সুনীল কোঠাৰী (ইংৰাজী: Sunil Kothari, ২০ ডিচেম্বৰ ১৯৩৩ – ২৭ ডিচেম্বৰ ২০২০)[1] এগৰাকী ভাৰতীয় নৃত্য ইতিহাসবিদ, বিদ্বান আৰু সমালোচক। তেওঁ কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ উদয় শংকৰ আসনৰ অধ্যাপক আছিল।[2]

সুনীল কোঠাৰী

২০১৫ চনত সুনীল কোঠাৰী
জন্ম ২০ ডিচেম্বৰ, ১৯৩৩
মৃত্যু ২৭ ডিচেম্বৰ, ২০২০ (৮৭ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা শাস্ত্ৰীয় নৃত্য সমালোচনা
সক্ৰিয় হৈ থকা সময় ১৯৫৬ – ২০২০
জনা যায় ভাৰতীয় শাস্ত্ৰীয় নৃত্য
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী, ২০০১
সংগীত নাটক একাডেমী বঁটা, ১৯৯৫
ৱেবছাইট
www.sunilkothari.com

কৰ্মজীৱন সম্পাদনা কৰক

তেওঁ ১৯৬৪ চনত এম.এ. আৰু ১৯৭৭ চনত পি.এইচ.ডি. সম্পূৰ্ণ কৰে। পেছাদাৰীভাৱে, সুনীল কোঠাৰী এগৰাকী ৰাজকীয় সদনপ্ৰাপ্ত হিচাপবিদ বা চাৰ্টাৰ্ড একাউনটেণ্ট। তেওঁ 'দ্য টাইমছ অফ ইণ্ডিয়া' বাতৰি-কাকতৰ সৈতে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ চিডিনহাম কলেজ অফ কমাৰ্চ এণ্ড ইকনমিক্সত শিক্ষকতা কৰিছিল। তাৰপিছত তেওঁ কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ উদয় শংকৰ আসনৰ অধ্যাপক আছিল। ইয়াৰ মাজে-সময়ে তেওঁ লিখা-মেলাও কৰিছিল। তেওঁ নতুন দিল্লীৰ এছিয়ান গেমছ ভিলেজত বাস কৰিছিল।[3][4]

তথ্য উৎস সম্পাদনা কৰক