হৰিজন (আলোচনী)

মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা এখন আলোচনী।

হৰিজন (অৰ্থ: ঈশ্বৰৰ সন্তান; দলিত বা অস্পৃশ্যসকলক বুজাবলৈ গান্ধীয়ে উদ্ভাৱন কৰা এটা শব্দ) এইখন ১৯৩৩ চনৰ পৰা ১৯৫৫ চনলৈকে প্ৰকাশ পাইছিল; মাত্ৰ ১৯৪০-ৰ দশকৰ ভাৰত ত্যাগ আন্দোলন চলি থকা সময়চোৱাত ইয়াৰ প্ৰকাশনা বন্ধ আছিল। এই কাকতখনৰ প্ৰকাশক “হৰিজন সেৱক সংঘ’’ৰ ভাৰতত অস্পৃশ্যতা নিৰ্মূলকৰণৰ বাবে চলোৱা অভিযানক সমৰ্থন কৰাৰ লক্ষ্যৰে প্ৰকাশিত হৈছিল৷ হৰিজন কাকতৰ সংখ্যাবোৰ প্ৰতি শনিবাৰে প্ৰকাশ পাইছিল৷ আদিতে ফুলস্কেপ কাগজৰ আঠ পৃষ্ঠাত ছপা হোৱা এই কাকতখনৰ মূল্য আছিল এক অনা৷ হৰিজন সেৱক আৰু হৰিজনবন্ধু নামেৰে কাকতখনৰ ক্ৰমে হিন্দী আৰু গুজৰাটী সংস্কৰণো প্ৰকাশ হৈছিল।[1][2]

১৯৩২ চনত গান্ধীক গ্ৰেপ্তাৰ কৰাৰ পিছত বন্ধ হৈ যোৱা ইয়ং ইণ্ডিয়াৰ বিকল্প হিচাপে হৰিজন প্ৰকাশ কৰা হৈছিল৷ আৰ.ভি. শাস্ত্ৰীৰ সম্পাদনাত প্ৰকাশিত উদ্বোধনী সংখ্যাটোৰ ১০ হাজাৰ কপি ১৯৩৩ চনৰ ১১ ফেব্ৰুৱাৰীত পুনেৰ পৰা প্ৰকাশিত হৈছিল, য’ত অস্পৃশ্যতাৰ ওপৰত গান্ধীজীয়ে লিখা কেইবাটিও লেখা সন্নিৱিষ্ট কৰা হৈছে৷

তথ্যউৎস সম্পাদনা কৰক

  1. Guha, Ramachandra (2018) (en ভাষাত). Gandhi : the years that changed the world, 1914-1948. Alfred A Knopf. ISBN 9780385532327. 
  2. Chakrabarty, Bidyut (2006). Social and Political Thought of Mahatma Gandhi. Routledge, Taylor & Francis. পৃষ্ঠা. 116–129. ISBN 978-0-415-36096-8. https://books.google.com/books?id=4x34We-mY40C.