হংসকন্যা (ইংৰাজী: Swan maiden) হৈছে কল্পকাহিনীৰ এক জীৱবিশেষ যি মানুহৰ পৰা ৰাজহংস অৰ্থাৎ ৰাজহাঁ‌হৰ ৰূপ ল'ব পাৰে।[1] ৰাজহাঁ‌হৰ চৰ্ম বা পাখিযুক্ত পোচাকেই হৈছে এনে ৰূপ সলনি কৰিব পৰা গুণৰ মূল। হংসকন্যাৰ লোককথাসমূহত প্ৰায়েই দেখা যায় যে সাধাৰণতে কোনো নদী, হ্ৰদ আদিত স্নান কৰা অৱস্থাত পুৰুষ চৰিত্ৰটোৱে লুকাই-চুৰকৈ হংসকন্যাক দৰ্শন কৰে আৰু তেওঁ উৰি বা সাঁ‌তুৰি গুচি যাব নোৱাৰাকৈ তেওঁৰ পাখিৰ বস্ত্ৰ লুকুৱাই ৰাখে বা কাঢ়ি লয়। ইয়াৰ ফলত বাধ্যত পৰি হংসকন্যা সেই পুৰুষজনৰ পত্নী হ'বলগাত পৰে। [2]

হংসকন্যা

ৰাজহংসৰ ডেউকাৰ বসন খহাই স্নান কৰি থকা তিনিগৰাকী হংসকন্যাক লুকাই-চুৰকৈ চাই থকা তিনিজন ভ্ৰাতৃ, (ভলাণ্ডাৰ্কৱিদা)
শ্ৰেণী কিংবদন্তি
দেশ গোলকীয়

'ভলাণ্ডাৰ্কৱিদা' শীৰ্ষক প্ৰাচীন নৰ্ছ ভাষাৰ কাব্য[3] আৰু গ্ৰীমৰ সাধুসমূহৰ 'দ্য ড্ৰামাৰ' নামৰ সাধুত[2] হংসকন্যাৰ কাহিনী পোৱা যায়। ৰাজহংসৰ বাহিৰেও অন্য জীৱৰ সৈতে সম্পৰ্কিত কাহিনীৰো উদাহৰণ পোৱা যায়।

মূল কাহিনী

সম্পাদনা কৰক
 
দেখিবলৈ সাইলাখ একেই যুৱতীৰ মাজৰ পৰা চিকাৰীজনে নিজৰ কইনাক চিনাক্ত কৰাৰ চিত্ৰ।

হংসকন্যাৰ কাহিনীভাগ মূলতঃ এনেধৰণৰ হয়: এজন লোকে এগৰাকী হংসকন্যাৰ ৰাজহংসৰ পাখিৰে নিৰ্মিত যাদুকৰী পোচাকযোৰ তেওঁ উৰি যাব নোৱাৰাকৈ চুৰ কৰে আৰু তেওঁক বিয়া কৰায়। সাধাৰণতে তেওঁলোকৰ সন্তান উপজে। অলপ ডাঙৰ হৈ সেই সন্তানে মাকৰ পোচাকযোৰ দেউতাকে ক'ত লুকুৱাই ৰাখিছে সেই বিষয়ে সেই বিষয়ে এটি গীত গায়। কোনো কোনো সংস্কৰণত মাকে সদায়ে কিয় উচুপি থাকে সন্তানটোৱে এই বিষয়ে সোধে আৰু সেই পোচাকযোৰ বিচাৰি উলিয়ায় অথবা অন্যধৰণে ৰহস্যৰ ভেদ ভাঙে। হংসকন্যাই ততালিকে পোচাকযোৰ পিন্ধি নিজৰ ঠাইলৈ উৰা মাৰে। যদিও সন্তানৰ দুখে তেওঁক বিহ্বল কতিব পাৰে, তথাপি হংসকন্যাই নিজ সন্তানক লগত লৈ নাযায়।[4]

