হাৰুকি মুৰাকামি (ইংৰাজী: Haruki Murakami) এগৰাকী প্ৰখ্যাত জাপানী লেখক তথা সমসাময়িক লেখক।

হাৰুকি মুৰাকামি
村上 春樹
জন্ম ১২ জানুৱাৰী, ১৯৪৯ (৭৫ বছৰ)
কিয়’ট’, জাপান[lower-alpha 1]
পেচা
  • ঔপন্যাসিক
  • চুটিগল্প লেখক
  • নিবন্ধকাৰ
  • অনুবাদক
ভাষা জাপানী
মাতৃশিক্ষায়তন ৱাছেডা বিশ্ববিদ্যালয়
সময়
সাহিত্যিক বিপ্লৱ
উল্লেখনীয় কৰ্মৰাজি

স্বাক্ষৰ
ৱেবছাইট www.harukimurakami.com

জন্ম আৰু পৰিচয় সম্পাদনা কৰক

১৯৪৯ চনৰ ১২ জানুৱাৰীত জাপানৰ কিয়’ট’ত জন্মগ্ৰহণ কৰা মুৰাকামিৰ ৰচনাসমূহে যাদুকৰী বাস্তৱবাদ, অতিবাস্তৱবাদ আৰু দৈনন্দিন জীৱনৰ উপাদানসমূহৰ অনন্য মিশ্ৰণ ঘটাইছে।[1] হাৰুকি মুৰাকামিৰ ৰচনাসমূহৰ বৈশিষ্ট্য হৈছে সপোনসদৃশ আখ্যান, য’ত সাধাৰণ চৰিত্ৰবোৰক অসাধাৰণ পৰিস্থিতিলৈ ঠেলি দিয়া হয়। মুৰাকামিয়ে প্ৰায়ে জাপানী সংস্কৃতিৰ লগত পশ্চিমীয়া সাহিত্য, সংগীত আৰু জনপ্ৰিয় সংস্কৃতিৰ উপাদানসমূহ নিখুঁতভাৱে গাঁথি তেওঁৰ গল্পসমূহত এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰে।[2]

বঁটা -সন্মান সম্পাদনা কৰক

লেখক হিচাপে তেওঁ বহুকেইটা আন্তৰ্জাতিক সন্মান আৰু পুৰস্কাৰ লাভ কৰিছে। তাৰে কেইটামান হৈছে

  1. Gunzo Prize for New Writers,
  2. World Fantasy Award,
  3. Frank O'Connor International Short Story Award,
  4. Franz Kafka Prize
  5. Jerusalem Prize ইত্যাদি।

হাৰুকি মুৰাকামিৰ ৰচনাসমূহ বহু ভাষালৈ অনূদিত হৈছে আৰু বিশ্বজুৰি লাখ লাখ কপি বিক্ৰী হৈছে। উপন্যাসৰ বাহিৰে মুৰাকামিৰ চুটিগল্প আৰু প্ৰবন্ধৰ সংকলন প্ৰকাশ পাইছে। তেওঁৰ স্মৃতি ৰোমন্থনমূলক গ্ৰন্থ হৈছে— ‘হোৱাট আই টক এবাউট হোৱেন আই টক এবাউট ৰানিং’।[3]

সাহিত্য কৃতি সম্পাদনা কৰক

তেওঁৰ কেইখনমান প্ৰখ্যাত গ্ৰন্থ হৈছে

  • Norwegian Wood (1987)
  • The Elephant Vanishes (1993),

The Wind-Up Bird Chronicle (1994- 95),

  • Underground (1997),
  • Kafka on the Shore (2002)
  • First Person Singular (2020)
  • 1Q84,
  • কলাৰলেছ চুকুৰু তাজাকি এণ্ড হিজ ইয়াৰ্ছ অৱ পিলগ্ৰিমেজ[4]

টোকা সম্পাদনা কৰক

  1. Japan was under the Allied occupation at the time of Murakami's birth.

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. প্ৰকল্প ৰঞ্জন ভাগৱতী (13 June, 2023). "অনুবাদ গল্প". নীলা চৰাই. https://nilacharai.com/%e0%a6%b9%e0%a6%be%e0%a7%b0%e0%a7%81%e0%a6%95%e0%a6%bf-%e0%a6%ae%e0%a7%81%e0%a7%b0%e0%a6%be%e0%a6%95%e0%a6%be%e0%a6%ae%e0%a6%bf%e0%a7%b0-%e0%a6%97%e0%a6%b2%e0%a7%8d%e0%a6%aa/। আহৰণ কৰা হৈছে: 25 June 2023. 
  2. প্ৰকল্প ৰঞ্জন ভাগৱতী (13 June, 2023). "অনুবাদ গল্প". নীলা চৰাই. https://nilacharai.com/%e0%a6%b9%e0%a6%be%e0%a7%b0%e0%a7%81%e0%a6%95%e0%a6%bf-%e0%a6%ae%e0%a7%81%e0%a7%b0%e0%a6%be%e0%a6%95%e0%a6%be%e0%a6%ae%e0%a6%bf%e0%a7%b0-%e0%a6%97%e0%a6%b2%e0%a7%8d%e0%a6%aa/। আহৰণ কৰা হৈছে: 25 June 2023. 
  3. প্ৰকল্প ৰঞ্জন ভাগৱতী (13 June, 2023). "অনুবাদ গল্প". নীলা চৰাই. https://nilacharai.com/%e0%a6%b9%e0%a6%be%e0%a7%b0%e0%a7%81%e0%a6%95%e0%a6%bf-%e0%a6%ae%e0%a7%81%e0%a7%b0%e0%a6%be%e0%a6%95%e0%a6%be%e0%a6%ae%e0%a6%bf%e0%a7%b0-%e0%a6%97%e0%a6%b2%e0%a7%8d%e0%a6%aa/। আহৰণ কৰা হৈছে: 25 June 2023. 
  4. প্ৰকল্প ৰঞ্জন ভাগৱতী (13 June, 2023). "অনুবাদ গল্প". নীলা চৰাই. https://nilacharai.com/%e0%a6%b9%e0%a6%be%e0%a7%b0%e0%a7%81%e0%a6%95%e0%a6%bf-%e0%a6%ae%e0%a7%81%e0%a7%b0%e0%a6%be%e0%a6%95%e0%a6%be%e0%a6%ae%e0%a6%bf%e0%a7%b0-%e0%a6%97%e0%a6%b2%e0%a7%8d%e0%a6%aa/। আহৰণ কৰা হৈছে: 25 June 2023.