সৰভোগ {IPA:ˈsə(r)ˌbɒg} (ইংৰাজী: Sarbhog) অসমবৰপেটা জিলাত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো বেঁকী নৈৰ পাৰত অৱস্থিত৷

সৰভোগ
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা বৰপেটা
উচ্চতা
৫০ মিটাৰ (১৬০ ফুট)
জনসংখ্যা
 (2001)
 • মুঠ
7,553

সৰভোগৰ নামটো গাখীৰৰ প্ৰাচুৰ্যতাৰ পৰা অহা বুলি কোৱা হয়৷ এই অঞ্চলত স্থানীয়ভাৱে উৎপাদন কৰা গাখীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীৰ বাবে অঞ্চলটো প্ৰখ্যাত৷

ভৌগোলিক বিৱৰণ

সম্পাদনা কৰক

ভৌগোলিকভাৱে সৰভোগ 26°30′N 90°52′E / 26.50°N 90.87°E / 26.50; 90.87 ত অৱস্থিত৷ [1] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ৫০ মিটাৰ ৷

আন্ত:গাঁথনি

সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি,[2] সৰভোগৰ মুঠ জনসংখ্যা ৭৫৫৩ জন৷[3] ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা৷ সৰভোগৰ গড় সাক্ষৰতাৰ হাৰ ৭৮% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮৩% আৰু ৭২% ৷ সৰভোগৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷

যাতায়ত ব্যৱস্থা

সম্পাদনা কৰক

সৰভোগ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ সৈতে ৰে'লপথ আৰু আলিবাটেৰে সংযোজিত হৈ আছে৷ ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে ইয়াক ভাৰতৰ অন্যন্য অংশ সমূহৰ সৈতে সংযোগ কৰিছে৷

সৰভোগ কোকৰাঝাৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷.[4]

উল্লেখযোগ্য ঠাই

সম্পাদনা কৰক

উল্লেখযোগ্য ব্যক্তি

সম্পাদনা কৰক

১। স্বৰ্গীয় ঘনশ্যাম তালুকদাৰ, জননেতা/বৰনগৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতা ২৷ সৰভোগ অঞ্চলৰ প্ৰতিষ্ঠিত শিক্ষাবিদ সকলৰ ভিতৰত হ'ল শিক্ষাবিদ কালীনাথ গোস্বামী,হৰমোহন নাথ,গৰ্গেশ্বৰ দাস,অশ্বিনী তালুকদাৰ,সত্যতিংকৰ ভট্টাচাৰ্য আদি মহান ব্যক্তি আৰু শিক্ষাবিদ সকল ৷

তথ্যসূত্ৰ

সম্পাদনা কৰক