কেতিয়াবা এক দুৰ্গম অভিযানৰ মাধ্যমেৰে তেওঁৰ সন্ধান তেওঁৰ স্বামীয়ে উলিয়াব পাৰে। কিন্তু প্ৰায়ভাগ ক্ষেত্ৰতে এই কাৰ্য অসম্ভৱ হিচাপে পৰিগণিত হোৱাৰ ফলত স্বামীজনে ইয়াৰ চেষ্টাও নকৰে।

বহুসংখ্যক সংস্কৰণৰ মতে পুৰুষজন অবিবাহিত বা কেতিয়াবা বিপত্নীক হয় আৰু তেওঁৰ মাতৃয়ে হংসকন্যাৰ পোচাকযোৰ লুকুৱাই ৰাখে। পিছলৈ তেওঁক সেই পোচাক ওভতাই দিবলৈ পতিয়ন নিয়াই অথবা বাধ্য কৰি হংসকন্যাই পলায়ন কৰে।

বৈকল্পিক আৰম্ভণি

সম্পাদনা কৰক

ৰোমানিয়াৰ লোককথাবিদ মাৰ্কু বেজাই এই কাহিনীৰ দুই বৈকল্পিক আৰম্ভণিৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তাৰে প্ৰথমটোৰ মতে, সাতটা শুকুলা চৰায়ে ৰজাৰ বাগিছাৰ পৰা সোণালী আপেল চুৰ কৰে বা শইচৰ পথাৰত উপদ্ৰৱ চলায়। জাৰ্মানীৰ 'সোণালী চৰাই' শীৰ্ষক সাধুৰ সৈতে ইয়াৰ মিল দেখা পোৱা যায়। দ্বিতীয়টোৰ মতে, কাহিনীৰ নায়কে এটা সঁ‌চাৰ কাঠি লাভ কৰে আৰু গৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে হংসকন্যাহঁ‌তে স্নান কৰি থকা এক নিষিদ্ধ কোঠাৰ দুৱাৰ খোলে।[5]

জাৰ্মান ভেল্কিৰিৰ আখ্যান

সম্পাদনা কৰক

জাৰ্মান আখ্যান অনুসৰি হংসকন্যাৰ চৰিত্ৰটো একাধিক ভেল্কিৰিৰ (ইংৰাজী: Valkyrie) সৈতে জড়িত।[6] জেকব গ্ৰীমে এই বৈশিষ্ট্যৰ বিষয়ে তেওঁৰ 'ডাচ্চ মাইথ'লোজী' শীৰ্ষক গ্ৰন্থত উল্লেখ কৰিছে।[7] গোলকীয় আখ্যান অনুসৰি যাদুকৰী ৰাজহংস সদৃশ পোচাকৰ সহায়ত তেওঁলোকে ৰূপ সলনি কৰে।[8]

পুৰাতন কাল আৰু মূল

সম্পাদনা কৰক

পৌৰাণিক সংস্কৃত সাহিত্যত বৰ্ণিত উৰ্বশী নামৰ অপ্সৰাৰ সৈতে ৰজা পুৰুৰবাৰ প্ৰেম কাহিনীয়েই হংসকন্যাৰ সম্পৰ্কীয় লোককথাৰ প্ৰাচীনতম নিদৰ্শন বা মূল হ'ব পাৰে বুলি ধাৰণা কৰা হয়।[9][10]

