সুগন্ধি পখিলা অসমৰ এগৰাকী কবি হীৰেন ভট্টাচাৰ্যৰ স্ব-নিৰ্বাচিত এলানি কবিতাৰ সংকলন। বনলতা প্ৰকাশনৰ বেনাৰত কবিতা পুথিখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮১ চনৰ ২০ মাৰ্চত। ২০০৭ চনৰ পুথিখনৰ ত্ৰয়োদশ প্ৰকাশলৈকে কবিগৰাকীয়ে ১৯৫৭ চনৰ পৰা ১৯৮৩ চনলৈকে বিভিন্ন সময়ত লিখা মুঠ ১৩৮ টা কবিতা ইয়াত সন্নিৱিষ্ট হৈছে। 'ৰৌদ্ৰকামনা', 'মোৰ দেশ', 'আহিনৰ লেণ্ডস্কেপ', 'কতনা ব'হাগ', 'ভোগালি' আদি ভালেমান কবিতা সংকলনটিত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰচ্ছদ সজ্জা শিল্পী ননী বৰপূজাৰী[1]

সুগন্ধি পখিলা  
cover
সুগন্ধি পখিলাৰ বেটুপাত
লেখক হীৰেন ভট্টাচাৰ্য
প্ৰচ্ছদ শিল্পী ননী বৰপূজাৰী
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ কবিতা
প্ৰকাশক বনলতা প্ৰকাশন
প্ৰকাশ ২০ মাৰ্চ, ১৯৮১
মিডিয়া প্ৰকাৰ মুদ্ৰণ

লেখকৰ পৰিচয় সম্পাদনা কৰক

হীৰেন ভট্টাচাৰ্য (ইংৰাজী: Hiren Bhattacharyaa, জন্ম:১৯৩২ - মৃত্যু:৪ জুলাই, ২০১২)অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি। তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি আৰু বাংলা ভাষাত ২ খনকৈ কবিতা পুথি প্ৰকাশ পাইছে। ইয়াৰ উপৰিও অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে। তেখেতে ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ'ল হীৰুদা। তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে।

পুৰস্কাৰ সম্পাদনা কৰক

সুগন্ধি পখিলাৰ জৰিয়তে ভট্টাচাৰ্যই ১৯৮৫ চনত অসম সাহিত্য সভাৰ 'বিষ্ণু ৰাভা বঁটা' আৰু ভাৰতীয় বিদ্যা ভৱনৰ 'ৰাজাজী সাহিত্য পুৰস্কাৰ' লাভ কৰিছিল। ১৯৮৭ চনত 'ছোভিয়েট দেশ নেহৰু বঁটা'ৰে সন্মানিত হৈছিল।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. কাব্যগ্ৰন্থ: সুগন্ধি পখিলা, কবি: হীৰেন ভট্টাচাৰ্য