সুস্মিতা বেনাৰ্জী
চৈয়দা কমলা (পূৰ্বৰ নাম : সুস্মিতা বেনাৰ্জী বা সুস্মিতা বন্দোপাধ্যায়;[1] মৃত্যু: ৪ অথবা ৫ ছেপ্টেম্বৰ ২০১৩) এগৰাকী বঙালী লেখিকা। তেওঁৰ জন্ম হৈছিল কলকাতাত। তেওঁ ১৯৯৭ চনত 'কাবুলীৱালাৰ বাঙালী বৌ' (ইংৰাজী: A Kabuliwala's Bengali Wife; অসমীয়া: কাবুলীৱালাৰ বঙালী স্ত্ৰী) নামৰ বিখ্যাত স্মৃতি কাহিনী লিখিছিল।[2] এই গ্ৰন্থখনত তেওঁ বিবাহ সূত্ৰে আফগানিস্তানৰ বোৱাৰী হোৱাৰ পিছত তালিবানৰ শাসনকালত আফগানিস্তানত হোৱা তেওঁৰ অভিজ্ঞতা সম্পৰ্কে বৰ্ণনা কৰিছে। এই সঁচা কাহিনীভাগৰ ওপৰত ভিত্তি কৰিয়েই Escape from Taliban নামৰ এখন বলিউডৰ চলচ্চিত্ৰ মুক্তি পাইছিল। ২০১৩ চনৰ ৪ ছেপ্টেম্বৰৰ সন্ধ্যা অথবা ৫ ছেপ্টেম্বৰৰ কাহিলী পুৱা ৪৯ বছৰ সময়ত তেওঁ আফগানিস্তানৰ পক্তিকা প্ৰভিন্সৰ নিজা ঘৰৰ সম্মুখত সন্দেহযুক্ত তালিবান উগ্ৰবাদীৰ হাতত নিহত হয়।[3]
সুস্মিতা বেনাৰ্জী | |
---|---|
সুস্মিতা বেনাৰ্জীৰ আলোকচিত্ৰ | |
জন্ম | কলকাতা (পূৰ্বৰ কলিকতা), ভাৰত |
মৃত্যু | ছেপ্টেম্বৰ ২০১৩ (বয়স ৪৮–৪৯) পক্তিকা প্ৰভিন্স, আফগানিস্তান |
উল্লেখনীয় কৰ্মৰাজি | কাবুলীৱালাৰ বাঙালী বৌ |
দাম্পত্যসংগী | জানবায খান |
জীৱন
সম্পাদনা কৰকছৈয়দা কমলা ভাৰতৰ কলকাতা (তেতিয়াৰ কলিকতা)ৰ এটা হিন্দু ব্ৰাহ্মণ পৰিয়ালত জন্ম হৈছিল। ১৯৮৮ চনৰ ২ জুলাই তাৰিখে তেওঁ আফগানী ব্যৱসায়ী জানবাজ খানক গোপনে কলকাতাত বিয়া কৰায়।[2] অন্য ধৰ্মৰ ব্যক্তিৰ সৈতে হোৱা বিবাহ পৰিয়ালত গ্ৰহণযোগ্য নোহোৱাৰ ভয়ত এই বিবাহ গোপনে ৰাখিছিল। তেওঁৰ পিতৃ-মাতৃয়ে যেতিয়া তেওঁক বিবাহ বিচ্ছেদ কৰিবলৈ পৰামৰ্শ দিলে তেওঁ খানৰ সৈতে আফগানিস্তানলৈ পলাই গুচি যায়।[2] আফগানিস্তান গৈ পাই তেওঁ স্বামীক শয্যাত তেওঁৰ গুলগুটি নামৰ প্ৰথম পত্নীৰ সৈতে আৱিষ্কাৰ কৰে আৰু তেতিয়াহে তেওঁ জ্ঞাত হয় যে তেওঁৰ স্বামী ইতিমধ্যে বিবাহিত।[1] বাকৰুদ্ধ হোৱা স্বত্তেও তেওঁ পাতিয়া গাঁৱত থকা খানৰ পুৰণি ঘৰত তিনিজন দেওৰ আৰু তেওঁলোকৰ পত্নী, গুলগুটি আৰু গুলগুটিৰ সন্তানৰ সৈতে থাকিবলৈ লয়।[2][1] পিছত খানে কলকাতাত নিজৰ ব্যৱসায় চলাবলৈ ঘূৰি আহে যদিও ছৈয়দা আহিব নোৱাৰিলে।[2] ছৈয়দা এগৰাকী প্ৰশিক্ষিত নাৰীৰোগ বিষয়ৰ নাৰ্ছ আছিল। সেয়ে তেওঁ গাঁৱৰ মহিলাসকলৰ সহায়ৰ উদ্দেশ্যে এখন ক্লিনিক স্থাপন কৰে।