বিশ্বৰ বিভিন্ন দূৰৱৰ্তী সংস্কৃতিত (যেনে ছেম'য়েদিক আৰু থলুৱা আমেৰিকান) বিস্তৃত ৰূপত বিদ্যমান হোৱালৈ লক্ষ্য ৰাখি হংসকন্যাৰ কাহিনীৰ প্ৰাচীনত্ব বা পুৰাতন কাল সম্বন্ধে উনবিংশ শতিকাত ছেবিন বেৰিং গোল্ডে মত আগবঢ়াইছে যে ইয়াৰ ব্যুৎপত্তিৰ কাল ইণ্ডো-ইউৰোপীয়ান ভাষা পৰিয়ালৰ মূল প্ৰটো-ইণ্ডো-ইউৰোপীয়ান ভাষাৰ পৃথক্কৰণৰো আগৰ। আনকি এই কাহিনীৰ ব্যুৎপত্তিৰ কাল ইয়াৰো আগৰ হোৱাৰ সম্ভাৱনা আছে।[11] চাৰ্লছ হেনৰী টাওনিয়ে সোমদেৱে ৰচনা কৰা কথাসৰিৎসাগৰৰ অনুবাদত ব্যাখ্যা আগবঢ়াইছে যে এই লোককথাৰ উৎপত্তি হৈছিল প্ৰাচীন সংস্কৃত সাহিত্যত। এই ধাৰণাটো কালক্ৰমত মধ্যপ্ৰাচ্য পায়গৈ আৰু তাৰপৰা ই ইউৰোপলৈয়ো সম্প্ৰসাৰিত হয়।[12]

আৰ্থাৰ থমাছ হেট্টোৱে আন এটা ধাৰণাৰো সমৰ্থন আগবঢ়াইছে। চৰিত্ৰ আৰু কাহিনীটো অধ্যয়ন কৰোঁ‌তে তেওঁ ৰাজহাঁ‌হ, বগলী আৰু অন্যান্য জলজ পক্ষীৰ পৰিভ্ৰমণৰ সৈতে সম্পৰ্ক থকা উত্তৰ-মেৰুস্থানীয় ইউৰেছিয়া আৰু আমেৰিকাৰ এক ঠাইৰ বিষয়ে যুক্তি দৰ্শাইছে।[13]

লোট মোটজে মন্তব্য কৰে যে হংসকন্যাৰ কাহিনীটো উত্তৰ-ইউৰেছিয়াৰ অধিবাসীসকলৰ প্ৰাথমিক ভেঁ‌টিটোতে নিহিত হৈ আছে য'ত জলজ পক্ষীসমূহ গুৰুত্বপূৰ্ণ। তেওঁ যুক্তি দৰ্শায় যে উত্তৰ মেৰুৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ যিবোৰ ঠাইত জলজ পক্ষীসমূহে সমুদায়টোৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়ায় তেনে ঠাইৰ নিবাসীসকলৰ লোককথাত হংসকন্যাৰ উপস্থিতি দেখা যায়।[14]

ভাৰতৰ লোককথা

সম্পাদনা কৰক

ভাৰতীয় মৌখিক আৰু লিখিত সাহিত্যত কোনো মানৱে দেৱকন্যাৰ বস্ত্ৰ হৰি নিয়াৰ ঘটনা অপৰিচিত নহয়।[15]

হংসকন্যাৰ ধাৰণাটো হিন্দুধৰ্মঅপ্সৰাসকলৰ সৈতে জড়িত। তেওঁলোকে স্বৰ্গলোক বা তেওঁলোকৰ অন্যান্য স্বৰ্গীয় নিবাসৰ পৰা মৰ্ত্যৰ কোনো জলধাৰাত স্নান কৰিবলৈ আহে।[16][17] উৰ্বশী আৰু পুৰুৰবাৰ আখ্যানটো এনে লোককথাৰ এক অন্যতম উদাহৰণ।[9][10] লোককথাবিদ এডৱিন ছিডনি হাৰ্টলেণ্ডে সূত্ৰ হিচাপে উল্লেখ কৰা আন এটা কাহিনীত পাঁ‌চগৰাকী অপ্সৰা যাদুকৰী ৰথত আৰোহণ কৰি অৰণ্যলৈ স্নান কৰিবৰ বাবে আহে।[4]

ছত্তিশগড়ৰ এক লোকগীতত বকাৱলী নামৰ ইন্দ্ৰৰ এগৰাকী দুহিতাৰ কথা উল্লেখ আছে। 'মালিনী বকাৱলীৰ বিলাপ' শীৰ্ষক লোকগীতটিত লখিয়া নামৰ এজন লোকে এগৰাকী সাধুৰ মুখেৰে বকাৱলীকে ধৰি ইন্দ্ৰৰ সাতগৰাকী দুহিতাই হ্ৰদত স্নান কৰাৰ ভূ পায়।[18]

