হগ্ৰা নাচ
হগ্ৰা নাচ হৈছে সোণোৱাল কছাৰীসকলৰ এক নৃত্য। এই নৃত্য মূলতঃ উপাস্য দেৱতাৰ পূজা আৰু ধৰ্মীয় জীৱনৰ লগত জড়িত। কাহিনী গীতৰ লগত সংগতি ৰাখি কৰা ই একধৰণৰ নাটকীয় পৰিৱেশন। হগ্ৰা নাচত নিৰ্দিষ্টসংখ্যক লোকে হুঁচৰি গীতৰ দৰে এটা বিশেষ কাহিনী গীত হিচাপে গায় আৰু কেইজনমান সদস্যই অভিনয় কৰি এক নাটকীয় পৰিৱেশৰ সৃষ্টি কৰে। হগ্ৰা শব্দটোৰ অৰ্থ দুইধৰণে পোৱা যায়। প্ৰথমটো - হগ্ৰা মানে হগৰা বা গাহৰি। ইয়াৰ অৰ্থ এইটো হব পাৰে যে বাইথ’ পূজাৰ বলিৰ বাবে গাহৰি বিচাৰি কৰা গাহৰি চিকাৰ। আনটো অৰ্থমতে হগ্ৰা নৃত্যৰ মূল ব্যক্তিজন মানে (হগ্ৰাবীৰ)-ৰ নেতৃত্বত বলিৰ বাবে গাহৰি চিকাৰলৈ যোৱা হৈছিল। চিকাৰৰ সময়ত হোৱা সুবিধা-অসুবিধা, গাহৰি চিকাৰ কৰি শালত বলি দিয়া আৰু তাৰ মাংস ভগাই লোৱা আদিকে কৰি গোটেই প্ৰক্ৰিয়াটো গীত আৰু অভিনয়ৰ সহায়ত ধেমালি আৰু আনন্দেৰে প্ৰকাশ কৰা হয়।
হগ্ৰা নাচ আয়োজনৰ সময়
সম্পাদনা কৰকবাইথ' পূজাৰ স'তে এই নাচ সম্পৰ্কিত যদিও বৰ্তমানে দেখা যায় যে বহাগ বিহুৰ সাতদিনৰ আগতে হগ্ৰা নাচৰ আয়োজন কৰে। প্ৰকৃতিৰ পৰিৱৰ্তন, জোনৰ অৱস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি এই নাচৰ আয়োজনৰ দিন ঠিক কৰা হয়। সোণোৱাল লোকসংস্কৃতিৰ বিশেষজ্ঞ গম্ভীৰ শইকীয়াৰ মতে হগ্ৰা নাচত বলি বিধান বা ধৰ্মীয় দিশতকৈ বিহুৰ সাতদিনৰ আগতে বিহু সামগ্ৰী গোটোৱাৰ প্ৰবৃত্তিৰ লগতহে মিল আছে। উল্লেখনীয় যে সোণোৱালসকলৰ এই নাচৰ জৰিয়তে ঘাইকৈ আদিম মানুহৰ চিকাৰ জীৱনৰ স্পষ্ট এক নিদৰ্শন পোৱা যায়।
হগ্ৰা নাচৰ সাজ-পোছাক
সম্পাদনা কৰকহগ্ৰা নাচৰ মূল ব্য়ক্তি হগ্ৰাবীৰে সম্পূৰ্ণৰূপে চিকাৰীৰ ৰূপত সাজি-কাচি ওলায়। হগ্ৰাবীৰ আৰু তেওঁৰ সহোযোগীজনে মাত্ৰ এখন লেংটিৰ বাহিৰে কোনো কাপোৰ পৰিধান নকৰে। দুয়ো বগা ৰঙেৰে গা আৰু মুখত বিভিন্ন চিহ্ন অংকন কৰি লয়। মূল চিকাৰীজনে হাতত ধনু কাঁড় আৰু আলু খন্দা ঠাৰেং এডাল লয় আৰু তেওঁৰ সহযোগীজনে অস্ত্ৰ হিচাপে হাতত এখন দা লয়। জাকৈ আৰু খালৈ ক্ৰমে পুৰুষ আৰু নাৰী চৰিত্ৰ। জাকৈয়ে সামান্য় কাপোৰেৰে মেথনি বা বক্ষ বন্ধনী আৰু কঁকালৰ তলৰ অংশত কলপাতৰ ছিৰিলি ছিৰিলি কাপোৰ পৰিধান কৰে। খালৈয়ে লেংটি পিন্ধে। এই নাচৰ চিকাৰৰ পহুৰ ভাও লোৱাজনে পহুৰ মুখা আৰু পহুৰ দৰে গাত আঁকি লৈ পহুৰ ৰূপ ধাৰণ কৰে।
