হিন্দুস্তান জিন্দাবাদ (ইংৰাজী: Hindustan Zindabad) হৈছে এটা হিন্দুস্তানী ব্যাকাংশ বা খণ্ড-বাক্য আৰু যুদ্ধকালীন হুংকাৰ (battle cry)৷ ভাৰতৰ প্ৰতি প্ৰদৰ্শন কৰা দেশপ্ৰেমমূলক বক্তব্য আৰু যোগাযোগৰ ক্ষেত্ৰত ভাৰতত এইটো ব্যাকাংশ সততে ব্যৱহৃত হয়৷ ইয়াৰ অৰ্থ হৈছে-ভাৰত দীৰ্ঘায়ু হওক[1] এইটো এটা ৰাষ্ট্ৰীয়তাবাদী শ্ল'গান৷ [2]প্ৰাক্-ঔপনিৱেশিক ভাৰতৰ কৃষক বিদ্ৰোহৰ কিছুমান ৰাষ্ট্ৰীয়তাবাদী আন্দোলনত এই শ্লোগান সততে দিয়া হৈছিল৷[3] শ্লোগানৰ আন কিছুমান বিবিধতা হৈছে জয় হিন্দ আৰু ভাৰত জিন্দাবাদ[4] এনেধৰণৰ শ্লোগানসমূহ ভাৰতে ক্ৰিকেট খেলত অংশ লোৱাৰ মুহূৰ্ততো শুনিবলৈ পোৱা যায়৷[4][5]

ব্যুৎপত্তি সম্পাদনা কৰক

হিন্দুস্তান শব্দটোৱে ১৯৪৭ চনৰ পৰৱৰ্তী ভাৰত গণতন্ত্ৰক বুজাইছে৷ ইয়াক পুৰণি পাৰ্চী শব্দ "হিন্দু"ৰ পৰা গ্ৰহণ কৰা হৈছে বুলি বিশ্বাস কৰা হৈছে৷ যিটো শব্দৰ আকৌ উৎপত্তিস্থল হৈছে সংস্কৃত ভাষাৰ সিন্ধু৷ সিন্ধুৱে সিন্ধু নদীক বুজায়৷[6] প্ৰাচীন পাৰ্চিয়ানসকলে সিন্ধু নদীৰ বাহিৰত থকা লোকসকলক "Hinduš" বুলি অভিহিত কৰিছিল৷ এই শব্দটোৰ পাছত এভেষ্টানীয় শব্দ stān (সংস্কৃত মূলৰ "sthān"ৰ একগোত্ৰীয়, যাৰ অৰ্থ হৈছে-ঠাই) সংযুক্ত হৈ হিন্দুস্তান হৈ পৰিল৷ [7] অৰ্থাৎ হিন্দুস্তানৰ অৰ্থ হৈছে-সিন্ধুৰ সিপাৰে (পাৰ্ছিয়াৰ পৰা) থকা ভূমি৷

জিন্দাবাদ হৈছে উৰ্দু আৰু পাৰ্চী অনুসৰ্গ, যাক সাধাৰণতে মানুহ বা দেশৰ নামৰ পিছত সংযুক্ত কৰা হয়৷ ইয়াৰ দ্বাৰা বিজয়, দেশভক্তি আৰু কোনোবা সময়ত প্ৰাৰ্থনাক বুজোৱা হয়৷[8]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Sarina Singh (2009). Lonely Planet India (13, illustrated সম্পাদনা). Lonely Planet. পৃষ্ঠা. 276. ISBN 9781741791518. https://books.google.com/books?id=vK88ktao7pIC&q=hindustan+zindabad&pg=PA276. 
  2. Christine Everaer (2010). Tracing the Boundaries Between Hindi and Urdu: Lost and Added in Translation Between 20th Century Short Stories (annotated সম্পাদনা). BRILL. পৃষ্ঠা. 82. ISBN 9789004177314. https://books.google.com/books?id=LqZ-6QRKc7wC&q=hindustan+zindabad&pg=PA82. 
  3. Debal K. Singha Roy (2004). Peasant Movements in Post-Colonial India: Dynamics of Mobilization and Identity. SAGE. পৃষ্ঠা. 61. ISBN 9780761998273. https://books.google.com/books?id=UAqxW-PFo_UC&q=hindustan+zindabad&pg=PA61. 
  4. 4.0 4.1 Nikhita Sanotra (3 April 2011). "India Zindabad! rings across Dubai after cricket victory". Yahoo! News. http://in.news.yahoo.com/india-zindabad-rings-across-dubai-cricket-victory-20110403-060220-003.html. 
  5. "World Cup semifinal: Mohali citizens throw open homes to Pak fans". Indian Express. 24 March 2011. http://www.indianexpress.com/news/world-cup-semifinal-mohali-citizens-throw-open-homes-to-pak-fans/768315. 
  6. Lipner 1998, পৃষ্ঠা 7–8
  7. "Unlimited: What does -istan" mean as in Pakistan, Uzbekistan or Afghanistan?". Guardian. https://www.theguardian.com/notesandqueries/query/0,5753,-21211,00.html। আহৰণ কৰা হৈছে: 2012-05-15. 
  8. "Pakistan, India have no option but to promote peace: Shahbaz". Thenews.com.pk. 2012-05-08. http://www.thenews.com.pk/Todays-News-13-14444-Pakistan-India-have-no-option-but-to-promote-peace-Shahbaz। আহৰণ কৰা হৈছে: 2012-06-06.