হাজং জনগোষ্ঠীৰ সাজপাৰ ভাৰতৰ উত্তৰ-পুৱাঞ্চলত বসবাস কৰা অতিকে চিনা-পৰিচিত জনগোষ্ঠী হ'ল হাজং জনগোষ্ঠী। প্ৰত্যেক জনগোষ্ঠীৰ দৰেই হাজংসকলো নিজস্ব সাজপাৰ, লোক-সংস্কৃতি আছে। হাজংসকল মুলতে খেতি-বাতি কৰা লোক। হাজং পুৰুষে খেতিত পাকৈত আৰু কৃষিজীবি হাজং মহিলাসকল প্ৰত্যেকেই একোজনী পাৰ্গত শিপিনী। হাজংসকলে সাজপাৰ তৈয়াৰ কৰা তাঁতৰ শালক "বানা' বুলি কয়। বানা প্ৰতিটো হাজং পৰিয়ালৰ এক সাংস্কৃতিক সম্পদ। মূলতঃ বানা তিনিপ্ৰকাৰৰ যেনেঃ ১/শিস্নী বা মাটি বানা, ২/শ্বাল বানা ৩/ তাঁত বানা আদি। বানা প্ৰস্তুত কৰিবলৈ বিভিন্ন সা-সৰঞ্জামৰ প্ৰয়োজন। যেনেঃ বানাগাৰি, দুৰপতি, মাখু, বেও, লাটাই, চুৰখি, বোৱাসূতা, ভলডাঙৰা, শিস্নীবাৰি, যতৰ, সূতা ভৰোৱা নলী, ৰাজ, ৰাজকাতা, পুতুলবাৰি, বানাখুটা, ৰচি, হাতকাৰাবৰি, হিৰখাতি, বোৱাদাঙি, বোৱাচুঙা, ঠেৰঠেৰাবাৰি ইত্যাদি। সম্প্ৰতি শিস্নী বা মাটি বানাত কমসংখ্যক লোকে কাপোৰ প্ৰস্তুত কৰে। এই বানাত কাপোৰ প্ৰস্তুত কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন আৰু কষ্টকৰ। শ্বাল বা তাঁত বানাত অতি কম সময়ৰ ভিতৰত কাপোৰ প্ৰস্তুত কৰি উলিয়াব পৰা যায়। এই বানাত কাপোৰ বোৱা অতি সহজ। সম্প্ৰতি এই বানা প্ৰচুৰ প্ৰচলন। হাজং শিপিনীৰ কৰ্মনিপুণতা সাজপাৰ পাতিন, আগন, কমপেছ, গামোচা আদি ঘৰতে প্ৰস্তুত কৰি বিশ্বৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছে।

 
পৰম্পৰাগত পোছাক পিন্ধা হাজং সংস্কৃতি দল

হাজং মহিলাসকলে বুকুৰ পৰা ভৰিৰ কলাফুল বা পতালৈকে গাত মেৰিয়াই পিন্ধা কাপোৰখনেই পাতিন বা পাঠিন। ই হাজং মহিলাৰ জাতীয় পোছাক। পাতিনে হাজং মহিলাৰ সম্ভ্ৰম, মৰ্যাদা আৰু জাতীয় ঐতিহ্যৰ চেতনা সূচিত কৰায়। পাতিন হাজং মহিলাৰ মূল পৰিধেয় বস্তু হোৱাৰ লগতে ই হাজং জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় জ্ঞাপক সাজ অৰ্থাৎ জাতীয় পোছাক। হাজং মহিলাসকলে তাঁত বা তেওঁলোকৰ পৰম্পৰাগত তাঁত 'বানা'ত পাতিন তৈয়াৰ কৰি লয়। সেয়েহে তেওঁলোকে নিজৰ শাৰীৰিক উচ্চতা অনুসৰি নিজৰ হাতৰ দীঘলকৈ ৬/৭ হাত আৰু পথালিয়ে ৩/৪ হাতৰ জোখত পাতিন তৈয়াৰ কৰি লয়। পাতিন তিনি প্ৰকাৰৰ। (১) ৰাঙা পাতিন, (২) কাণ পাতিন আৰু (৩) ধলা পাতিন অৰ্থাৎ বগা ৰঙৰ পাতিন। প্ৰতিবিধ পাতিনৰ সুকীয়া বৈশিষ্ট্য আছে।

