সৌম্যা স্বামীনাথন (ইংৰাজী: Soumya Swaminathan, জন্ম: ২ মে' ১৯৫৯) এগৰাকী ভাৰতীয় শিশুৰোগ বিশেষজ্ঞ চিকিৎসক আৰু যক্ষ্মা ৰোগৰ বিজ্ঞানী।[2][3] ২০১৭ চনৰ ৩ অক্টোবৰ তাৰিখে তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যসূচী সমূহৰ উপসঞ্চালক পদত নিযুক্তি লাভ কৰে। ২০১৯ চনত ৭ মাৰ্চ তাৰিখে তেওঁ বিশ্ব স্বাস্থ্য সন্থাৰ মুখ্য বিজ্ঞানী পদত অধিষ্ঠিত হয়।[4] এই স্থান লাভ কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয়। ইয়াৰ আগতে তেওঁ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[2][5] তেওঁ ভাৰতত সেউজ বিপ্লৱৰ জনক এম. এছ. স্বামীনাথনৰ দুহিতা।

সৌম্যা স্বামীনাথন
জন্ম ২ মে', ১৯৫৯ (৬৪ বছৰ)
চেন্নাই, ভাৰত
বাসগৃহ নতুন দিল্লী, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী[1]
পিতৃ-মাতৃ এম. এছ. স্বামীনাথন
মীনা স্বামীনাথন

শিক্ষা সম্পাদনা কৰক

সৌম্যা স্বামীনাথনে পুনেৰ আৰ্মড ফৰ্্চেছ মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰৰ পৰা ডক্টৰ অফ মেডিচিন ডিগ্ৰী লাভ কৰে। ইয়াৰ লগতে তেওঁ নেছনেল বৰ্ড অফ এক্সামিনেচনৰ ডিপ্লোমেট অফ নেছনেল বৰ্ড। ইয়াৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায়। তাত তেওঁ লছ এঞ্জেলেছৰ ইউনিভাৰ্চিটি অফ ছাউথৰ্ন কেলিফোৰ্নিয়াৰ কেক স্কুলৰ অন্তৰ্গত চিল্ডৰেনছ হস্পিটেলত পিডিয়াট্ৰিক পুলমনলজি বিষয়ত পোষ্ট ডক্টৰেল মেডিকেল ফেল'শ্বিপ লাভ কৰিছিল।[6] তেওঁ এগৰাকী শিশুৰ শ্বাসতন্ত্ৰ বিষয়ক ৰোগৰ বিশেষজ্ঞ।

ব্যক্তিগত জীৱন সম্পাদনা কৰক

সৌম্যা স্বামীনাথন ভাৰতত সেউজ বিপ্লৱৰ জনক এম. এছ. স্বামীনাথন আৰু শিক্ষাবিদ মীনা স্বামীনাথনৰ দুহিতা। তেওঁৰ দুগৰাকী ভনীয়েক আছে। তাৰে এগৰাকী মধুৰা স্বামীনাথন কলকাতাভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আৰু ভনীয়েক নৃত্য স্বামীনাথন ইষ্ট এঞ্জেলিয়া বিশ্ববিদ্যালয়ৰ "জেণ্ডাৰ এনালাইছিল" বিষয়ৰ জ্যেষ্ঠ প্ৰবক্তা।[7]

বঁটা আৰু সন্মান সম্পাদনা কৰক

সৌম্যা স্বামীনাথনে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৯৯ চনত তেওঁ নৱম ৰাষ্ট্ৰীয় শিশু শ্বাসতন্ত্ৰ অধিবেশনত তেওঁ শ্ৰেষ্ঠ গৱেষণা পত্ৰৰ বাবে ডাঃ কেয়া লাহিৰী সোণৰ পদক লাভ কৰিছিল। ২০০৮ চনত তেওঁ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ ক্ষণিকা অৰাচন বঁটা লাভ কৰিছিল। ২০০৯ চনত তেওঁ আন্তৰ্জাতিক যক্ষ্মা আৰু হাওঁফাওঁৰ ৰোগৰ বিৰুদ্ধে সংঘৰ এইছআইভি শাখাৰ উপ-সভাপতি নিৰ্বাচিত হৈছিল। ২০১১ চনত তেওঁ ইণ্ডিয়ান একাডেমী অফ পিডিয়াট্ৰিক্সৰ ফেল' নিৰ্বাচিত হৈছিল। একেবছৰে তেওঁ ইণ্ডিয়ান এছচিয়েছন অফ এপ্লাইড মাইক্ৰবায়লজিষ্টৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰিছিল। ২০১২ চনত তেওঁ তামিলনাডু চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বঁটা লাভ কৰিছিল। একেবছৰে তেওঁ ভাৰতৰ নেছনেল একাডেমী অফ চাইন্সৰ ফেল' নিৰ্বাচিত হয়। ২০১৩ চনত তেওঁ বেংগালুৰুৰ ইণ্ডিয়ান একাডেমী অফ চাইন্সৰ ফেল' আৰু ২০১৬ চনত নাইপাৰৰ অষ্ট্ৰযেনেকা গৱেষণা বঁটা লাভ কৰিছিল।[8]

তথ্য উৎস সম্পাদনা কৰক

  1. "Soumya Swaminathan appointed as Chief Scientist of WHO". thehindubusinessline. https://www.thehindubusinessline.com/news/science/soumya-swaminathan-appointed-as-chief-scientist-of-who/article26456006.ece। আহৰণ কৰা হৈছে: 7 February 2019. 
  2. 2.0 2.1 Nikita Mehta. "Soumya Swaminathan to take charge of Indian Council of Medical Research". Live Mint. http://www.livemint.com/Politics/15YIhftLoSDQDJQCpQ7OEP/Soumya-Swaminathan-to-take-charge-of-Indian-Council-of-Medic.html. 
  3. "Dr. Soumya Swaminathan". Indian Council of Medical Research. Archived from the original on 2015-08-30. https://web.archive.org/web/20150830075056/http://icmr.nic.in/icmrnews/Dr_Soumya_Swaminathan.pdf। আহৰণ কৰা হৈছে: 2015-10-07. 
  4. "WHO Headquarters Leadership Team" (en-GB ভাষাত). World Health Organization. http://www.who.int/dg/leadership-team/en/। আহৰণ কৰা হৈছে: 2017-10-03. 
  5. "Podcast: Sentinel Project on Pediatric Drug-Resistant Tuberculosis". The Hindu. 27 November 2013. https://www.thehindu.com/sci-tech/health/policy-and-issues/article5397240.ece। আহৰণ কৰা হৈছে: 19 January 2019. 
  6. "Secretary Profile". Department of Health Research, Ministry of Health and Family Welfare, Government of India. http://www.dhr.gov.in/about-us/secretary-dhr. 
  7. "Image, The Hindu Business Line". Archived from the original on 25 May 2006. https://web.archive.org/web/20060525175319/http://www.thehindubusinessline.com/2005/12/30/images/2005123000281101.jpg। আহৰণ কৰা হৈছে: 3 September 2015. 
  8. "Index of /silverjubilee". niper.ac.in. Archived from the original on 2017-02-16. https://web.archive.org/web/20170216214254/http://niper.ac.in/silverjubilee/। আহৰণ কৰা হৈছে: 2016-02-19. 

বাহ্যিক সংযোগ সম্পাদনা কৰক