্ডোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি

সুকৰ্ণ (জন্ম কুশন সুশ্ৰদিহাৰ্য ) (৬ জুন ১৯০১ – ২১ জুন ১৯৭০) আছিল ইণ্ডোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু নেদাৰলেণ্ডৰ পৰা স্বাধীনতা লাভৰ বাবে সংগঠিত সফল সংগ্ৰামৰ নেতৃত্ব বহনকাৰী। তেওঁ ইণ্ডোনেছিয়ান জাতিৰ জনক হিচাপে স্বীকৃত। তেওঁ ১৯৪৫ চনৰ পৰা ১৯৬৭ চনলৈকে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি আছিল। সুকৰ্ণ ডাচ ঔপনিৱেশিক শাসনৰ সময়ত ইণ্ডোনেছিয়াৰ জাতীয়তাবাদী আন্দোলনৰ এজন বিশিষ্ট নেতা আছিল আৰু এদশকৰো অধিক সময় ৰাজনৈতিক বন্দী হিচাপে ডাচ কাৰাগাৰত বন্দী হৈ আছিল। পিছলৈ জাপানী বাহিনীয়ে ইণ্ডোনেছিয়া আক্ৰমণ কৰাৰ সময়ত তেওঁ আৰু তেওঁৰ সঙ্গীসকলে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে। তেওঁ আৰু তেওঁৰ জাতীয়তাবাদী আন্দোলনকাৰীসকলে জাপানীসকলক যুদ্ধত সহায় কৰিবলৈ এক চুক্তিত উপনীত হয় আৰু বিনিময়ত জাপানী বাহিনীয়ে তেওঁলোকক জাতীয়তাবাদী মনোভাৱ গঢ়ি তুলিবলৈ অনুমতি দিয়ে। জাপানী বাহিনীয়ে আত্মসমৰ্পণৰ পিছত সুকৰ্ণ আৰু মহম্মদ হাতাই ১৯৪৫ চনৰ ১৭ আগষ্টত ইণ্ডোনেছিয়াৰ স্বাধীনতা ঘোষণা কৰে আৰু সুকৰ্ণ প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ১৯৪৯ চনত ডাচসকলে ইণ্ডোনেছিয়াৰ স্বাধীনতাক স্বীকৃতি নিদিয়ালৈকে সুকৰ্ণই জনসাধাৰণক একত্ৰিত কৰি কূটনৈতিক আৰু সামৰিক প্ৰচেষ্টাত পুনৰ ডাচ উপনিৱেশ স্থাপনৰ চেষ্টাক বিফল কৰে। সংসদীয় গণতন্ত্ৰই বিশৃংখল সময়ৰ মাজেৰে পাৰ হোৱাৰ পিছত ১৯৫৯ চনত সুকৰ্ণই নিৰ্দেশিত গণতন্ত্ৰ নামৰ এক স্বৈৰাচাৰী ব্যৱস্থা প্ৰতিষ্ঠা কৰে। ১৯৬০ চনৰ আৰম্ভণিতে দেখা গ’ল যে সুকৰ্ণই দেশৰ পৰিচালনাক এক নতুন দিগন্তলৈ লৈ গৈছে। সুকৰ্ণই ছোভিয়েট ইউনিয়ন আৰু চীনৰ পৰা সাম্ৰাজ্যবাদ বিৰোধী কিছুমান আমূল বৈদেশিক নীতি প্ৰৱৰ্তন কৰে।

সুকৰ্ণ

Official portrait, 1949
ইণ্ডোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি
ব্যক্তিগত তথ্য
জন্ম
কুশন সুশ্ৰদিহাৰ্য

৬ জুন, ১৯০১
Soerabaja, Dutch East Indies [1]
মৃত্যু ২১ জুন, ১৯৭০ (৬৯ বছৰ)
জাকাৰ্টা, ইণ্ডোনেছিয়া
দাম্পত্যসঙ্গী ১১ জনী
সন্তান ১৪ জন (ৰুক্মিণী সুকৰ্ণপুত্ৰী, মেগাৱতী সুকৰ্ণপুত্ৰী, ৰাচমাৱতী সুকৰ্ণপুত্ৰী, সুক্মাৱতী সুকৰ্ণপুত্ৰী, গুৰুহ সুকৰ্ণপুত্ৰ আদি)
মাতৃ ইডা আয়ু ন্যোমান ৰায়
পিতৃ ছ'কেমি ছ'ছৰ'ডিহাৰ্ডজো
শিক্ষানুষ্ঠান বাণ্ডুং ইনষ্টিটিউট অৱ টেকন’লজি
স্বাক্ষৰ

তথ্যসূত্ৰ

সম্পাদনা কৰক
  • Kahin, Audrey R. and George McT. "Subversion as Foreign Policy: The Secret Eisenhower and Dulles Debacle in Indonesia", The New Press, 1995.
  • Blum, William. Killing Hope: US Military and CIA Interventions Since World War II, Black Rose, 1998, pp. 193–198
  • U.S. Central Intelligence Agency, Research Study: Indonesia—The Coup that Backfired, 1968, p. 71n.
  • Bob Hering, 2001, Soekarno, architect of a nation, 1901–1970, KIT Publishers Amsterdam, সাঁচ:আইএসবিএন, KITLV Leiden, সাঁচ:আইএসবিএন
  • Oei Tjoe Tat, 1995, Memoar Oei Tjoe Tat: Pembantu Presiden Soekarno(The memoir of Oei Tjoe Tat, assistant to President Sukarno), Hasta Mitra, সাঁচ:আইএসবিএন (banned in Indonesia)
  • Lambert J. Giebels, 1999, Soekarno. Nederlandsch onderdaan. Biografie 1901–1950. Biography part 1, Bert Bakker Amsterdam, সাঁচ:আইএসবিএন
  • Lambert J. Giebels, 2001, Soekarno. President, 1950–1970, Biography part 2, Bert Bakker Amsterdam, সাঁচ:আইএসবিএন geb., সাঁচ:আইএসবিএন pbk.
  • Lambert J. Giebels, 2005, De stille genocide: de fatale gebeurtenissen rond de val van de Indonesische president Soekarno, সাঁচ:আইএসবিএন
  • Legge, John David. Sukarno: A Political Biography
  • সাঁচ:বই উদ্ধৃতি
  • Panitia Nasional Penyelenggara Peringatan HUT Kemerdekaan RI ke-XXX (National Committee on 30th Indonesian Independence Anniversary), 1979, 30 Tahun Indonesia Merdeka (I: 1945-1949) (30 Years of Independent Indonesia (Part I:1945-1949), Tira Pustaka, Jakarta
  1. A. Setiadi (2013), Soekarno Bapak Bangsa, Yogyakarta: Palapa, pp.21.