অ'ডিট

কোনো সংগঠনৰ স্বতন্ত্ৰ পৰীক্ষা
(হিচাপ পৰীক্ষণৰ পৰা পুনঃনিৰ্দেশিত)

অ'ডিট (ইংৰাজী: Audit) বা হিচাপ পৰীক্ষণ হৈছে কোনো এক লাভকাৰী বা অলাভকাৰী প্ৰতিষ্ঠানৰ, আকাৰ বা আইনগত প্ৰকাৰৰ ভেদ নোহোৱাকৈ, কোনো মতামত দিবৰ উদ্দেশ্যেৰে চলোৱা বিত্তীয় তথ্য আৰু হিচাপ-পত্ৰসমূহৰ এক স্বতন্ত্ৰ পৰীক্ষণ কাৰ্য।[1] অৰ্থাৎ অ'ডিটৰ যোগেদি কোনো এক প্ৰতিষ্ঠানৰ বিত্তীয় কাৰ্যকলাপ বা হিচাপ-পত্ৰ স্বতন্ত্ৰভাৱে পৰীক্ষা কৰি এই বিষয়ে মতামত প্ৰদান কৰা হয়। অ'ডিটৰ দ্বাৰা আইনে বান্ধি দিয়া নিয়ম অনুসৰি প্ৰতিষ্ঠানটোৱে নিজৰ হিচাপৰ নথি-পত্ৰসমূহ ৰাখিছেনে নাই এয়া সুনিশ্চিত কৰিবলৈ যত্ন কৰা হয়। অ'ডিটৰ বা হিচাপ পৰীক্ষকসকলে হিচাপ পৰীক্ষণৰ আগতে পৰিস্থিতি একোটা চিনাক্ত কৰি ইয়াৰ বুজ লয় আৰু ইয়াৰ প্ৰমাণসমূহ বিশ্লেষণ কৰি হিচাপ পৰীক্ষণৰ খতিয়ান বা অ'ডিট ৰিপ'ৰ্টৰ যোগেদি তেওঁলোকৰ মতামতসমূহ প্ৰদান কৰে।[2]

অ'ডিটৰ স্তৰসমূহ

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Gupta, Kamal. Contemporary Auditing. McGraw Hill. পৃষ্ঠা. 1095. ISBN 0070585849. 
  2. "Audit assurance". Archived from the original on 2020-07-01. https://web.archive.org/web/20200701155125/http://www.icai.org/post.html?post_id=6193। আহৰণ কৰা হৈছে: 2020-08-18.