হীৰা মাণ্ডী
হীৰা মাণ্ডী (ইংৰাজী: Heera Mandi; উৰ্দু আৰু {{lang-pa|ہیرا منڈی; অনুবাদ: হীৰাৰ বজাৰ) দেৱালৰ চহৰ লাহোৰৰ এটা চুবুৰী আৰু বজাৰ। কেতিয়াবা এই অঞ্চলটোক ‘শাহী মহল্লা’ বুলিও উল্লেখ কৰা হয়। হীৰা মাণ্ডীক বিশেষকৈ পাকিস্তানৰ লাহোৰৰ এটা নিষিদ্ধ অঞ্চল হিচাপে জনা যায়।[1][2] হীৰা মাণ্ডী নামটো আহিছে হীৰা সিঙৰ পৰা, যিয়ে শাহী মহল্লাত এখন খাদ্যশস্যৰ বজাৰ স্থাপন কৰিছিল। পিছলৈ বজাৰখন ‘হীৰা সিং দি মাণ্ডী’নামেৰে জনাজাত হৈছিল, অৰ্থাৎ হীৰা সিঙৰ বজাৰ। এইটোৱেই পিছলৈ আধুনিক নাম হীৰা মাণ্ডীলৈ ৰূপান্তৰিত হয়। ই লাহোৰৰ তক্সালি গেটৰ ওচৰত[3] আৰু বাদশাহী মছজিদৰ দক্ষিণে অৱস্থিত। ঐতিহাসিকভাৱে এই বজাৰখন পঞ্চদশ আৰু ষোড়শ শতিকাৰ পৰাই চহৰখনৰ পৰিমাৰ্জিত তৱাইফ সংস্কৃতিৰ কেন্দ্ৰবিন্দু আছিল।[4]
ব্যুৎপত্তি
সম্পাদনা কৰকপৰম্পৰাগতভাবে মহাৰাজ ৰঞ্জিত সিঙৰ প্ৰধানমন্ত্ৰী ধিয়ান সিং ডোগ্ৰাৰ পুত্ৰ হীৰা সিংহৰ নামেৰে অঞ্চলটোৰ নাম বৰ্ণনা কৰা হয়।
ঐতিহাসিক প্ৰেক্ষাপট
সম্পাদনা কৰকএই বজাৰ এলেকা প্ৰথমে পঞ্চদশ আৰু ষোড়শ শতিকাৰ সময়ছোৱাত মোগল যুগৰ লাহোৰৰ অভিজাত শ্ৰেণীৰ চহৰখনৰ তৱাইফ সংস্কৃতিৰ কেন্দ্ৰবিন্দু আছিল। [5] ইয়াক মুকলি কৰিছিল মোগলে, যিয়ে মূলতঃ ভাৰতৰ সকলো প্ৰান্তৰ পৰা মহিলাসকলক আনি তেওঁলোকে প্ৰদান কৰা নৃত্য আৰু মনোৰঞ্জনৰ সোৱাদ লৈছিল। পাছলৈ ভাৰতীয় উপমহাদেশৰ অন্য প্ৰান্তৰ কিছু মহিলাকো মনোৰঞ্জনৰ বাবে কথক আদি ধ্ৰুপদী ভাৰতীয় নৃত্য প্ৰদৰ্শন কৰিবলৈ ইয়ালৈ অনা হৈছিল। হীৰা মাণ্ডী প্ৰথমে হীৰা সিঙৰ শাসনকালত বেশ্যাবৃত্তিৰ সৈতে জড়িত হৈ পৰে। [6]
ব্ৰিটিছ ঔপনিৱেশিক শাসনে দেহ ব্যৱসায়ৰ কেন্দ্ৰ হিচাপে হীৰা মাণ্ডীৰ সুনাম সুদৃঢ় কৰি তুলিছিল। বজাৰৰ এলেকাত মহিলা আৰু খোৱাজাছৰা বা হিজৰাসকলে পৰম্পৰাগত আৰু শাস্ত্ৰীয় নৃত্য পৰিবেশন কৰিছিল। ব্ৰিটিছ ঔপনিৱেশিক যুগৰ পৰা বিগত কেইবছৰমানলৈকে ই লাহোৰত বেশ্যাবৃত্তিৰ কেন্দ্ৰবিন্দু হৈয়েই আছিল। [7] পাকিস্তানৰ হিজৰা সম্প্ৰদায়ৰ বহু হিজৰা এই অঞ্চলত সঘনাই আহে; যি অঞ্চলটোৰ নৃত্য সংস্কৃতিৰ সৈতে জড়িত।
বেশ্যাবৃত্তি
সম্পাদনা কৰকব্ৰিটিছ ৰাজৰ সময়ত ইংৰাজ সৈন্যৰ বিনোদনৰ বাবে পুৰণি আনাৰকলি বজাৰত ইংৰাজ চৰকাৰে বেশ্যালয়ৰ ঘৰবোৰ আৰু অধিক উন্নত কৰে। ইয়াৰ পিছত এইবোৰ লোহাৰী গেটলৈ আৰু তাৰপাছত তক্সালী গেটলৈ স্থানান্তৰ কৰা হয়।[3]
