হুজুৰী এটি উপাধি। হুজুৰীসকল সংখ্যাত কম, সিচৰিত বসতিৰ আৰু অৰ্থনৈতিক,সামাজিক ভাৱে পিছপৰা শ্ৰেনীৰ লোক আছিল বাবে বেছিভাগে উপাধিটোৰ বিষয়ে নাজানে। প্ৰধানত 'হুজুৰী', 'হাজৰীকা', 'পাঠক' আৰু 'দাস' উপাধীৰ লোক সকল একে শ্ৰেণীৰ। উপগোট বা উপজাতি হিচাপে হুজুৰীসকল জাল কেওঁট সম্প্ৰদায়ৰ হিন্দু জনগোষ্ঠীৰ খিলঞ্জীয়া অসমীয়া লোক হয়।

হুজুৰী উপাধীৰ ইতিহাস

সম্পাদনা কৰক

সংস্কৃত শব্দ ‘কৈৱৰ্ত’ৰ পৰা ‘কেওঁট’ শব্দৰ সৃষ্টি হৈছিল। অনাৰ্য্য আৰু অষ্ট্ৰিক প্ৰজাতিৰ লোক এই কেওঁটসকল কৰ্ম অনুযায়ী পিছলৈ ‘জালোৱা কেওট’ আৰু ‘হালোৱা কেওট’ আদি উপগোটত বিভক্ত হৈছিল। উদাহৰণ স্বৰূপে,খেতি বাতি কাম কৰা বা খেতি বাতিৰ বাবে সঁজুলি বনোৱা লোক সকল হালৈ কেওঁট হ'ল আৰু পুৰনি কালত জীৱিকাৰ বাবে মাছ ধৰা কামৰ বাবে যিসকলে জাল, খালৈ আদি বনাই নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল তেওঁলোক হ'ল জাল কেওঁট। ‘হুজুৰী’ উপাধীৰ এই লোক সকল ‘জালোৱা কেওট’ সম্প্ৰদায়ৰ লোক হয় বুলি বহুতো তথ্যৰ দ্বাৰা প্ৰমাণ পোৱা যায়। পুৰনি কালত হুজুৰী উপাধিৰ লোক সকল নামনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু আন নদীৰ আশে পাশে বাস কৰিছিল। নলবাৰী জিলাৰ বৰভাগ,বুকিয়া, বৰগাছা আদি ঠাইত হুজুৰী উপাধীৰ লোক বেছিকৈ পোৱা গৈছিল। কিন্ত বানপানীৰ কাৰণে তেওঁলোক পিছলৈ অসমৰ বিভিন্ন ঠাইলৈ নিজৰ বাসস্থান সলালে। নামনি অসমৰ কামৰূপ জিলাৰ মিৰ্জা, ডিমৌ, নলবাৰী জিলাৰ বৰগাছা, কমাৰকুছি, দৰংজিলাৰ মংগলদৈ, বাগছা জিলাৰ খাগ্ৰাবাৰী,তামোলপুৰ, বৰপেতা জিলা আদি ঠাইত হুজুৰী উপাধিৰ লোকসকলৰ বসতি দেখা যায়।

অষ্ট্ৰিকসকলৰ অসম আগমণ

সম্পাদনা কৰক

অসমলৈ প্ৰথম আহে অষ্ট্ৰিক প্ৰজাতিৰ লোক, তাৰপাছত আহে দ্ৰাবিড়, তাৰ পাছত আহে মংগোলীয়সকল আৰু তাৰ পাছত আহে আৰ্যসকল।

