হৰনাজ সান্ধু

ভাৰতীয় মডেল আৰু মিছ ইউনিভাৰ্ছ ২০২১


হৰনাজ কৌৰ সান্ধু (ইংৰাজী: Harnaaz Sandhu) (জন্ম ৩ মাৰ্চ ২০০০) হৈছে এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যাক মিছ ইউনিভাৰ্ছ ২০২১ ৰ মুকুট পিন্ধোৱা হৈছিল।[1] সান্ধুক অতিৰিক্তভাৱে ২০১৯ চনত ফেমিনা মিছ ইণ্ডিয়া পঞ্জাব হিচাপে মুকুট পিন্ধোৱা হৈছিল, আৰু ফেমিনা মিছ ইণ্ডিয়া ২০১৯ ত ছেমিফাইনেলিষ্ট হিচাপে স্থান দিয়া হৈছিল।

হৰনাজ সান্ধু

মিছ ইউনিভাৰ্চ ২০২১ খিতাপ বিজয়ৰ পিছত মুম্বাই বিমানবন্দৰত উপস্থিত হোৱা অৱস্থাত সান্ধু
জন্ম হৰনাজ কৌৰ সান্ধু
০৩ মাৰ্চ, ২০০০ (২৪ বছৰ)
গুৰদাসপুৰ, পঞ্জাব, ভাৰত
পেচা অভিনেত্ৰী, মডেল
উচ্চতা ১.৭১ মিটাৰ (U=ft}})
পদবী ফেমিনা মিছ ইণ্ডিয়া পঞ্জাৱ
মিছ ডিভা ইউনিভাৰ্চ ২০২১
মিছ ইউনিভাৰ্চ ২০২১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

সান্ধুৰ জন্ম হৈছিল পঞ্জাবৰ গুৰদাসপুৰ জিলাৰ বাটালা চহৰৰ ওচৰৰ কোহালী গাঁৱত। তেওঁৰ পিতৃ-মাতৃৰ নাম প্ৰীতম্পাল সিং সান্ধু আৰু ৰবিন্দৰ কৌৰ সান্ধু। তেওঁৰ দেউতাক এজন ৰিয়েলটৰ আৰু তেওঁৰ মাক এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ। তেওঁৰ ডাঙৰ ভাতৃৰ নাম আছিল হাৰনুৰ ।[2] এটা জাত শিখ পৰিয়ালত সান্ধু ডাঙৰ হৈছিল।[3][4]

২০০৬ চনত পৰিয়ালটো ইংলেণ্ডলৈ গুচি গৈছিল আৰু দুবছৰ পিছত ভাৰতলৈ উভতি আহি সান্ধু ডাঙৰ-দীঘল হোৱা ঠাই চণ্ডিগড়ত থাকিবলৈ লয়।[5][2] তেওঁ চণ্ডিগড়ত থকা শিৱালিক পাব্লিক স্কুল আৰু স্নাতকোত্তৰ চৰকাৰী ছোৱালী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। মিছ ইউনিভাৰ্ছ হোৱাৰ আগতে, সান্ধুৱে ৰাজহুৱা প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। [6] নিজৰ মাতৃভাষা পঞ্জাৱীৰ উপৰিও সান্ধুৱে হিন্দী আৰু ইংৰাজী ভাষাও সাৱলীলভাৱে কʼব জানিছিল।[7]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Indian Express https://indianexpress.com/article/lifestyle/fashion/miss-universe-2021-harnaaz-kaur-sandhu-india-21-years-chandigarh-punjabi-actor-7669806/
  2. 2.0 2.1 "Once a small-town girl, Miss Universe Harnaaz Sandhu capturing hearts across globe". Hindustan Times. 14 December 2021. https://www.hindustantimes.com/cities/chandigarh-news/once-a-small-town-girl-miss-universe-harnaaz-sandhu-capturing-hearts-across-globe-101639430170906.html. 
  3. Rohtaki, Hina (14 December 2021). "‘Harnaaz means everyone’s pride, she proved that today’" (English ভাষাত). The Indian Express. https://indianexpress.com/article/cities/chandigarh/harnaaz-means-everyones-pride-she-proved-that-today-7671604/lite/. 
  4. "Harnaaz Sandhu is the first Sikh woman to win Miss Universe title". 15 December 2021. https://www.indiablooms.com/news-details/N/77823/harnaaz-sandhu-is-the-first-sikh-woman-to-win-miss-universe-title.html. 
  5. "मिस यूनिवर्स के लिए ऐसे तैयारी कर रही हैं हरनाज संधू, तीनों ही स्टार्स ने खोले जिंदगी के राज" (Hindi ভাষাত). Times Now. 11 October 2021. https://www.timesnowhindi.com/amp/entertainment/celebrity-news/article/exclusive-miss-diva-2021-winner-harnaaz-sandhu-and-finalist-rititka-khatani-and-sonal-kukreja-reveals-their-preparation/367440. 
  6. "Who is Harnaaz Sandhu? The Miss Universe 2021 from India". Hindustan Times. 13 December 2021. https://www.hindustantimes.com/lifestyle/fashion/who-is-harnaaz-sandhu-the-miss-universe-2021-from-india-101639366116269.html. 
  7. "Harnaaz Sandhu, Miss Universe 2021 From Punjab (The Land of Farmers) Makes India Proud". Krishi Jagran. 14 December 2021. https://krishijagran.com/news/harnaaz-sandhu-miss-universe-2021-from-punjab-land-of-farmers-makes-india-proud/?amp=1.