সোমনাথ বড়া
সোমনাথ বড়া
একাধাৰে গীতিকাৰ, সুৰকাৰ, ঢোলবাদক, সংগীত পৰিচালক৷ অসমীয়া সংগীতৰ কেছেটৰ যুগটোৰ শিল্পী সকলৰ ভিতৰত সোমনাথ বড়াৰ নাম উল্লেখযোগ্য৷ বিহুগীত, টোকাৰী গীত আৰু বিশেষকৈ ঢোল বাদনৰ ক্ষেত্ৰখনত তেওঁ খ্যাতি অৰ্জন কৰিছে৷ ঢোল বাদ্যক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰি দিয়াত বড়াৰ অৱদান আছে৷ বৰ্তমান তেওঁ বিহু নাচ বিষয়ক কৰ্মশালাৰ সৈতে জড়িত৷ সোমনাথ বড়াই বিদেশত ঢোল বাদন কৰিবলৈ যোৱা অসমৰ প্ৰথম ব্যক্তি৷[1]
সোমনাথ বড়া | |
---|---|
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতকোত্তৰ। |
বিষয় | গীতিকাৰ, সুৰকাৰ, ঢোল বাদক, সংগীত পৰিচালক |
জন্ম আৰু পৰিচয়
সম্পাদনা কৰকবড়াৰ জন্ম হয় ১৯৬১ চনৰ ৬ ফ্ৰেব্ৰুৱাৰীত৷ তেখেতৰ পিতৃৰ নাম গোলোক বৰা আৰু মাতৃৰ নাম সৰুমলা বৰা৷ [2]
শিক্ষা
সম্পাদনা কৰকপ্ৰাথমিক শিক্ষা গ্ৰহণ কৰে যোগনীয়া দেউদীয়া প্ৰাথমিক বিদ্যালয়ত৷ ১৯৭৭ চনত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে ৰজাবাৰী হাইস্কুলৰপৰা ৷ তেওঁ গণিত বিষয়ত ডিগ্ৰীসহ স্নাতক শিক্ষা সমাপ্ত কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰপৰা আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা গণিত বিষয়তে এম.এচ.চি ডিগ্ৰী লাভ কৰে৷
সাংস্কৃতিক জীৱন
সম্পাদনা কৰকপঢ়ি থকা কালতে ১৯৭৮ চনত ‘ইণ্টাৰ কলেজ মিউজিক কমপিটিশ্যন’ (ইউথ ফেষ্টিভেল)ত ঢোল বাদনত বড়াই সোণৰ পদক লাভ কৰে৷ ১৯৮০ চনত ডিব্ৰুগড় ৰেডিঅ’ চেণ্টাৰৰ ‘যুৱবাণী’ত সোমনাথ বড়াই জীৱনৰ প্ৰথমটো সাক্ষাৎকাৰ দিয়ে৷ সেই সময়ত চাও দেৱেন্দ্ৰচৰণ বৰবৰুৱাই বড়াক ৰেডিঅ’ চেণ্টাৰলৈ লৈ যোৱাত আগভাগ লৈছিল৷ সেই সময়ৰ ৰেডিঅ’ৰ প্ৰগেম এক্সুকিটিভ আছিল লুটফুৰ ৰহমান৷ শৈশৱত দেউতাকে কাষৰ গাঁৱৰ নিগনি বৰাৰপৰা ঢোল কিনি আনি বড়াক প্ৰথম ঢোল শিকাইছিল আৰু মণিৰাম ওজা আছিল সোমনাথ বড়াৰ প্ৰথম শিক্ষাগুৰু৷ তাৰ পাছত দেৰগাঁৱৰ ধীৰেন ৰাজখোৱাৰ ওচৰত তেওঁ ঢোলৰ ‘ওজাহাট’ শিকিছিল৷ তাৰ পৰৱৰ্তী সময়ত বড়াই আনন্দমোহন ভাগৱতীৰ পৰা ঢোলৰ শিক্ষা লাভ কৰিছিল৷ বড়াই ১৯৮১ চনত অসম চৰকাৰে আয়োজন কৰা ‘সদৌ অসম ঢুলীয়া ওজা প্ৰতিযোগীতা’ত পদক লাভ কৰি ‘ওজা’ উপাধি লাভ কৰিছিল৷ সেই