স্মিতা মাধৱ

ভাৰতনাট্যম নৃত্যশিল্পী

স্মিতা মাধৱ (ইংৰাজী: Smitha Madhav)[1] এগৰাকী কৰ্ণাটিক ধ্ৰুপদী গায়িকা আৰু ভাৰতনাট্যম নৃত্যশিল্পী।[2] কৰ্ণাটিক সংগীত হৈছে সাধাৰণতে ভাৰতৰ দক্ষিণ অংশৰ সৈতে সম্পৰ্কিত সংগীতৰ এক প্ৰণালী আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দুটা মুখ্য শ্ৰেণীবিভাজনৰ ভিতৰত এটা (আনটো হৈছে হিন্দুস্তানী ধ্ৰুপদী সংগীত)।

স্মিতা মাধৱ
প্ৰাথমিক তথ্য
মূল হাইদৰাবাদ, অন্ধ্ৰপ্ৰদেশ, ভাৰত
সংগীতৰ প্ৰকাৰ কৰ্ণাটিক সংগীত – ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু ভাৰতনাট্যম
পেচা কৰ্ণাটিক সংগীতকাৰ, নৃত্যশিল্পী
ৱেবছাইট Official website

সংগীত জীৱন সম্পাদনা কৰক

স্মিতা "শ্ৰুতি লয় কেন্দ্ৰ নটৰাজলয়"ৰ পৰিচালক গুৰু নৃত্য চহুদামণি শ্ৰীমতি ৰাজেশ্বৰী সৈনাথৰ পৰা ভাৰতনাট্যমৰ প্ৰশিক্ষণ লয়। এই প্ৰতিষ্ঠানটো মৰুদাংগম মায়েষ্ট্ৰো কৰৈকুডি মণিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁ হাইদৰাবাদ চিষ্টাৰ বুলি জনাজাত ললিতা আৰু সুপ্ৰিয়াৰ পৰা কৰ্ণাটিক ধ্ৰুপদী সংগীতৰ উন্নত প্ৰশিক্ষণ লৈ আছে। স্মিতা তেলেগু বিশ্ববিদ্যালয়ৰ পৰা সংগীত আৰু নৃত্য বিষয়ত ডিজটিংশ্যনসহ ডিপ্লমা সম্পূৰ্ণ কৰিছিল। তেওঁ বৰ্তমান ইন্দিৰাকলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা নৃত্যত মাষ্টাৰছ প্ৰগ্ৰাম আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা সংগীতত মাষ্টাৰছ প্ৰগ্ৰাম কৰি আছে। তেওঁ "ইণ্ডিয়ান কাউঞ্চিল ফৰ কালচাৰেল ৰিলেশ্যনচ" (চমুকৈ আই. চি. চি. আৰ.) -ৰ এগৰাকী ইমপেনেল শিল্পী।[3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Official Website of Smitha Madhav". প্ৰকাশক Hyderabad, India: Opensource Models. 17 November 2011. http://www.smithamadhav.com. 
  2. "Smitha Madhav". artscape. http://www.artindia.net/smithamadhav.html। আহৰণ কৰা হৈছে: 16 May 2012. 
  3. "Indian Council for Cultural Relations". Archived from the original on 2010-04-06. https://web.archive.org/web/20100406072243/http://www.iccrindia.org/default.htm.