হেৰিয়েট বি.এল. কট্টাৰ (১৯ শতিকা) প্ৰথম অসমীয়া কাকত অৰুণোদইৰ মুদ্ৰক আৰু খ্ৰীষ্টীয়ান ধৰ্ম প্ৰচাৰক 'অ'লিভাৰ টি. কট্টাৰ'ৰ পত্নী। মূলতে আমেৰিকাৰ বাসিন্দা এই মহিলাই স্বামীৰ সৈতে অসমশদিয়া, জয়পুৰ আৰু শিৱসাগৰত থাকে আৰু ইলাইজা হুইট্‌নী ব্ৰাউনৰ লগলাগি কেবাখনো অসমীয়া মাধ্যমৰ পঢ়াশালী স্থাপন কৰে। অকল শিৱসাগৰত ১৪খন অসমীয়া মাধ্যমৰ পঢ়াশালী খোলা হৈছিল। তেখেতে ৰচনা কৰা "Vocabulary and Phrases in English and Assmese" শীৰ্ষক গ্ৰন্থ ১৮৪০ চনত জয়পুৰ মিছন প্ৰেছৰপৰা প্ৰকাশিত হয়। এখেতৰ দ্বিতীয়খন পুথি "Phrases in English and Assamese" এড্‌ৱাৰ্ড ডব্লিউ ক্লাৰ্কৰ দ্বাৰা সম্পাদিত হৈ ১৮৭৭ চনত প্ৰকাশ পায়।।[1]

হেৰিয়েট বি.এল. কট্টাৰ
জন্ম ১৯ শতিকা
মৃত্যু ১৯ শতিকা
ৰাষ্ট্ৰীয়তা আমেৰিকান


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী