সুৰেখা শংকৰ যাদৱ জন্মসূত্ৰে সুৰেখা ৰামচন্দ্ৰ ভোছালে (জন্ম ২ ছেপ্টেম্বৰ ১৯৬৫) হৈছে ভাৰতীয় ৰে'লসেৱাৰ জ্যেষ্ঠ-সৰ্বাধিক মহিলা লোকপাইলট (ট্ৰেইন চালক)।[1][2]তেওঁ ১৯৮৮ চনত ভাৰতৰ প্ৰথম মহিলা ৰেল চালক হৈছিল।২০০০ চনৰ এপ্ৰিল মাহত তদানীন্তন ৰে'লমন্ত্ৰী মমতা বেনাৰ্জীয়ে চাৰিখন মেট্ৰ' চহৰত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰাৰ সময়ত তেওঁ কেন্দ্ৰীয় ৰেলৱেৰ বাবে প্ৰথম "লেডিজ স্পেচিয়েল" নামৰ এখন বিশেষ স্থানীয় ৰেল চলাইছিল।[3][4] ২০০০ চনৰ পৰা ২০১০ চনলৈকে তেওঁ উপনগৰীয়া স্থানীয় ৰেল মটৰ মহিলা আছিল।তাৰ পিছত ২০১০ চনত তেওঁ ছিনিয়ৰ লোকো পাইলট মেইললৈ পদোন্নতি লাভ কৰে।তেওঁৰ কেৰিয়াৰৰ এটা গুৰুত্বপূৰ্ণ পৰিঘটনা সংঘটিত হৈছিল ২০১১ চনৰ ৮ মাৰ্চৰ, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত,যেতিয়া তেওঁ পুনেৰ পৰা মুম্বাইৰ চিএছটিলৈ কঠিন কিন্তু মনোৰম ভৌগোলিক অৱস্থাৰ মাজেৰে ডেক্কান কুইন নামৰ ৰেলখন চলাই লৈ যোৱা এছিয়াৰ প্ৰথম মহিলা ৰেল চালক হিচাপে পৰিগণিত হৈছিল,[3][5][6]য'ত তেওঁক মুম্বাইৰ তদানীন্তন মেয়ৰ শ্ৰদ্ধা যাদৱে কেন্দ্ৰীয় ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় চিএছটিত আদৰণি জনাইছিল।দহ বছৰৰ পাছত মুম্বাইৰ পৰা লক্ষ্ণৌলৈ সৰ্বমহিলা ক্ৰু গাড়ী চলাই তেওঁ এই কৃতিত্ব পুনৰাবৃত্তি কৰে।[6][7] ২০১১ চনত এটা সচৰাচৰ শুনা মন্তব্য আছিল এয়ে যে "মহিলাসকলে ৰেলইঞ্জিন নচলায়"।[1]

সুৰেখা যাদৱ
জন্ম সুৰেখা আৰ ভোছালে
২ ছেপ্টেম্বৰ, ১৯৬৫ (৫৯ বছৰ)
সতৰা, মহাৰাষ্ট্ৰ, ভাৰত
নিয়োগকৰ্তা ভৰতীয় ৰেল , চি এছ টি এম কেন্দ্ৰীয় ৰেলৱে .
জনা যায় ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰে'লচালক (ল'ক' পাইলট) হিচাপে জনাজাত
দাম্পত্যসঙ্গী শংকৰ যাদৱ
পিতৃ-মাতৃ সোনাবাই আৰু ৰামচন্দ্ৰ ভোছালে
সন্তান

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

১৯৬৫ চনৰ ২ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ সতাৰাত সোণাবাই আৰু ৰামচন্দ্ৰ ভোছালেৰ ঘৰত জন্মগ্ৰহণ কৰিছিল সুৰেখাই। তেওঁৰ পিতৃ প্ৰয়াত ৰামচন্দ্ৰ ভোছালে আছিল এজন খেতিয়ক; তেওঁৰ পাঁচটা সন্তানৰ ভিতৰত সুৰেখাই ডাঙৰ।[8]সতৰাৰ ছেইণ্ট পল কনভেণ্ট হাইস্কুলত তেওঁৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ পশ্চিম মহাৰাষ্ট্ৰৰ সতৰা জিলাৰ কাৰাডৰ চৰকাৰী পলিটেকনিকত নামভৰ্তি কৰে আৰু তাৰ পৰাই বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগত ডিপ্লমা ডিগ্ৰী লাভ কৰে।[2][9]তেখেতে গণিতত (B.Sc.) স্নাতক ডিগ্ৰী আৰু শিক্ষা স্নাতক ডিগ্ৰীৰে(বি.এড.) শিক্ষয়িত্ৰী হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছিল যদিও সেই সময়তে ভাৰতীয় ৰেলত চাকৰিৰ সুযোগে তেওঁৰ পৰৱৰ্তী অধ্যয়নৰ সমাপ্তি ঘটাইছিল।[8]

