হাৰ্ট ইজ..., (ইংৰাজী: Heart Is...) ( হাৰ্টী প'ৱজ (ইংৰাজী: Hearty Paws নামেৰে খ্যাত) দক্ষিণ কোৰিয়াৰ পৰা ২০০৬ চনত মুক্তিপ্ৰাপ্ত এখন চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ পৰিচালক অ'হ ডা-গ্যুঁ (ইংৰাজী: Oh Da-gyoon)।

হাৰ্ট ইজ...

ফিল্ম প'ষ্টাৰ
পৰিচালক Oh Dal-gyoon (오달균)
চিত্ৰনাট্য চিন ডং-ইক (ইংৰাজী: Sin Dong-ik) (신동익)
অভিনয়ত লী মিন হ' (ইংৰাজী: Lee Min Ho)
মুক্তি
২৬ অক্টোবৰ ২০১০
দৈৰ্ঘ্য
৯৭ মিনিট
দেশ দক্ষিণ কোৰিয়া
ভাষা কোৰিয়ান
সৰ্বমুঠ আয় $৪, ৬৭৮, ৫৪৭[1]

কাহিনীভাগ সম্পাদনা কৰক

এই চলচ্চিত্ৰখনৰ কাহিনীভাগ দুটি সহোদৰ ভাতৃ-ভগ্নীক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। ১১ বছৰীয়া ল'ৰা চ্যান-য়ি (ইংৰাজী:Chan-yi) আৰু তাৰ সৰু ভনীয়েক চ'-ই (ইংৰাজী:So-i) হৈছে ছবিখনৰ মূল চৰিত্ৰ। চ্যান -য়িৰ চৰিত্ৰত য়ু চেওং-হ' (ইংৰাজী:Yu Seung-ho) আৰু চ'-ইৰ চৰিত্ৰত কিম হ্যাং-কি (ইংৰাজী:Kim Hyang-ki)-য়ে অভিনয় কৰিছে। সিহঁতৰ দেউতাকৰ মৃত্যুৰ পিছত মাকে দুয়োকে পৰিত্যাগ কৰি দ্বিতীয় এজন ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰে। এই পৰিস্থিতিত দুয়ো কণমানি শিশুৱে অকলশৰীয়াকৈ জীৱন নিৰ্বাহ কৰিবলগাত পৰে। চ'-ইই বহুদিনৰ পৰা এটা কুকুৰ পোৱালি লাগে বুলি ককায়েকক কুটুৰি আছিল। সেয়ে চ্যান-য়িয়ে ভনীয়েকৰ ষষ্ঠ জন্মদিনত এটা কুকুৰ উপহাৰ দিবলৈ মনস্থ কৰে। সি এহাল বৃদ্ধ দম্পতীৰ ঘৰলৈ মনে মনে সোমাই নতুনকৈ জন্ম হোৱা এটা অকণমানি কুকুৰ পোৱালি চুৰ কৰি আনে। পিতৃ-মাতৃৰ অবৰ্তমানত দুই ভাতৃ-ভগ্নীয়ে দৰিদ্ৰতাৰ মাজেৰে দিন কটাইছিল যদিও কুকুৰ পোৱালিটোৰ সৈতে সিহঁত সুখেৰেই আছিল। কিন্তু এটা দূৰ্ভাগ্যজনক ঘটনাই সিহঁতত জীৱনৰ চকৰিৰ গতি যেন সলাই দিলে। এটা দুখদায়ক দূৰ্ঘটনাত চ'-ই-ই প্ৰাণ হেৰুৱায়। ভনীয়েকৰ মৃত্যুৰ পিছত চ্যান-য়ি-য়ে ঘৰৰ পৰা মাকৰ সন্ধানত ওলাই যায়। দূৰ্দশাই পিছে তাৰ লগ এৰা নাছিল। আনকি সি এসময়ত পথৰ ভিক্ষাৰীও হ'ব লগা হয়গৈ। এটা কৰুণ কাহিনীৰে চলচ্চিত্ৰখন আগবাঢ়ে।

কলা কুশলীসকল সম্পাদনা কৰক

মুক্তিৰ তথ্য সম্পাদনা কৰক

এই চলচ্চিত্ৰখন ২০০৬ চনৰ ২৬ অক্টোবৰ তাৰিখে দক্ষিণ কোৰিয়াত মুক্তি দিয়া হৈছিল। সমগ্ৰ দেশজুৰি এই জনপ্ৰিয় ছবিখনৰ ১,০৪২,১৬৬ সংখ্যক টিকেট বিক্ৰী হৈছিল। .[2]

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক