হুমায়ুনৰ সমাধিক্ষেত্ৰ

হুমায়ুনৰ সমাধিক্ষেত্ৰ (হিন্দী: हुमायूँ का मक़बरा, ইংৰাজী: Humayun ka Maqbara) হ'ল মোগল সম্ৰাট হুমায়ুনৰ সমাধিক্ষেত্ৰ। ১৫৬২ খ্ৰীষ্টাব্দত হুমায়ুনৰ পত্নী হামিদা বানু বেগমে এই সমাধিস্থল নিৰ্মাণ কৰে। এইটোৰ নক্সা প্ৰস্তুত কৰিছিল পাৰ্ছী স্থপতিবিদ মিৰাক মিৰ্জা গিয়াথে। হুমায়ুনৰ সমাধিয়েই হ’ল ভাৰতীয় উপমহাদেশৰ প্ৰথম উদ্যান-সমাধিক্ষেত্ৰ।[1] দিল্লীৰ নিজামুদ্দিন পূৰ্ব অঞ্চলত হুমায়ুনে ১৫৩৩ চনত যি দিনা-পানাহ বা পুৰানা কিল্লা নিৰ্মাণ কৰিছিল, তাৰ নিকটতেই এই সমাধিস্থলটো অৱস্থিত। লাল বেলেপাথৰৰ বৃহৎ আকাৰৰ স্থাপত্যসমূহৰ মাজত হুমায়ুনৰ সমাধিসৌধটোৱেই ভাৰত প্ৰথম।[2][3]

ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
হুমায়ুনৰ সমাধিক্ষেত্ৰ, দিল্লী
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম

দিল্লীস্থিত হুমায়ুনৰ সমাধিক্ষেত্ৰ, নিৰ্মাণকাল ১৫৬২-১৫৭১

দেশ  ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি ii, iv
উদ্ধৃতি ২৩২
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া-পেছিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৯৩ (সপ্তদশ অধিবেশন)

দিল্লীত অৱস্থিত হুমায়ুনৰ সমাধিস্থল প্ৰথম সমাধিক্ষেত্ৰ যিটো কৃত্ৰিম জলধাৰা সম্বলিত বিলাসবহুল উদ্যানৰ মধ্যস্থলত নিৰ্মাণ কৰা হৈছে। এই সমাধিস্থল ১৫৭০ চনত নিৰ্মিত হয়। ১৯৯৩ চনত ইয়াৰ সাংস্কৃতিক গুৰুত্বৰ বাবে ই ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানসমূহৰ তালিকাত অন্তৰ্ভুক্ত হয়। ১৫৬৯-৭০ চনত মোগল সম্ৰাট হুমায়ুনৰ বিধবা পত্নী বিগা বেগমে (হাজি বেগম) ইয়াক নিৰ্মাণ কৰে। কথিত আছে, যে মিৰ্জা গিয়াথে ইয়াক নিৰ্মাণ কৰিছিল। ছত্ৰসহ এই সমাধিৰ দুই-গম্বুজবিশিষ্ট স্থাপত্যশৈলীটো মোগল স্থাপত্যৰ এক অনন্য নিদৰ্শন। এই সমাধিস্থলটো "মোগল ৰাজবংশৰ সমাধিক্ষেত্ৰ" নামেও পৰিচিত। কাৰণ, হুমায়ুনৰ সমাধিৰ উপৰিও এই সমাধি ক্ষেত্ৰত ৰাজপৰিয়ালৰ প্ৰায় ১৫০ জন সদস্যৰ সমাধি অৱস্থিত। এই সমাধিক্ষেত্ৰটো চাৰিকোণীয়া। ইয়াত দুখন সিংহদ্বাৰ আছে, এখন দক্ষিণে আৰু আনখন পশ্চিমে। সমাধিক্ষেত্ৰৰ মাজত বহুতো কৃত্ৰিম জলধাৰা, এটা মণ্ডপ আৰু এটি স্নানাগাৰ আছে। সমাধিটো এক অষ্টভূজ ক্ষেত্ৰৰ ওপৰত অৱস্থিত। ইয়াৰ উচ্চতা ৪২.৫ মিটাৰ। গোটেই সমাধিটো বগা পাথৰেৰে আবৃত আৰু ছত্ৰ শোভিত।[4][5]

আলোকচিত্ৰ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

আলোকচিত্ৰ

স্থানাংক: 28°36′N 77°18′E / 28.6°N 77.3°E / 28.6; 77.3