সময়ত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উপ-সঞ্চালক পদৰ দায়িত্বত আছিল আনন্দমোহন ভাগৱতী৷ উল্লেখ্য যে ১৯৮২ আৰু চনৰপৰা গুৱাহাটীৰ বিভিন্ন বিহু সন্মিলনত তেওঁ ঢোল বাদনৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে৷ সেই বৰ্ষতে তেওঁ এছিয়ান গেম্ছতো ঢোল বাদ্য পৰিৱেশন কৰিছিলগৈ৷ একে সময়তে বড়াই ভোৰতাল নৃত্যৰ সৃষ্টিকৰ্তা নৰহৰি বুঢ়াভকতক লগ পাইছিল আৰু তেখেতৰ নেতৃত্বত ভোৰতালৰ শিক্ষাও গ্ৰহণ কৰিছিল৷ [3] সোমনাথ বড়াই ১৯৮৩ চনত নাগপুৰত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় কৃষিমেলাত ঢোল বাদ্য পৰিৱেশন কৰিছিল৷ তাৰ পৰৱৰ্তী সময়ত ১৯৮৪ চনত তেওঁ চৰকাৰীভাৱে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰপৰা দুমহীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰে৷ সেইদৰে ১৯৮৫ চনত ‘নন্ অলাইণ্টমেণ্ট ইউথ ফেষ্টিভেল’ দিল্লীত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি খিতাপ লাভ কৰিছিল৷ সেই খিতাপ লাভ কৰাত তেওঁলোক ৰাছিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত হয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ঢোল বাদ্য পৰিৱেশন কৰাৰ সুবিধা লাভ কৰে৷ ২০০৯ চনত দক্ষিণ কুৰীয়াৰ জিযু আইলেণ্ডত পৃথিৱীৰ ৫৬ খন দেশৰ মাজত অনুষ্ঠিত হোৱা ‘ৱল্ডৰ্ মিউজিক কমপিটিশ্যন’ (থাৰ্ড ডেল্ফিক গেমছ্)ত বড়াই ঢোল বাদনত সোণৰ পদক লাভ কৰে৷ একেখন প্ৰতিযোগিতালৈ অসমৰপৰা প্ৰসন্ন গগৈয়ো পেপা বাদনৰ বাবে গৈছিল৷ এই প্ৰতিযোগিতালৈ ভাৰতৰপৰা সৰ্বমুঠ ৫০ জনীয়া দল এটি গৈছিল৷ ডেল্ফিক গেমছ্ত স্বৰ্ণ পদক প্ৰাপ্ত প্ৰথমজন ভাৰতীয় হ’ল সোমনাথ বড়া৷ সেই পদক লাভ কৰাত অসম চৰকাৰে বড়াক দহ লাখ টকা আৰু উত্তৰ প্ৰদেশ চৰকাৰে দুই লাখ টকাৰে পুৰষ্কৃত কৰিছিল৷ গ্ৰামোফোনৰ পৰিৱৰ্তী সময়ত ১৯৮২ চনত ‘তিনিচুকীয়াৰ ৰয় চাইকেল মাৰ্ট’ৰ পৰা নলীন হাজৰিকা, পঙ্কজ বৰদলৈ, বিমান বৰুৱা, প্ৰদীপ শইকীয়া আদিৰ সৈতে মিলি এটা কেছেট বানীবদ্ধ কৰা হয়৷ কেছেটটোৰ নাম আছিল ‘ব’হাগী’৷ এই ‘ব’হাগী’য়েই অসমৰ বিহুগীতৰ প্ৰথমটো কেছেট৷ এই কেছেটৰ মিউজিক ডাইৰেক্টৰ আছিল ভূপেন উজীৰ৷ ষ্টুডিঅ’ আছিল জ্যোতি চিত্ৰবন৷ সেই সময়ত 'টু ট্ৰেক'ৰ ব্যৱস্থাহে আছিল৷ ব’হাগীত ঢোল বজাইছিল