পেছাগত জীৱন

সম্পাদনা কৰক

১৯৮৭ চনত মুম্বাইৰ ৰে’লৱে নিযুক্তি ব’ৰ্ডে সুৰেখা ভোছালেৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে। নিযুক্ত পৰীক্ষাত নিৰ্বাচিত হৈ তেওঁ কেন্দ্ৰীয় ৰেলৱেত ১৯৮৬ চনত কল্যাণ প্ৰশিক্ষণ বিদ্যালয়ত প্ৰশিক্ষাৰ্থী সহকাৰী চালক হিচাপে যোগদান কৰে আৰু তাতেই তেওঁক ছমাহৰ প্ৰশিক্ষণ দিয়া হয়।[9][10][9]১৯৮৯ চনত তেওঁ নিয়মীয়া সহকাৰী চালক হিচাপে কাম কৰে।[7] তেওঁ ৱাডি বান্দৰ আৰু কল্যাণৰ মাজত চলাচল কৰা স্থানীয় মালবাহী ৰে’ল চলায় আৰু ৰে’লৰ ইঞ্জিন পৰীক্ষণ আৰু সংকেত প্ৰদানকে ধৰি সকলো আনুষংগিক কামসমূহ চম্ভালে।[8][9] ১৯৯৬ চনত মালবাহী ৰেল চালক হিচাপে নিৰ্বাচিত হৈ ১৯৯৮ চনত সম্পূৰ্ণ সামগ্ৰী ৰেল চালক হিচাপে নিৰ্বাচিত হয়।২০১০ চনত পশ্চিম ঘাট পৰ্বতমালা ৰেলৱেৰ পৰ্বতমালা ৰেল লাইনৰ চালক হয়।তেওঁ ডেক্কান কুইন চলোৱা এছিয়া মহাদেশৰ প্ৰথমগৰাকী মহিলা (motor woman)। ।[11]তেওঁ মহাৰাষ্ট্ৰৰ পাহাৰীয়া এলেকাত ৰে’ল চলোৱাৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি দুটা ইঞ্জিনযুক্ত যাত্ৰীবাহী ৰে’ল চলাইছিল।তাই কৈছিল যে "যিহেতু মই একমাত্ৰ মহিলা আছিলোঁ,সেয়ে তেওঁলোক মই এইটো কৰিব পাৰিম নে নকৰো সেই লৈ কৌতূহলী হৈ পৰিছিল"।[4]এজন সহকাৰী চালক হিচাপে, তাই শ্বাণ্টাৰসমূহ (shunters) চলাইছিল।[2] ২০১১ চনৰ মে' মাহত তেওঁক এক্সপ্ৰেছ ৰেলৰ চালক হিচাপে পদোন্নতি দিয়া হৈছিল।মটৰমেনৰ কেবিনত এগৰাকী মহিলা থকা দৃশ‌্যটোৱে বহু লোকৰেই মনোযোগ আকৰ্ষণ কৰিছিল আৰু একাংশ গুণমুগ্ধই তেওঁৰ অটোগ্ৰাফ বিচাৰিছিল।[9] [3]তেওঁ বৰ্তমান ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ (কল্যাণ)ৰ এজন জ্যেষ্ঠ প্ৰশিক্ষক।