ৰাঙা পাতিন

সম্পাদনা কৰক

বাঙা পাতিন হৈছে ৰঙা বঙৰ সৈতে বিভিন্ন বং-বিৰঙৰ কাৰুকাৰ্য খচিত কৰি তৈয়াৰ কৰা পাতিন। এই পাতিনত ৰঙা ৰঙৰ সূতাই বেছিকৈ ব্যৱহাৰ কৰা দেখা যায়। আনহাতে এই পাতিনৰ দুয়ো কাষত বিভিন্ন ৰঙৰ ডোৰা বা চাপা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। এই পাতিন চাপাৰ অনুসৰি এক চাপা, দুই চাপা, তিনি চাপা নামেৰেও নামকৰণ কৰা হয়। চাপাৰ উপৰিও পাতিনত দীঘলীয়াকৈ সানমিহলি বিভিন্ন যি ৰঙ প্ৰয়োগ কৰা হয় তাক চালা বোলে। এই চাক্লাবো নাম সুকীয়া সুকীয়া। যেনে-যোৰ ভাঙা, গৰাচামৰি, দালুছাৱা, কালাইতিলা ছাৱা, চিপ্ৰা ছাৱা, ঝাৰমণি ছাৱা, শলপোণা ছাৱা সেঙনিলী ছাৱা, কৰেবাৰী ছাৱা ইত্যাদি। ছোৱালীৰ পৰা আৰম্ভ কৰি সধৱা বা বৃদ্ধালৈকে সকলোৱে ৰাঙা পাতিন পৰিধান কৰে। কেৱল বৃদ্ধা বিধৱা মহিলা সকলেহে ৰাঙা পাতিন পিন্ধিব নোৱাৰে। ধৰ্মীয় সংস্কাৰ অনুসৰি বিধৱা মহিলাসকলে বগা পাতিন পিন্ধিব লাগে যদিও কম বয়সতে বিধৱা হোৱা মহিলাই ৰাঙা পাতিন পিন্ধাত সম্প্ৰতি কোনো সামাজিক প্ৰতিবন্ধক নাই। বৰ্তমান যান্ত্ৰিক যুগৰ অগ্ৰগতিত আধুনিক শিক্ষাৰে শিক্ষিতা মহিলাসকলে নিজৰ দৈনন্দিন বিভিন্ন কৰ্মক্ষেত্ৰত নিজৰ অভীৰুচি, সুবিধা অনুসৰি ভাৰতীয় পৰ্যায়ৰ বিভিন্ন সাজ-পাৰ পিন্ধিবলৈ আৰম্ভ কৰিছে। তাত সামাজিক কোনো বাধ্যবাধকতা নাই। কিন্তু নিজৰ স্ব-জাতীয় ধৰ্মীয়, সামাজিক অনুষ্ঠান, সভা- সমিতিত হাজং মহিলাসকলে ৰাঙা পাতিন পিন্ধি নিজৰ জনগোষ্ঠীয় জাতীয় সম্ভ্ৰম আৰু মৰ্যাদা অক্ষুণ্ণ বাখিছে। হাজং মহিলাসকলে এনেদৰে সভা-সমিতি আৰু নিজৰ জনগোষ্ঠীয় উৎসব-পাৰ্বণ আদিত ৰাঙান পাতিন, ফুলা আগণ বা আগৰুণ পৰিধান কৰি জাতীয় চিনাকি দি আহিছে। গাঁৱলীয়া হাজং মহিলাসকল প্ৰায় প্ৰত্যেকেই একো একোজনী দক্ষ শিলিনী। তেওঁলোক মানসিক, শাৰীৰিক খাটনি কৰি নিজৰ বাবে নিজেই তাঁতত বা শালত ৰাঙা পাতিন অধিক উজ্জ্বলকৈ প্ৰস্তুত কৰি আছে। আধুনিকতাৰ কচি, আৰু সৌন্দৰ্যৰ কাৰণে বৰ্তমান হাজং মহিলাই কপাহী সূতাৰ উপৰিও উজ্জ্বল ৰঙৰ বিভিন্ন সূতা ব্যৱহাৰেৰে সোণালী ৰঙৰ ৰাং আদি লগাই ৰাঙা পাতিন প্ৰস্তুত কৰিব ধৰিছে। কপাহী সূতাৰে প্ৰস্তুত কৰা পৰম্পৰাগত ৰাঙা পাতিনতকৈ আধুনিক বিভিন্ন সূতা আৰু ৰাং দি বনোৱা পাতিনৰ খাটনি বেছি। ইয়াত খৰচৰ লগতে সময়ো অধিক লাগে।

কাণ পাতনি

সম্পাদনা কৰক

কাণ পাতিন প্ৰস্তুত কৰোঁতে ৰং বিৰঙৰ সূতা কমকৈ ব্যৱহাৰ কৰাৰ লগতে ৰাঙা পাতিনতকৈ এই পাতিনত কমকৈ সূতাৰ ব্যৱহাৰ হয়। সেই বাবে কাণ পাতনি দেখাত বংচঙীয়া আৰু দেখাত উজ্জ্বল নহয়। ই ৰাঙা পাতিনতকৈ কিছু পাতল আৰু প্ৰস্তুত কৰোঁতে সময়েৰো কিছু প্ৰয়োজন নহয়। এই কাণ পাতনি বয়সিয়াল মহিলা আৰু বৃদ্ধাসকলেহে পৰিধান কৰে।

ধলা পাতিন

সম্পাদনা কৰক

ধলা বা বগা পাতিন অকল বগা ৰঙৰ সূতাৰেহে তৈয়াৰ কৰা হয়। কোনো কোনোৱে ধলা পাতিন কাষে কাষে কিছু পৰিমাণে কলা ৰঙৰ সূতাও ব্যৱহাৰ কৰে। এই পাতিন কিছু পৰিমাণে সূতা কমকৈ ব্যৱহাৰ কৰা হয়। সেয়ে ই অন্য পাতিনতকৈ কিছু পাতল। ধলা অৰ্থাৎ বগা ৰঙৰ এই পাতিন কেবল বিধৱা মহিলাসকলেহে পৰিধান কৰে। হাজং মহিলাসকলে এইদৰে তেওঁলোকৰ বয়স আৰু সামাজিকস্থিতি অনুসৰি পাতিন ব্যৱহাৰ কৰে। কোনো কোনো পাতিনৰ দীঘৰ পৰিমাণ বেছিকৈ বনাই পাতিন এটি আঁচল কঁকাল মেৰিয়াই বান্ধি লয়।

আগন বা আৰ্গন

সম্পাদনা কৰক
 
আধুনিক আগন

হাজংসকল আগন দুই প্ৰকাৰ যেনে- আগন আৰু ফুলৗ আগন। ফুল নথকা আগন বুলি কয় আৰু ফুল থকা আগনক ফুলৗ আগন বুলি কয়। ৰাঙা পাতিনৰ লগতে হাজং মহিলাসকলে গাত মেৰিয়াই ব্যৱহাৰ কৰা কাপোৰ হ'ল আগন (আৰ্গন, পাৰ্ছা, আগৰুণ বুলিও জনা যায়)। অঞ্চল বিশেষে এই আগনক উৰণা বুলিও কোৱা হয়। আগন বা উৰণা গাত লোৱা চাদৰৰ দৰে। অৱশ্যে গাৰ চাদৰতকৈ এই কাপোৰৰ আকাৰত বহল কম হয়। সাধাৰণতে হাজং মহিলাসকলে এই আগন বক্ষস্থলৰ ওপৰত ইংৰাজী (U) বা (V) আখৰটোৰ দৰে ৰাখি ইয়াৰ দুই মুৰ দুই কান্ধেদি ওলমাই দি পিঠিৰ ফালে ৰাখে। আগনব আকাৰ স্বাভাবিক ভাবে দীঘলে ৪/৫ হাত আৰু পথালিয়ে প্ৰায় ১ হাত মান হয়। এই আগন বা উৰণা পুৰুষসকলওে ডিঙিত নাইবা মূৰত মেৰিয়াই লয়। এই কাপোৰ ব্যৱহাৰৰ দ্বাৰা পুৰুষজন হাজং জনগোষ্ঠীৰ লোক বুলি জানিব পাৰি।