হগ্ৰা নাচৰ গীত-নৃত্য
সম্পাদনা কৰকহগ্ৰা নাচত যি হুঁচৰিৰ দৰে গীত গায়, সেই গীত নিচুকনি গীতৰ লগত প্ৰায় একেই। মূল হগ্ৰা নাচ আৰম্ভ হোৱাৰ কিছুসময় আগতে এই হুঁচৰি গীতবিলাক গোৱা হয়। হগ্ৰা নাচত হগ্ৰা বীৰে চিকাৰীৰ বেশত চিকাৰ বিচৰাৰ অভিনয় কৰে। চিকাৰ সন্ধানত চিকাৰীয়ে সন্মুখীন হোৱা অসুবিধাসমূহ নাচ আৰু অভিনয়ৰ যোগেদি দলটোৱে প্ৰদৰ্শন কৰে। জাকৈ আৰু খালৈয়ে নাচ আৰু অভিনয়ৰ মাধ্যমেৰে জাকৈয়ে মাছ ধৰা, খালৈত ভৰোৱা আদি প্ৰদৰ্শন কৰে। বিশেষজ্ঞ গম্ভীৰ শইকীয়াৰ মতে হগ্ৰাবীৰে আদি বাসভূমি কাছাৰৰ পৰা তেওঁৰ লগৰীয়াসকলৰ লগত উজাই আঁহোতে ডিবং লালিমুখত সাতঘৰ মিৰি মানুহ পাইছিল। এওঁলোকৰ তিনিঘৰ কছাৰীসকলৰ লগত মিলি যায় আৰু হগ্ৰাৰ চিকাৰ যাত্ৰাত সহযোগ কৰে। পাছলৈ মিৰিসকলেই পহুৰ ভাও দিছিল আৰু সেইবাবে এই নাচক মিৰিপহু বুলিও কোৱা হয়। হগ্ৰা নাচত গোৱা কেইটামান গীত এনেধৰণৰ,
ছিৰি ছিৰি নদৰাই ঐ ছিৰি ছিৰি নদৰাই
ডাল ভাঙি ফল খাই ঐ হলৌ বান্দৰাই
চিকাৰীয়ে চিকাৰ নাপায় কৰে মৃদু মৃদু॥
একো চৰাই নাকান্দিলে কান্দিলেক হুদু
আন এটা গীতৰ উদাহৰণ এনেধৰণৰ--
চৌ চৌ মিৰি ফচৌ চৌ হাৰৌ
বাপেৰ গৈছি পহু মাৰব ফচৌ চৌ হালৌ
চুকত আছি মদ মেৰা উমলাই খৌ॥
মাহাৰ গৈছি মাছ মাৰব ফচৌ চৌ হালৌ
অসমীয়া সংস্কৃতিত হগ্ৰা নাচৰ ভূমিকা
সম্পাদনা কৰকবিভিন্ন জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ অসমত হগ্ৰা নাচে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। তদুপৰি সোণোৱাল কছাৰীসকলৰ লোক-আচাৰ অনুষ্ঠানসমূহ, মৌখিক সাহিত্যসমূহে অসমীয়া লোক-সংস্কৃতিৰ ভঁৰালটো চহকী কৰি ৰাখিছে। হগ্ৰা নাচে যিহেতু আদিম মানৱ সমাজৰ জীৱন, কাৰ্য-কলাপক প্ৰতিনিধিত্ব কৰাৰ লগতে তেওঁলোকৰ নিয়ম-কানুন সমূহকো প্ৰতিনিধিত্ব কৰিছে গতিকে আমি ইয়াৰ পৰা সাংস্কৃতিক বিৱৰ্তনৰ এক চিত্ৰপট লাভ কৰিব পাৰোঁ। হগ্ৰা নাচৰ গীত, নাচ আৰু অভিনয়ে সন্মিলিতভাৱে আৰু এককভাৱেও আমাক আমোদ দিয়াৰ লগতে বিভিন্ন পৰিৱেশ-পৰিস্থিতি, বাৰ্তাৰ সম্ভেদ দিয়ে। লগতে এনে অভিনয়-গীতৰ ভিন্নতাই বাৰেবৰণীয়া অসমীয়া সংস্কৃতিকো ৰঙীন কৰি তোলে। হগ্ৰা নাচে সোণোৱাল কছাৰীসকলৰ জাতিগত চৰিত্ৰ, আদি সমাজ-সংস্কৃতিৰ সম্পৰ্কে তথ্য়ৰ বাহকৰূপে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক যোগসূত্ৰ নিৰ্মাণ কৰি আহিছে।