আফগানিস্তানত তালিবানৰ ক্ষমতা বৃদ্ধি পোৱাৰ লগে লগে ছৈয়দাই দেশখনত মৌলবাদীৰ প্ৰভাৱত হোৱা অত্যাচাৰ প্ৰত্যক্ষ কৰিবলৈ ধৰে।[2] ২০০৩ চনৰ এটা সাক্ষাৎকাৰত ছৈয়দাই কৈছিল যে, বিশেষকৈ মহিলাসকলৰ অৱস্থা দিনে দিনে শোচনীয় হৈ পৰিছিল। মহিলাসকলক কেৱল নিজৰ পৰিয়ালৰ বাদে আন পুৰুষৰ সৈতে বাৰ্তালাপ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, তেওঁলোকক ঘৰৰ বাহিৰলৈ যাবলৈ বাধা দিয়া হৈছিল। বিদ্যালয়, মহাবিদ্যালয় আৰু চিকিৎসালয়সমূহ বন্ধ কৰি দিয়া হৈছিল।[2] তালিবানৰ মানুহে ১৯৯৫ চনৰ মে' মাহত তেওঁৰ ক্লিনিকখন আৱিষ্কাৰ কৰে আৰু ইয়াৰ অপৰাধত তেওঁক কঠোৰ শাৰীৰিক শাস্তি প্ৰদান কৰে।[2]
ছৈয়দাই আফগানিস্তানৰ পৰা পলাবলৈ কৰা চেষ্টা দুবাৰ বিফল হৈছিল।[2] তেওঁ ধৰা পৰিছিল আৰু গাঁৱৰ ঘৰত তেওঁক গৃহবন্দী কৰি ৰখা হৈছিল। তেওঁৰ বিৰুদ্ধে এক ফটোৱা জাৰি কৰা হৈছিল আৰু ১৯৯৫ চনৰ ২২ জুলাই তাৰিখে তেওঁৰ মৃত্যুদণ্ডৰ দিন স্থিৰ কৰা হৈছিল।[2] গাঁৱৰ এজন মুখীয়ালৰ সাহাৰ্যত তেওঁ গাঁৱৰ পৰা পলায় আৰু এইদৰে পলাওঁতে তেওঁ এ.কে.-৪৭ ৰাইফলেৰে তিনিটা তালিবানৰ মানুহক হত্যা কৰিছিল।[2] শেষত তেওঁ কাবুলত উপস্থিত হৈ তাৰ পৰা বিমানেৰে ১৯৯৫ চনৰ ১২ আগষ্ট তাৰিখে কলকাতাত আহি উপস্থিত হয়।[2]
তেওঁ ভাৰতত ২০১৩ চনলৈকে থাকি কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰিছিল। আফগানিস্তানলৈ ঘূৰি গৈ তেওঁ পক্তিকা প্ৰভিন্সত স্বাস্থ্য কৰ্মী হিচাপে কাম কৰিছিল আৰু ইয়াৰ লগতে তাৰ মহিলাসকলৰ অৱস্থা চিত্ৰায়নৰ কাম আৰম্ভ কৰিছিল।[1]
মৃত্যু
সম্পাদনা কৰকআফগান পুলিচৰ তথ্য অনুসাৰে, সন্দেহযুক্ত তালিবান উগ্ৰবাদীয়ে পক্তিকা প্ৰভিন্সত থকা ছৈয়দাৰ ঘৰত ৪ ছেপ্টেম্বৰৰ নিশা বলপূৰ্বক ভাৱে প্ৰৱেশ কৰে। সিহঁতে ছৈয়দাৰ স্বামীক বান্ধি থৈ ছৈয়দাক লগত লৈ উধাও হয়। প্ৰভিন্সৰ ৰাজধানী শাৰানাৰ সমীপৱৰ্তী দাঁতিকাষৰীয়া এলেকাৰ এখন মাদ্ৰাছাৰ ওচৰত পিছদিনা কাহিলী পুৱা তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।[3][3] আৰক্ষীৰ সূত্ৰ অনুসাৰে ছৈয়দাৰ হত্যাৰৰ কাৰণ কেইবাটাও হ'ব পাৰে- তেওঁৰ গ্ৰন্থসমূহ, সেই অঞ্চলত তেওঁৰ সমাজসেৱা, অথবা তেওঁৰ ভাৰতীয় পৰিচয়ৰ বাবেও হত্যাৰ বলি হ'ব পাৰে।[3] তালিবানে অৱশ্যে এই হত্যাৰ দায়িত্ব অস্বীকাৰ কৰিছে।[4]
গ্ৰন্থ
সম্পাদনা কৰকছৈয়দাই ১৯৯৫ চনত 'কাবুলীৱালাৰ বাঙালী বৌ' (A Kabuliwala's Bengali Wife) নামৰ এখন গ্ৰন্থ লিখি উলিয়াইছিল। এই গ্ৰন্থত তেওঁৰ এজন আফগান ব্যৱসায়ী জানবাজ খানৰ সৈতে হোৱা প্ৰেম বিবাহ, ১৯৮৯ চনত তেওঁৰ আফগানিস্তান যাত্ৰা, তালিবানী প্ৰশাসনৰ আমোলত তেওঁৰ দুৰ্দশা আৰু পৰৱৰ্তী সময়ত তেওঁৰ কলকাতালৈ পলায়ন- এই সকলো কাহিনী বৰ্ণিত হৈছে।[3] ২০০৩ চনত এই কাহিনীভাগৰ ওপৰত ভিত্তি কৰি Escape from Taliban নামৰ এখন চলচ্চিত্ৰ বলিউডত নিৰ্মিত হৈছিল।
তেওঁ 'তালিবানী অত্যাচাৰ- দেশে ও বিদেশে' (Taliban atrocities in Afghanistan and Abroad), 'মোল্লা ওমৰ, তালিবান ও আমি' (Mullah Omar, Taliban and I, ২০০০), 'এক বৰ্ণ মিথ্যা নয়' (Not a Word is a Lie, ২০০১) আৰু 'সভ্যতাৰ শেষ পূণ্যবাণী' (The Swansong of Civilisation) নামৰ গ্ৰন্থকেইখনো ৰচনা কৰিছিল।[5][6]
তথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 "Indian author Sushmita Banerjee executed in Afghanistan by Taliban". The Times of India. 5 September 2013. http://timesofindia.indiatimes.com/india/Indian-author-Sushmita-Banerjee-executed-in-Afghanistan-by-Taliban/articleshow/22349517.cms। আহৰণ কৰা হৈছে: 5 September 2013.
- ↑ 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 "Exclusive: Knowing Sushmita Banerjee". Rediff.com. 5 September 2013. http://www.rediff.com/movies/interview/exclusive-just-who-is-susmita-banerjee/20130905.htm। আহৰণ কৰা হৈছে: 5 September 2013.
- ↑ 3.0 3.1 3.2 3.3 3.4 Narayan, Chandrika; Popalzai, Masoud (5 September 2013). "Afghan militants target, kill female author, police say". CNN. http://www.cnn.com/2013/09/05/world/asia/afghanistan-indian-author-killed/index.html?hpt=hp_t2। আহৰণ কৰা হৈছে: 5 September 2013.
- ↑ "Indian diarist Sushmita Banerjee shot dead in Afghanistan". BBC News. 5 September 2013. http://www.bbc.co.uk/news/world-asia-india-23968427.
- ↑ Mitra, Sumit (October 22, 2001). "On hostile tract : Tales of Taliban barbarism by Afghan's Bengali wife become a bestseller, being filmed". India Today. http://indiatoday.intoday.in/story/tales-of-taliban-barbarism-by-afghans-bengali-wife-become-a-bestseller-being-filmed/1/231484.html.
- ↑ "Kabuliwala’s wife turns director". The Times of India. 15 May 2002. Archived from the original on 29 June 2012. https://web.archive.org/web/20120629100427/http://articles.timesofindia.indiatimes.com/2002-05-15/kolkata/27135718_1_omar-s-taliban-taliban-leader-mullah-omar। আহৰণ কৰা হৈছে: 5 September 2013.