পুৰুষ সকলে মূৰত বা ডিঙিত মেৰিয়াই লোৱা আগনৰ দৰে পোছাক। এই কমপেছ মহিলাসকলে তাঁতশালত পুৰুষৰ বাবে তৈয়াৰ কৰি লয়।

গামোচা বা ভেঝা নিংটি

সম্পাদনা কৰক
 
ভেঝা নিংটি পৰিধান কৰা হাজং পুৰুষ।

হাজং পুৰুষসলকলে পিন্ধা কাপোৰখন বৰ্তমান গামছা (গামোছা) বুলিয়েই কোৱা হয় যদিও ইয়াক ভেঝা নিংটি বুলি পূৰ্বতে কোৱা হৈছিল। হাজং মহিলাসকলে নিজৰ বিভিন্ন কাপোৰৰ দৰে পুৰুষে পিন্ধা গামছা বা ভেঝা নিংটিটোও তাঁতত প্ৰস্তুত কৰি দিয়ে। ই আকাৰত দীঘলে ৪/৫ হাত আৰু পথালিয়ে ২/ ২১/ হাত হয়। বিবাহিত বা বয়সিয়াল পুৰুষসকলে গামোচাখনৰ এটি মূৰ দুই ভৰিৰ মাজেৰে পিছফালে লৈ কঁকালত গুজে। এনেদৰে গুজি লোৱা কাৰণে এই কাপোৰক ডেঝা নিংটি বুলি কৈ অহা হৈছে। হাজং পুৰুষসকলে পূজা-পাৰ্বণ, বিয়া-সবাহ, ৰাজহুৱা অনুষ্ঠান আদিত নিংটি গুজি এই কাপোৰ পিন্ধে পুৰুষে পিন্ধা গামোচাখন সাধাৰণতে বগা ৰঙৰ হয় যদিও, হাজংসকল কৃষিজীৱি হোৱা কাৰণে নীলা, সেউজীয়া, পখৰা ৰঙৰো হয়। কাৰণ বগা বঙৰ গামোচাৰে খেতি বা কৃষি কাম কৰিলে ইয়াৰ সৌন্দৰ্য নাথাকে। গামোচা পুৰুষসকলৰ মূল পিন্ধা কাপোৰ হোৱাৰ উপৰিও হাজং তিৰোতাসকলে নিজৰ শিশুক পিঠিত বোকোচা বান্ধোতেও ব্যৱহাৰ কৰে। গাঁৱলীয়া হাজং তিৰোতাই শিশুক গামোচাৰে পিঠিত বোকোচা বান্ধি ইটো- সিটো দৈনন্দিন কাম-কাজ কৰে। হাজং তিৰোতাসকলে ইতিমধ্যে উল্লেখ কৰি অহা ৰাঙা পাতিন, ফুলা আগন, ভেঝা নিংটি বা গামোচা আদি সকলো ধৰণৰ বস্ত্ৰ নিজৰ বানা বা তাঁতত বৈ লয়। কৃষিজীবি গাঁৱলীয়া হাজং মহিলাসকল প্ৰত্যেকেই একোজনী পাৰ্গত শিপিনী। সম্প্ৰতি কিছু সংখ্যক হাজং মহিলাই নিজব তাঁত শালত ৰাঙা পাতিন, ফুলা আগন গামোচা আদি প্ৰস্তুত কৰি ব্যৱসায়ৰ বাটো মুকালি কৰিছে আৰু তেওঁলোক আৰ্থিকভাৱে সুন্দৰ উপায় হোৱাৰ লগতে হাজং সমাজৰ স্বকীয় কুটিৰ শিল্প, সংস্কৃতিক জীয়াই ৰখাৰ উত্তম পথ।