যেতিয়া তেওঁ ভাৰতীয় ৰেলত কাম কৰা আৰম্ভ কৰিছিল, তেওঁ উপলব্ধি কৰিছিল যে তেওঁৱেই আছিল ভাৰতীয় ৰেলত কাম কৰা একমাত্ৰ মহিলা। আন মহিলাসকলো তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল, আৰু ২০১১ চনত উপনগৰীয় ৰেল আৰু মালবাহী ৰেল পৰিচালনা কৰা ৫০ গৰাকী মহিলা লোকোমোটিভ চালকে শ্বাণ্টাৰ বা সহকাৰী চালকৰূপেও যোগদান কৰিছিল।[5]মুম্বাইত ৰেল চালক হিচাপে কেৰিয়াৰ গঢ়ি তোলাৰ সময়ত তেওঁ পৰিয়াল, বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিছিল আৰু মহিলা হিচাপে তেওঁ কোনো ধৰণৰ বৈষম্যৰ সন্মুখীন হোৱা নাছিল বুলি তেওঁ জানিবলৈ দিয়ে।তেওঁ সম্পূৰ্ণ মনৰ উপস্থিত বুদ্ধিৰে সুৰক্ষিতভাৱে ৰেল চলাবলৈ সমৰ্পিত, কিয়নো সম্ভাৱ্য যান্ত্ৰিক সমস্যা, চেইন-টানি নিয়া, পথ বন্ধ (rasta rokos) (ৰেল বন্ধ কৰিবলৈ বা পথ অৱৰোধ কৰিবলৈ ভাৰতত কৰা এক প্ৰকাৰৰ প্ৰতিবাদ), আৰু হঠাতে ৰেলৰ চিৰি পাৰ হোৱা লোক বা জন্তুৱে বিপদাশংকাৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে সঠিক চিন্তা, তৎক্ষণাৎ আৰু দ্ৰুত পদক্ষেপৰ প্ৰয়োজন।[7][12]তেওঁৰ দ্বাৰা কেতিয়াও ৰে'ল দুৰ্ঘটনাৰ সূচনা হোৱা নাই।[8]বৰ্তমানলৈকে তেওঁ বহু প্ৰকাৰৰ ৰেল যেনে স্থানীয় উপনগৰীয় ৰেল,যমজ ইঞ্জিনযুক্ত ঘাট ৰেল (পশ্চিম ঘাটত পাহাৰীয়া শাখাৰ ৰেল), মালবাহী আৰু মেইল এক্সপ্ৰেছ ৰেল[5][13] চলোৱাৰ উপৰিও তেওঁ দিনে দহ ঘণ্টাকৈ কাম কৰে।[4] তেখেতৰ উদ্দেশ্য হৈছে এখন দীৰ্ঘ দূৰত্বৰ যাত্ৰীবাহী ৰে'ল চলোৱা।[9]ইভ-টিজিঙৰ বিষয়ে জানিবলৈ তেখেতে কিছুমান কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছে।[4]

১৯৯১ চনত যাদৱে হাম ভি কিচিছে কম নহী নামৰ দূৰদৰ্শনৰ এখন ধাৰাবাহিকত অভিনয় কৰিছিল (আমি কোনোতকৈ দ্বিতীয় নহয়)।এগৰাকী মহিলা ৰেল চালকৰ ভূমিকাত অভিনয় কৰাৰ বাবে তেওঁ কেইবাটাও সংগঠনৰ পৰা প্ৰশংসা লাভ কৰিছিল।[2]


২০২১ চনত তেওঁ ৰেল মহিলা কৰ্মচাৰীসকলক সৈতে একেলগে মুম্বাইৰ পৰা লক্ষ্ণৌলৈ এখন বিশেষ ৰে’ল চলাই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপনৰ কৰিছিল।[14]

২০২৩ চনৰ ১৩ মাৰ্চ সোমবাৰে তেওঁ অৰ্ধ-উচ্চ গতিৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰেলখন চলোৱা প্ৰথম মহিলা চালক আছিল; তেখেতে সোলাপুৰৰ পৰা ছাত্ৰপতি শিৱাজী টাৰ্মিনাছলৈ প্ৰায় ৪৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল।[15]

২০২৩ চনৰ ১৪ মাৰ্চ মঙলবাৰে সুৰেখাই বন্দে ভাৰত এক্সপ্ৰেছখন চলাই চি এছ এম টিৰ পৰা লৈ সোলাপুৰলৈ যায়।

২০২৩ চনৰ ২৬ মাৰ্চ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কি বাতৰ ৯৯ তম খণ্ডত সুৰেখা যাদৱৰ কথা উল্লেখ কৰি মেক ইন ইণ্ডিয়া বন্দে ভাৰত ৰেল ১৮ চলোৱা প্ৰথম মহিলা হোৱা আৰু তেওঁৰ দীঘলীয়া সেৱাৰ অনান্য শিতানত প্ৰথম স্থান লাভ কৰাৰ বাবে তেওঁৰ শলাগ লৈছিল।