দ্ৰাবিড় ভাষাৰ এক কাহিনীত জগতলপ্ৰতাপ নামৰ এজন ৰাজকুমাৰ অৰণ্যৰ মাজৰ এখন উদ্যানত ইন্দ্ৰৰ জীয়ৰী আৰু তেওঁৰ পৰিচাৰিকাসকলৰ সৈতে মুখামুখি হয়।[19] নাটেছা শাস্ত্ৰীৰ 'দ্য দ্ৰাবিড়িয়ান নাইটছ এণ্টাৰটেইনমেণ্ট'ৰ দ্বিতীয় কাহিনীটোত এপাহ বিশেষ ফুলৰ সন্ধান কৰোঁতে ৰাজকুমাৰে দৈৱিক কুমাৰী এগৰাকীৰ পৰা বস্ত্ৰ চুৰি কৰাৰ বৰ্ণনা দিয়া হৈছে।[20]

চাওঁ‌তালী উৎসৰ পৰা সংগৃহীত এক লোককথাত ('ছাগলীৰখীয়া তোৰিয়া আৰু সূৰ্যৰ জীয়ৰী') সূৰ্যৰ দুহিতাসকল মকৰাজালত উঠি মৰ্ত্যলৈ নামি আহে আৰু ছাগলীৰখীয়া তোৰিয়াক তেওঁলোকৰ সৈতে জলকেলি কৰিবলৈ আহ্বান জনায়। তোৰিয়াই কোনে কিমান সময়ৰ বাবে পানীত ডুব মাৰি থাকিব পাৰে তাকে চোৱা অচিলাৰে তেওঁলোকক পানীত ডুব মাৰি থাকিবলৈ ছলাহী কথাৰে পতিয়ন নিয়ায়। তেওঁলোকে বুৰ মাৰিলত তোৰিয়াই তেওঁৰ মানত আটাইতকৈ সুন্দৰী যুৱতীগৰাকীৰ বস্ত্ৰ চুৰি কৰি ঘৰলৈ পলায়ন কৰে।[21][4]

বঙালী সাধু 'দিনাজপুৰ'ত শিৱ দাস নামৰ এজন ৰাজকুমাৰক সপোনত দেখা দিয়া এগৰাকী ৰমণীৰ কথা কোৱা হৈছে। এজন ঋষিৰ মুখেৰে ৰাজকুমাৰে সম্ভেদ পায় যে পূৰ্ণিমাৰ নিশা পাঁ‌চগৰাকী অপেশ্বৰী এটা পুখুৰীত গা ধুবলৈ আকাশৰ পৰা নামি আহিব। তাৰেই এগৰাকী হৈছে সপোনত তেওঁ দেখা পোৱা তিলোত্তমা নামৰ ৰমণী।[22]

কাৰ্বিসকলৰ এক লোকসাধুৰ মতে এজন লোকৰ নুমলীয়া পুত্ৰ শৰত কোঁ‌ৱৰ ছজন ককায়েক আৰু দেউতাকৰ পৰা মৃত্যুৰ ভাবুকি পাই ঘৰৰ পৰা পলাই যায় আৰু এগৰাকী বৃদ্ধাৰ ঘৰত আশ্ৰয় লয়। গা ধুবলৈ যাওঁ‌তে কোঁ‌ৱৰক নদীৰ উজনিৰ ফালে যাবলৈ হাক দিয়া স্বত্বেও তেওঁ উজনিৰ দিশে গমণ কৰে। তেওঁ সেই ঠাইত স্বৰ্গৰাজৰ ছগৰাকী কন্যাই অৱতৰণ কৰি নিৰাভৰণ হৈ স্নান কৰা দেখা পায়।[23]