সোমনাথ বড়াই৷ গীতৰ কোৰাছত আছিল বিমান বৰা৷ বিমান বৰুৱাই গীত গোৱাৰ কথা আছিল যদিও কণ্ঠৰ সমস্যা হোৱাত প্ৰদীপ শইকীয়াইহে গীত গাইছিল৷ ব’হাগীৰ ব্যৱস্থাপনাত আছিল নলীন হাজৰিকা৷ একে সময়তে লোকেশ্বৰ ডেকাই মৰিগাঁৱৰপৰা বিহুগীতৰ কেছেট কৰিছিল৷[4] পৰৱৰ্তী সময়ত বড়াৰ প্ৰযোজনাত ১৯৮৭ চনত ‘ঢিন্দাওদাউ’ কেছেট ৰেকৰ্ডিং কৰা হয়৷ তাৰ পাছত তেওঁ ‘পাহাৰৰ কুলিটি’কেছেট কৰিছিল৷ ইয়াৰ পাছত ললিত ৰাজখোৱাৰ সোঁৱৰণত ১৯৯০ চনত–ভৈয়ামৰ কেটেকী, ১৯৯১ চনত– পাহাৰৰ জুৰিটি, তাৰ পাছত ক্ৰমান্বয়ে– সোণালী, সোণ-তৰামাই, কল্পনা, গৰগঞা নাছনী আদি চিৰিজ হিচাপে বিহুগীতৰ ৰেকৰ্ড কৰা হৈছিল৷ এই কেছেটবোৰৰ পৰিচালক, গীতিকাৰ আৰু প্ৰযোজক আছিল সোমনাথ বড়া৷ মুখ্য ঢোল বাদকো তেওঁৱেই আছিল৷ বিপুল চেতিয়া ফুকন, খগেন গগৈ আদিয়ে অসমত টোকাৰী গীতৰ প্ৰথম কেছেট কৰিছিল৷ প্ৰথম কেছেটটোৰ নাম আছিল–‘মনভাই’৷ সোমানাথ বড়াই ১৯৮৮ চনত দ্বিতীয়খন টোকাৰী গীতৰ কেছেট ‘বৈকুণ্ঠ’ ৰেকৰ্ড কৰে৷ তাৰ পৰৱৰ্তী সময়ত ৰেকৰ্ড কৰা টোকাৰী গীতৰ কেছেট কেইখনমানৰ নাম হ’ল– বৈতৰণী, বৈ আছে বৈতৰণী, বৈষ্ণৱ, সুত-পুত্ৰ-কৰ্ণ, কৰ্ণ-অজুৰ্ন, কৃষ্ণ-অৰ্জুন, সত্যসন্ধ্যা, বীৰ অভিমন্যু, সীতা সয়ম্বৰ, বৈকুণ্ঠৰ জখলা, বিষ্ণুপ্ৰীয়া, সখা ভগৱান, নৱ-ঘনশ্যাম আদি৷[5] ঢোলৰ ‘ওজা’ বিষয়টোক কেন্দ্ৰ কৰি বড়াই প্ৰযোজনা কৰা কেছেট– ধিন্দাউ-দাউ, ধুলীয়া বতাহ, ঢোলতে উৰুলি, দাউ-ধিন্দাউ, ধিনিকি-ধিণ্ডাও আদি৷ বৰগীতৰ কেছেট– পুৱাইল ৰজনী, নৱ প্ৰভাত লোকগীতৰ কেছেট– সুন্দৰী ৰাধিকা দিহানামৰ কেছেট– সখা ভগৱান, বৈয্যন্তিমালা সোমনাথ বড়াই ভিচিডিত নিজাকৈ মাত্ৰ এটা বিহুগীতৰ ভিচিডিহে কৰিছিল৷ নামটো আছিল ‘সোণালী’৷
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ http://epaper.telegraphindia.com/paper/8-136-01@07@2013-1008.html
- ↑ https://rajivkonwar100.blogspot.com/2013/06/master-of-sounds-somnath-bora-oja.html
- ↑ https://rajivkonwar100.blogspot.com/2013/06/master-of-sounds-somnath-bora-oja.html
- ↑ http://epaper.telegraphindia.com/paper/8-136-01@07@2013-1008.html
- ↑ https://rajivkonwar100.blogspot.com/2013/06/master-of-sounds-somnath-bora-oja.html