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

১৯৯০ চনত মহাৰাষ্ট্ৰ চৰকাৰৰ আৰক্ষী পৰিদৰ্শক শংকৰ যাদৱৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়।[16] তেওঁলোকৰ দুজন পুত্ৰ সন্তান আছে।[9][16]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 & Rights 2001, পৃষ্ঠা. 185.
  2. 2.0 2.1 2.2 2.3 Hanshaw 2003, পৃষ্ঠা. 96.
  3. 3.0 3.1 3.2 "Bold, Bindaas And Successful". Cityplus. 10 March 2011. http://cityplus.jagran.com/city-news/bold-bindaas-and-successful_1299736955.html. 
  4. 4.0 4.1 4.2 4.3 "Indian Female Engine Loco Drivers". scientificindians.com. Archived from the original on 2015-04-02. https://web.archive.org/web/20150402135245/http://www.scientificindians.com/hall-of-fame/people/indian-female-engine-loco-drivers। আহৰণ কৰা হৈছে: 2024-03-13. 
  5. 5.0 5.1 5.2 "Realigning the tracks". The Hindu. 8 January 2013. http://www.thehindu.com/news/cities/Delhi/realigning-the-tracks/article4283366.ece. 
  6. 6.0 6.1 "Mumbai Western Railway believes in woman-power". DNAIndia. 9 March 2011. http://www.dnaindia.com/mumbai/report-mumbai-western-railway-believes-in-woman-power-1517476. 
  7. 7.0 7.1 7.2 Costa, Roana Maria (8 March 2011). "Asia's first motor woman to pilot Deccan Queen". The Times of India. http://timesofindia.indiatimes.com/city/mumbai/Asias-first-motorwoman-to-pilot-Deccan-Queen/articleshow/7650938.cms. 
  8. 8.0 8.1 8.2 8.3 Nair, Sulekha (31 May 2000). "The woman in the engine". The Indian Express. http://expressindia.indianexpress.com/fe/daily/20000531/faf28061.html. 
  9. 9.0 9.1 9.2 9.3 9.4 9.5 9.6 "Railwaywomen Around The World - A selection of press cuttings - India: Surekha Yadav (source: The Financial Express)". Hastings Press. 2001. http://www.hastingspress.co.uk/railwaywomen/world.html. 
  10. Book 2006, পৃষ্ঠা. 230.
  11. Roana Maria Costa (Mar 8, 2011). "Asia's first motorwoman to pilot Deccan Queen | Mumbai News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/mumbai/Asias-first-motorwoman-to-pilot-Deccan-Queen/articleshow/7650938.cms। আহৰণ কৰা হৈছে: 2021-01-20. 
  12. "Driving 45,000 people to work Surekha YADAV (44) Train Driver, Mumbai". The Times of India epaper. 7 March 2010. http://epaper.timesofindia.com/Repository/getFiles.asp?Style=OliveXLib:LowLevelEntityToPrint_ET&Type=text/html&Path=ETM/2010/03/07&ID=Pc00807. 
  13. "Modern Indian Women: The Pioneers". Ministry of External Affairs, Government of India. http://www.mea.gov.in/photo-features.htm?961%2FModern+Indian+Women+The+Pioneers. 
  14. "International Women's Day: First woman driver of Indian Railways drives Mumbai-Lucknow special train". The New Indian Express. https://www.newindianexpress.com/nation/2021/mar/08/international-womens-day-first-woman-driver-of-indian-railways-drives-mumbai-lucknow-special-train-2273863.html। আহৰণ কৰা হৈছে: 2021-03-12. 
  15. Deshpande, Abhinay (14 March 2023). "Asia’s first woman loco pilot Surekha Yadav operates new semi-high-speed Vande Bharat train". The Hindu. https://www.thehindu.com/news/national/asias-first-woman-loco-pilot-surekha-yadav-operates-vande-bharat-express/article66617564.ece. 
  16. 16.0 16.1 Documentation on Women, Children & Human Rights. Sandarbhini, Library and Documentation Centre, All India Association for Christian Higher Education. 2001. https://books.google.com/books?id=xlvaAAAAMAAJ.