অষ্ট্ৰিকসকলৰ অসম আগমণ সম্পাদনা কৰক অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল ভাৰতৰ দক্ষিণ-পশ্চিম অঞ্চলৰ সাগৰ পথেদি অসমত প্ৰৱেশ কৰিছিল। এই প্ৰজাতিৰ লোকসকল আছিল চুটি-চাপৰ আৰু ক্ষীণ, গাৰ বৰণ ক'লা। চুলিৰ ৰং তামবৰণীয় আৰু কেঁকোৰা। মূৰবোৰ দীঘল, নাক চেপেটা আৰু বহল। মুখ সৰু আৰু থেক। এই মানুহবোৰৰ বৰ ঘন দাঢ়ি-গোঁফ আৰু শৰীৰত বহুত নোম আছিল। সাধাৰণতে পাহাৰৰ নামনি অংশত বা নামনি অসমত এই লোকসকলে বাস কৰিছিল। এনে আকাৰ-প্ৰকাৰৰ পুৰণি মানুহ এতিয়া পাবলৈ নাই। অসমৰ কেতবোৰ জাতি জনজাতি যেনে কেওঁট, চাওঁতাল, কুকি, মণিপুৰী, কছাৰী, মেঘালয়ৰ খাচী, জয়ন্তীয়া আৰু অৰুণাচল প্ৰদেশৰ ৱাংচু নামেৰে এটা জনজাতিৰ মাজত অষ্ট্ৰিক প্ৰজাতিৰ লোকসকলৰ কিছু মিল দেখা যায়। পণ্ডিতসকলৰ মতে, অষ্ট্ৰিকসকল হয়তো অসমৰ মাজেদি আহি উত্তৰ বংগ বা নেপাল আদি ঠাইলৈ গৈছিল নাইবা তেওঁলোকৰ ভালেমান লোক ইয়াতে ৰৈ গৈছিল আৰু পাছত মংগোলীয়সকল আহি অসম সোমোৱাত তেওঁলোকৰ সৈতে এই লোকসকল মিলি গৈছিলআৰু আৰু এতিয়া তেওঁলোকৰ মংগোলীয় লক্ষণেই বেছি। অষ্ট্ৰিকসকলেই অসমলৈ অহা প্ৰথম লোক বুলি ভাৱিবৰ থল আছে। কোনো কোনো পণ্ডিতৰ মতে মংগোলীয়সকল অসমলৈ অহাৰ আগতে দক্ষিণ ভাৰতৰ দ্ৰাবিড় জাতিৰ এচাম লোক অসমলৈ আহিছিল যেনে দুম বা নাদিয়াল, কৈৱৰ্ত আৰু তেওঁলোক ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰিছিল। পাছত মংগোলীয়সকল অহাত এওঁলোকে মংগোলীয়সকলৰ লগত মিলি পৰিল আৰু এতিয়া তেওঁলোকৰ মংগোলীয় লক্ষণেই বেছি। দুম বা নাদিয়াল সকলকো কৈৱৰ্ত বুলি মানা হয় যদিও আচলতে কেওঁট সকল হে প্ৰকৃত কৈৱৰ্ত আৰু অষ্ট্ৰিক-মংগোলীয় মুলৰ লোক।

হুজুৰী উপাধীৰ বিশেষ ব্যাক্তি

সম্পাদনা কৰক
  • দিলীপ হুজুৰী - ১৯৭৯ চনৰ অসম আন্দোলনৰ শ্বহীদ। দিশপুৰ-সৰুমটৰিয়া পথটো শ্বহীদ দিলীপ হুজুৰীৰ নামেৰে নামকৰণ কৰা হৈছে।
  • ধনেশ্বৰ হুজুৰী - ১৯৭১ চনৰ পৰা সাংবাদিকতাৰ সামাজিক অৱদানেৰে আৰম্ভ কৰি ‘আজিৰ অসম’, ‘নতুন দৈনিক’, ‘পুৰ্বাঞ্চল প্ৰহৰী’, ‘আমাৰ অসম’ ‘অগ্ৰদুত’ আদি বাতৰি কাকতৰ যোগেদি সমাজৰ বিভিন্ন সমস্যা উজাগৰ কৰাৰ উপৰিও বিভিন্ন জাতি-জনগোষ্ঠীৰ বিকাশৰ বাবে লিখি আহিছে। তেখেত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি তথা জিলা সাংবাদিক সন্থাৰও সভাপতি আছিল। কেওঁট সকলৰ ইতিবৃত্তি তেখেতৰ শ্ৰী গোৰী হালৈৰ লগত একলগ হৈ লিখা প্ৰথম কিতাপ। এতিয়ালৈ বিভিন্ন জনগোষ্ঠী, বাগচা জিলাৰ ইতিহাস আদিৰ ওপৰত বহুকেইখন কিতাপ প্ৰকাশ হৈছে। অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ পৰা ৰাজ্যিক স্তৰৰ বৰিষ্ঠ সাংবাদিক হিচাপে সম্বৰ্ধনা পাইছে।
  • সমীন্দ্ৰ হুজুৰী - অসমীয়া সাহিত্য জগতৰ প্ৰখাত কবি আৰু সাহিত্যক।
  • মুনিন হুজুৰী - আফ্ৰিকা মহাদেশত ইব'লা ভাইৰাছ ৰোগৰ মহামাৰী আক্ৰমণৰ সময়ত ৰাষ্ট্ৰসংঘৰ হৈ সাহসিকতাৰে নিজৰ সেৱা আগবঢ়োৱা অসমীয়া ব্যক্তি। জনসচেতনতাৰ হেতু স্বাস্থ্য আৰু আইন বিষয়ক প্ৰথম আৰু একমাত্ৰ অসমীয়া কিতাপ "স্বাস্থ্য সাধনা আৰু আইনী সজাগতা" লিখিছে। "নীলপাখি" শীৰ্ষক কবিতা পুথি তেখেতৰ অন্যতম সৃষ্টি। "পশ্চিম আফ্ৰিকাৰ চিঠি" তেখেতৰ সাতখন দেশৰ ভ্ৰমণ কাহিনীৰ অভিজ্ঞতাৰে পৰিপুষ্ট কিতাপ।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  • কেওঁট সকলৰ ইতিবৃত্তি - শ্ৰী গোৰী হালৈ আৰু শ্ৰী ধনেশ্বৰ হুজুৰী।

বাহ্যিক সংযোগ

সম্পাদনা কৰক