উৎস সম্পৰ্কে অজ্ঞাত 'আতৰ বেঁ‌চোতাৰ জীয়ৰী' নামৰ এক ভাৰতীয় সাধুকথাত ৰাজকুমাৰৰ পত্নীয়ে আঙুঠিটো খুজি লৈ অজানা ঠাইলৈ উৰা মাৰে। বেজাৰত ম্ৰিয়মাণ হৈ ৰাজকুমাৰে গোটেই পৃথিৱী চলাথ কৰে আৰু এজন বৃদ্ধ তপস্বীক লগ পায়। তপস্বীয়ে তেওঁক কয় যে পূৰ্ণিমাৰ নিশা ৰাজকুমাৰৰ পত্নী তেওঁৰ লিগিৰীসকলৰ সৈতে দেৱলোকৰ পৰা পৃথিৱীৰ হ্ৰদলৈ নামি আহিব আৰু তেওঁ নিজৰ পত্নীৰ গাৰ চাদৰখন হাত কৰিব লাগিব।[24]

ভাৰতীয় সাধুকথাৰ সংগ্ৰহ কথাসৰিৎসাগৰত অপ্সৰাৰ উল্লেখ থকা অন্ততঃ দুটা এনেধৰণৰ সাধু আছে। তাৰে এটা সাধুত মৰুভূতি নামৰ এজন লোকে এজন সন্ন্যাসীৰ কথামতে নদীত স্নান কৰিবলৈ অহা এগৰাকী অপ্সৰাৰ বস্ত্ৰ চুৰ কৰে আৰু সেই সন্ন্যাসীজন অপ্সৰাৰ মানৱ স্বামী হৈ পৰে।[25] দ্বিতীয় সাধুত ভৈৰৱে এজন লোকক মহাকালৰ পবিত্ৰ পুখুৰীত গা ধুই থাকোঁ‌তে অপ্সৰাসকলৰ অঙ্গবস্ত্ৰ হৰণ কৰিবলৈ আদেশ দিয়ে। ভৈৰৱৰ কথামতে তেওঁ এই কাম কৰাৰ পিছত অপ্সৰাসকলে তেওঁলোকৰ বস্ত্ৰ ঘূৰাই বিচাৰে। তেতিয়া তেওঁ চৰ্ত ৰাখে যে কনিষ্ঠ অপ্সৰা কলাৱতীৰ পানি তেওঁৰ হাতত অৰ্পণ কৰিলেহে তেওঁ অপ্সৰাসকলৰ বস্ত্ৰ ওভতাই দিব।[26]

'কাঠকটীয়া আৰু সাত পৰী' নামৰ অন্য এটা সাধুত এজন কাঠকটীয়াই অৰণ্যত কামৰ পৰা ক্ষন্তেক জিৰণি লওঁতেই সাতগৰাকী পৰীয়ে এটা নাদৰ পাৰত গা ধুই থকা দেখা পায়। তেওঁ পৰীকেইগৰাকীৰ বস্ত্ৰ চুৰ কৰে আৰু তেওঁ বিয়া কৰাব বিচৰা এগৰাকী ৰাণীক আহ্লাদিত কৰাৰ উপায় বিচাৰে।[27]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Literary Sources of D&D". http://www.geocities.com/rgfdfaq/sources.html। আহৰণ কৰা হৈছে: 23 February 2007. 
  2. 2.0 2.1 Thompson (1977), পৃষ্ঠা. 88.
  3. Thompson (1977), 88, note 2.
  4. 4.0 4.1 4.2 Hartland, E. Sidney. "THE PHYSICIANS OF MYDDFAI." The Archaeological Review 1, no. 1 (1888): 25. Accessed 6 April 2021. http://www.jstor.org/stable/24707779.
  5. Beza, Marcu. "The Sacred Marriage in Roumanian Folklore". In: The Slavonic Review 4, no. 11 (1925): 324-325. Accessed September 3, 2021. http://www.jstor.org/stable/4201965.
  6. Gimbutas, Marija; Miriam Robbins Dexter (1999). 'The Living Goddesses'. University of California Press. p. 194. আই.এচ.বি.এন. 0-520-22915-0.
  7. Grimm, Jacob (1880). 'Teutonic Mythology'. Vol. 1. James Steven Stallybrass (tr.). W. Swan Sonnenschein & Allen. pp. 426-427.
  8. Benoit, Jérémie (1989). "Le Cygne et la Valkyrie. Dévaluation d'un mythe". Romantisme খণ্ড 19 (64): 69–84. doi:10.3406/roman.1989.5588. 
  9. 9.0 9.1 Smith, S. Percy. "Aryan and Polynesian Points of Contact. The Story of Te Niniko". In: 'The Journal of the Polynesian Society'. Vol. XIX, no. 2. 1910. pp. 84–88. http://www.jstor.org/stable/20700902.
  10. 10.0 10.1 Tuzin, Donald F. 'The Cassowary's Revenge: The life and death of masculinity in a New Guinea society'. Chicago: University of Chicago Press. 1997. pp. 71–72.
  11. Baring-Gould, Sabine. 'The book of were-wolves: Being an Account of a Terrible Superstition'. London: Smith, Elder and Co. 1865. pp. 178–177.
  12. Tawney, Charles Henry. 'The ocean of story, being C.H. Tawney's translation of Somadeva's Katha sarit sagara (or Ocean of streams of story)'. Book 8. London, Priv. print. for subscribers only by C.J. Sawyer. 1924–1928. Appendix I. p. 234.
  13. Hatto, A. T. (1961). "The Swan Maiden: A Folk-Tale of North Eurasian Origin?". Bulletin of the School of Oriental and African Studies, University of London খণ্ড 24 (2): 326–327. doi:10.1017/S0041977X00091461. 
  14. MOTZ, LOTTE. "NEW THOUGHTS ON VǪLUNDARKVIÐA". In: Saga-Book 22 (1986): 50, 52, 54. Accessed August 14, 2021. https://www.jstor.org/stable/48612754.
  15. Brakel-Papenhuyzen, Clara (2006). "Jaka Tarub, a Javanese culture hero?". Indonesia and the Malay World খণ্ড 34 (98): 75–76. doi:10.1080/13639810600652352. 
  16. Tuttle, Hudson; Tuttle, Emma Rood. Stories From Beyond the Borderlands. Berlin Heights, Ohio: The Tuttle Publishing Company. 1910. pp. 175–176.
  17. Cox, Marian Roalfe. 'An introduction to Folk-Lore'. London: Charles Scribner's Sons. 1895. pp. 120–122.
  18. Elwin, Verrier. 'Folk Songs Of Chhattisgarh'. Oxford University Press. 1946. pp. 316–337.
  19. S. M. Natesa Sastri. 'The Dravidian Nights Entertainments: Being a Translation of Madanakamarajankadai'. Madras: Excelsion Press. 1886. pp. 84–91, 106–107 and 115–119. [1]
  20. S. M. Natesa Sastri. 'The Dravidian Nights Entertainments: Being a Translation of Madanakamarajankadai'. Madras: Excelsion Press. 1886. pp. 146–151. [2]
  21. Archæological Survey of India., Royal Anthropological Institute of Great Britain and Ireland. 'Indian antiquary'. Vol. 4. 1875. Bombay: Popular Prakashan. pp. 10–12.
  22. Archæological Survey of India., Royal Anthropological Institute of Great Britain and Ireland. 'Indian antiquary'. Vol. 4. 1875. Bombay: Popular Prakashan. pp. 54–59.
  23. Stack, Edward; Lyall, Charles James, Sir. 'The Mikirs; from the papers of the late Edward Stack'. London, D. Nutt. 1908. pp. 55–70 (English translation); 113–150 (original text).
  24. Thornhill, Mark. 'Indian fairy tales'. London: Hatchards. [1888] pp. 15–66.
  25. Tawney, C. H. 'The Katha Sarit Sagara'. Vol. 2. 1880. pp. 452–453.
  26. Tawney, C. H. 'The Katha Sarit Sagara'. Vol. 2. 1880. pp. 576–577.
  27. Venkataswami M. N. 'Heeramma And Venkataswami Or Folktales From India'. Madras: Diocesan Press. 1923. pp. 130–133. [3]