হীৰেন গোহাঁই (সংগীতজ্ঞ)

অসমীয়া সঙ্গীতজ্ঞ

হীৰেন গোহাঁই (ইংৰাজী: Hiren Gohain) ষাঠিৰ দশকৰ পৰাই আকাশবাণীৰ গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী ঘোষক, সুৰকাৰ তথা সংগীত পৰিচালক৷ সংগীতৰ জগতলৈ তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে অসম চৰকাৰে হীৰেন গোহাঁইলৈ ২০১২-১৩ বৰ্ষৰ শিল্পী বঁটা আগবঢ়াইছে৷[1]

হীৰেন গোহাঁই
জন্ম নবেম্বৰ ১৯৪৬
ধাইআলি দিলিহি গাঁও, শিৱসাগৰ
পেচা সুৰকাৰ, সংগীত পৰিচালক

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

হীৰেন গোহাঁইৰ জন্ম হয় ১৯৪৬ চনৰ নৱেম্বৰ মাহত শিৱসাগৰ জিলাৰ ধাঁইআলি দিলিহি গাঁৱত৷ তেওঁৰ পিতৃ সাহিত্যিক পেঞ্চনাৰ ৰিপুনাথ বুঢ়াগোহাঁই৷ মাতৃ প্ৰতিমা বুঢ়াগোহাঁই৷ গোহাঁয়ে শ্বিলঙত প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰে৷ পিতৃৰ চাকৰিৰ হেতু অসমৰ কেইবাটাও অন্যান্য অঞ্চলত শিক্ষা গ্ৰহণ কৰি তেওঁ দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা লাভ কৰে৷[1]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৬৭ চনত গোহাঁয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰত ঘোষকৰূপে কৰ্মজীৱন আৰম্ভ কৰে৷ পৰৱৰ্তী কালত তেওঁ ১৯৬৯ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত যোগদান কৰে৷ ইয়াৰ লগে লগে সুৰকাৰ ৰূপেও তেওঁ আত্মপ্ৰকাশ কৰে৷ বৰ্তমানলৈকে তেওঁ ভালেসংখ্যক গীতৰ ৰচনা আৰু পৰিচালনা কৰিছে৷[1]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ২০১২-২০১৩ বৰ্ষৰ অসম চৰকাৰৰ শিল্পী বঁটা।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক