সুৰেশ ৰাইনা (এই শব্দটোৰ বিষয়ে উচ্চাৰণ ; জন্ম ২৭ নৱেম্বৰ ১৯৮৬) এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ এজন আক্ৰমণাত্মক বাওঁহতীয়া মিডল-অৰ্ডাৰ বেট্‌ছমেন আৰু এজন অনিয়মীয়া অফ-স্পিন বলাৰ। উত্তৰ প্ৰদেশ দলৰ হৈ তেওঁ আটাইকেইবিধ ঘৰুৱা ক্ৰিকেটত খেলে আৰু ইণ্ডিয়ান প্ৰীমিয়াৰ লীগচেন্নাই চুপাৰ কিংচ দলৰ তেওঁ সহ-অধিনায়ক। ভাৰতীয় দলৰো তেওঁ দুই-এখন খেলত নেতৃত্ব দিছে আৰু তেওঁ দ্বিতীয় কমবয়সীয়া ভাৰতীয় অধিনায়ক। আন্তৰ্জাতিক ক্ৰিকেটৰ তিনিওবিধ খেলত শতৰাণ কৰা তেওঁ একমাত্ৰ ভাৰতীয় খেলুৱৈ।[1]

সুৰেশ ৰাইনা
{{{imagealt}}}
ব্যক্তিগত তথ্য
জন্ম ২৭ নৱেম্বৰ, ১৯৮৬ (৩৭ বছৰ)
মুৰাদনগৰ, গাজিয়াবাদ, উত্তৰ প্ৰদেশ, ভাৰত
উপনাম চানু, চোটা শচীন
উচ্চতা 5 ফুট 9 ইঞ্চি (1.8 মিটাৰ)
বেটিং শৈলী বাওঁহতীয়া
বলিং শৈলী সোঁহতীয়া অফ ব্ৰেক
ভূমিকা অলৰাউণ্ডাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (মুঠ খেল ২৬৫) ২৬ জুলাই ২০১০ বনাম শ্ৰীলংকা
অন্তিম টেষ্ট ১০ জানুৱাৰী ২০১৫ বনাম অষ্ট্ৰেলিয়া
ODI অভিষেক (মুঠ খেল ১৫৯) ৩০ জুলাই ২০০৫ বনাম শ্ৰীলংকা
শেষ ODI ১৪ মাৰ্চ ২০১৫ v জিম্বাবৱে
ODI shirt no.
টি২০ অভিষেক (মুঠ খেল ) ১ ডিচেম্বৰ ২০০৬ বনাম দক্ষিণ আফ্ৰিকা
Last T20I ৭ চেপ্তেম্বৰ ২০১৪ বনাম ইংলেণ্ড
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০০২/০৩–বৰ্তমান উত্তৰ প্ৰদেশ
২০০৮–বৰ্তমান চেন্নাই চুপাৰ কিংচ
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট এদিনীয়া টুৱেণ্টি২০ FC
মুঠ খেল ১৮ ২১৩ ৪৪ ৮৭
ৰাণ ৭৬৮ ৫,৩১৬ ৯৪৭ ৫,৭৯৬
বেটিং গড় ২৬.৪৮ ৩৬.১৬ ৩২.৬৫ ৪৩.২৫
শতক/অৰ্ধশতক ১/৭ ৫/৩৪ ১/৩ ১৩/৩৭
সৰ্বোচ্চ ৰাণ ১২০ ১১৬* ১০১ ২০৪*
বল ১০৪১ ১,৮০২ ১৭৪ ২,৯০৫
উইকেট ১৩ ৩১ ৩৬
বলিং গড় ৪৬.৩৮ ৪৯.২৯ ৩৯.১৬ ৪০.১৯
এক ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট n/a
শ্ৰেষ্ঠ বলিং ২/১ ৩/৩৪ ২/৪৯ ৩/৩১
কেচ্চ/ষ্টাম্পিং ২৩/– ৯৬/– ২০/– ৯৬/–
উৎস: ই এচ পি এন ক্ৰিকইনফ', ৬ মাৰ্চ ২০১৫

