স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
(স্বাস্থ্য আৰু দীর্ঘ জীৱনৰ পৰা পুনঃনিৰ্দেশিত)
স্বাস্থ্য আৰু দীৰ্ঘ জীৱন অসমীয়া ভাষাত প্ৰকাশিত এখন স্বাস্থ্য সম্পৰ্কীয় আলোচনী। আলোচনীখনৰ মুখ্য সম্পাদক শৰত্ ৰাজখোৱা, কাৰ্যবাহী সম্পাদক ডাঃ মিহিৰ কুমাৰ গোস্বামী (অবৈতনিক) আৰু চাৰ্কুলেচনৰ দায়িত্বত আছে তপন কলিতা।[1] ডাঃ গকুল বৰা, ডাঃ (ড°) ৰতন কুমাৰ কটকী, ডাঃ মানস প্ৰতিম বৰুৱা, ডাঃ দিগন্ত চেতিয়া, ডাঃ বিষ্ণুপ্ৰসাদ শৰ্মা, ভেষজ ৰত্ন ড° গুণাৰাম খনিকৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অসীম চমুৱা আলোচনীখনৰ উপদেষ্টা।[1] ২০১২ চনৰ জুন মাহত আলোচনীখনে দ্বাদশ বছৰ ভৰি দিয়ে।
সম্পাদক | শৰৎ ৰাজখোৱা |
---|---|
প্ৰকাশনৰ হাৰ | মাহেকীয়া |
প্ৰকাশক | আস্থা প্ৰকাশন |
দেশ | ভাৰত অসম |
ভাষা | অসমীয়া |
লেখনিসমূহ
সম্পাদনা কৰকআলোচনীখনত মূলতঃ স্বাস্থ্য, ৰোগ আৰু নিৰাময় সম্পৰ্কীয় প্ৰৱন্ধ প্ৰকাশিত হয়। ইয়াৰ লগতে বনৌষধি পৰিচয়, যোগাসন সম্পৰ্কীয় লেখনি, পঢ়ুৱৈৰ চিঠি আদিৰ লগতে শেহতীয়া স্বাস্থ্য সম্পৰ্কীয় বাতৰি (স্বাস্থ্য সংবাদ) আদিও প্ৰকাশ পায়।
নিয়মীয়া শিতান
সম্পাদনা কৰক- আইতাৰ দিহা : বিভিন্ন বনৌষধি আৰু ঘৰুৱা দ্ৰব্যৰে ৰোগ আৰোগ্যৰ দিহা।
- আৰোগ্য বিধান : হোমিঅ' চিকিত্সাৰ প্ৰশ্নোত্তৰ শিতান। ডাঃ জাহিৰ আব্বাছ ইউচুফে ৰোগীসকলৰ প্ৰশ্নৰ উত্তৰ দিয়ে।
- লাফিং থেৰাপি : কৌতুকৰ শিতান।
- শিশু ক্লাব : শিশুসকলৰ আলোকচিত্ৰৰ শিতান।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 স্বাস্থ্য আৰু দীৰ্ঘ জীৱন, ফেব্ৰুৱাৰী ২০১৩, পৃষ্ঠা১