দিনৰ ভাগত হীৰা মাণ্ডী আন যিকোনো পাকিস্তানী বজাৰৰ দৰেই আৰু ইয়াৰ ভাল খাদ্য, ‘খুছা’ৰ (পৰম্পৰাগত মোগল জোতা) বিস্তৃত পৰিসৰ, বাদ্যযন্ত্ৰৰ বিপনী আৰু নৃত্যৰ বাবে পৰিচিত। ৰাতি দোকানবোৰৰ ওপৰ মহলাত থকা বেশ্যালয়বোৰ খোল খায়। এই স্থানক লাহোৰ চহৰৰ প্ৰতীক হিচাপে আৰু কেতিয়াবা ‘হীৰা মাণ্ডী’শব্দযুগলক আপত্তিজনক অনানুষ্ঠানিক আলোচনা বুলিও গণ্য কৰা হয়।
বেশ্যাবৃত্তি দমন
সম্পাদনা কৰকমহম্মদ জিয়া উল হকৰ শাসনকালত সংগীত আৰু নৃত্যগৃহসমূহৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল, যিবোৰ দেহ ব্যৱসায়ৰ কেন্দ্ৰ বুলি অভিযোগ উঠিছিল। এই অভিযানে চহৰখনৰ য’তে-ত’তে এই বৃত্তি বিয়পাই দিয়াৰ কাম কৰিছিল। শেহতীয়াকৈ এই অঞ্চলটো পুনৰ বেশ্যাবৃত্তিৰ বাবে পৰিচিত হৈছে।[3]
তথ্যউৎস
সম্পাদনা কৰক- ↑ Jalil, Xari (30 April 2017). "FADE FROM RED: THE DIAMOND OF LAHORE HAS DULLED". Dawn. https://www.dawn.com/news/1330106। আহৰণ কৰা হৈছে: 2022-07-15.
- ↑ Qureshi, Tania (23 April 2017). "Heera Singh's Mandi" (en-GB ভাষাত). Pakistan Today. Archived from the original on 2022-07-14. https://web.archive.org/web/20220714191827/https://archive.pakistantoday.com.pk/2017/04/23/heera-singhs-mandi/। আহৰণ কৰা হৈছে: 2022-07-14.
- ↑ 3.0 3.1 3.2 "How Facebook is killing Lahore's Heera Mandi". Dawn. Agence France-Presse. 23 August 2016. https://www.dawn.com/news/1279428.
- ↑ Kochhar, Aashish (3 March 2021). "Heera Mandi: Red-Light Area with a Royal Past". LivehistoryIndia.com. https://www.livehistoryindia.com/story/snapshort-histories/heera-mandi/। আহৰণ কৰা হৈছে: 30 July 2021.
- ↑ Kochhar, Aashish (3 March 2021). "Heera Mandi: Red-Light Area with a Royal Past". LivehistoryIndia.com. https://www.livehistoryindia.com/story/snapshort-histories/heera-mandi/। আহৰণ কৰা হৈছে: 30 July 2021.
- ↑ Grimes, William (July 20, 2005). "In Shadows of a City of Pleasure, Courtesans Grow Old". The New York Times newspaper. https://www.nytimes.com/2005/07/20/books/20grim.html.
- ↑ Butt, Zohaib (2010-08-19). "Heera Mandi: Scarlet secrets of Lahore" (en ভাষাত). The Express Tribune. http://tribune.com.pk/article/1150/heera-mandi-the-scarlet-secrets-of-old-lahore। আহৰণ কৰা হৈছে: 2022-07-14.