২০০৫ চনত ১৮ বছৰ বয়সত তেওঁ শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত আত্মপ্ৰকাশ কৰে। কিন্তু তাৰ ৫ বছৰৰ পাছতহে ২০১০ চনত শ্ৰীলংকাৰ বিৰুদ্ধেই তেওঁৰ টেষ্ট অভিষেক ঘটে। প্ৰথম টেষ্টতে তেওঁ শতৰাণ (১২০) সংগ্ৰহ কৰে। টেষ্ট অভিষেকৰ আগত সৰ্বাধিক এদিনীয়া খেলাৰ অভিলেখ তেওঁৰ হাতত আছে। তেওঁ ২০১১ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ তেওঁ সদস্য আছিল। ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত সৰ্বাধিক ৰাণ আৰু সৰ্বাধিক কেচ্চৰ অভিলেখো তেওঁৰ নামত আছে। চেম্পিয়ন্‌ছ লীগ টুৱেণ্টি২০তো তেওঁ সৰ্বাধিক ৰাণৰ অভিলেখ গঢ়ে।[1][2]

কৃতিত্ব সম্পাদনা কৰক

  • তিনিওবিধ আন্তৰ্জাতিক ক্ৰিকেটত শতৰাণ কৰা তেওঁ একমাত্ৰ ভাৰতীয়।
  • ভাৰতীয় দলক নেতৃত্ব দিয়া তেওঁ দ্বিতীয় কমবয়সীয়া খেলুৱৈ (২৩ বছৰ) আৰু যিকোনো আন্তৰ্জাতিক ক্ৰিকেট দলক নেতৃত্ব দিয়া তেওঁ দ্বাদশ কমবয়সীয়া খেলুৱৈ।
  • টেষ্ট অভিষেকত শতৰাণ কৰা তেওঁ দ্বাদশ ভাৰতীয়।
  • আই পি এলত ৩০০০ ৰাণ কৰা তেওঁ একমাত্ৰ খেলুৱৈ।
  • আই পি এলত সৰ্বাধিক কেচ্চ (৫২ টা) ধৰা খেলুৱৈ।
  • আই পি এলত ১০০টা ছয় কোবোৱা তেওঁ দ্বিতীয় খেলুৱৈ আৰু প্ৰথম ভাৰতীয় খেলুৱৈ।
  • প্ৰতিখন আই পি এলত ৪০০ ৰাণ কৰা তেওঁ প্ৰথম আৰু একমাত্ৰ খেলুৱৈ।
  • আই পি এল, চেম্পিয়ন্‌ছ লীগ টি২০ আৰু টুৱেণ্টি২০ আন্তৰ্জাতিকত শতৰাণ কৰা তেওঁ প্ৰথম আৰু একমাত্ৰ ভাৰতীয় খেলুৱৈ।
  • আই চি চি বিশ্ব টুৱেণ্টি২০ত শতৰাণ কৰা তেওঁ একমাত্ৰ ভাৰতীয় খেলুৱৈ।
  • টুৱেণ্টি২০ আন্তৰ্জাতিকত শতৰাণ কৰা তেওঁ বিশ্বৰ তৃতীয় খেলুৱৈ।
  • আই পি এলত সৰ্বাধিক ষ্ট্ৰাইক ৰেট তেওঁৰ নামত আছে।
  • তেওঁ চেম্পিয়ন্‌ছ লীগ টুৱেণ্টি২০ত সৰ্বাধিক ৰাণ কৰা খেলুৱৈ।
  • ২০০খন এদিনীয়া আন্তৰ্জাতিক খেলা তেওঁ দ্বাদশ ভাৰতীয়।
  • এদিনীয়া আন্তৰ্জাতিকত ৫০০০ ৰাণ কৰা তেওঁ একাদশ ভাৰতীয় খেলুৱৈ।
  • চেন্নাই চুপাৰ কিংচ দলে খেলা প্ৰতিখন খেলতে তেওঁ খেলিছে।

(তথ্য[1][2]) (অভিলেখ সম্পাদনা- ১৪ মাৰ্চ ২০১৫)

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Suresh Raina". ESPN Cricinfo. http://www.espncricinfo.com/india/content/player/33335.html। আহৰণ কৰা হৈছে: 14 মাৰ্চ 2015. 
  2. 2.0 2.1 type=trophy "Indian Premier League/Records". ESPN Cricinfo. http://stats.espncricinfo.com/indian-premier-league-2013/engine/records/index.html?id=117; type=trophy। আহৰণ কৰা হৈছে: 14 মাৰ্চ 2015. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ সম্পাদনা কৰক