হৰিনাৰায়ণ দত্তবৰুৱা
হৰিনাৰায়ণ দত্তবৰুৱা (১৮৮৫-১৯৫৮) এগৰাকী প্ৰসিদ্ধ অসমীয়া সাহিত্যিক আৰু প্ৰকাশক৷[1] তেওঁ ভালেসংখ্যক অসমীয়া মাধ্যমৰ পাঠ্যপুথি আৰু শংকৰ-মাধৱৰ কৰ্মৰাজি পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰাত অৱদান আগবঢ়াইছিল৷ অসমীয়া গ্ৰন্থ প্ৰকাশৰ বাবে তেওঁ গুৱাহাটীত 'বৰুৱা এজেন্সি', 'শ্ৰীগুৰু প্ৰেছ' আৰু 'দত্তবৰুৱা এণ্ড কোম্পানী' আদি প্ৰতিষ্ঠা কৰে৷ তাৰোপৰি অসমত শিক্ষাৰ প্ৰচাৰ আৰু শংকৰী ধৰ্মৰ প্ৰসাৰতো তেওঁ অগ্ৰণী ভূমিকা লৈছিল৷
শৈশৱ
সম্পাদনা কৰকহৰিনাৰায়ণ দত্তবৰুৱাৰ জন্ম হয় অসমৰ কামৰূপৰ বাঁহজানী মৌজাৰ অন্তৰ্ভুক্ত পূব কালাকুচি গাঁৱত ১৮৮৫ চনত (১৮০৭ শকৰ ১৮ ভাদৰ দিনা)৷ [2] তেওঁৰ পিতৃৰ নাম দেবীৰাম আৰু মাতৃ উমাপ্ৰিয়া৷ হৰিনাৰায়ণ দত্তবৰুৱাৰ কনিষ্ঠ ভাতৃ বিচিত্ৰ নাৰায়ণ দত্তবৰুৱাই এসময়ত গুৱাহাটীৰ প্ৰসিদ্ধ প্ৰকাশন 'লয়াৰ্চ বুক ষ্টল'ৰ প্ৰতিষ্ঠা কৰে৷[1]
শিক্ষাজীৱন
সম্পাদনা কৰকহৰিনাৰায়ণ দত্তবৰুৱাই পূব কালাকুচি গাঁৱৰ চৰিয়া পঢ়াশালিত বিদ্যাৰম্ভ কৰে৷ ১৯০৪ চনত তেওঁ নলবাৰীৰ পৰা মাইনৰ স্কুলৰ পৰীক্ষা পাছ কৰিলে৷ ঘৰৰ অৰ্থনৈতিক দুৰাৱস্থাৰ বাবে তেওঁ শিক্ষাজীৱন ইমানতে সামৰিব লগাত পৰে৷[1]
কৰ্মজীৱন
সম্পাদনা কৰকশিৱসাগৰৰ টেঙামমধুৰী বিদ্যালয়ত শিক্ষকতাৰে হৰিনাৰায়ণ দত্তবৰুৱাই কৰ্মজীৱন আৰম্ভ কৰে৷ ইয়াত চাকৰি কৰি থকাৰ সময়তে তেওঁ যোৰহাটত নৰ্মাল প্ৰশিক্ষণৰ সুবিধা লাভ কৰে৷ পৰৱৰ্ত্তী কালত তেওঁ অসমৰ বিভিন্ন ঠাই যেনে নগাওঁ, গুৱাহাটী, উত্তৰ লখিমপুৰ, কাকজান আদিৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰে৷[1] এই সময়ছোৱাতে তেওঁ সাহিত্য ৰচনাত মনোনিবেশ কৰিবলৈ লয়৷৷ ১৯৩৮ চনত তেওঁ যোৰহাট নৰ্মাল স্কুলৰ ছুপাৰিন্টেণ্ডেন্ট হিচাপে কৰ্ম জীৱনৰ পৰা অৱসৰ লয়৷
অৱদান
সম্পাদনা কৰকশিক্ষকতা কৰা কালত অসমীয়া মাধ্যমৰ পাঠ্যপুথিৰ অভাৱ দেখা পাই হৰিনাৰায়ণ দত্তবৰুৱাই শিশু সাহিত্যৰ গ্ৰন্থ ৰচনা কৰিবলৈ লয়৷ যোৰহাটৰ প্ৰকাশক 'বৰকটকী কোম্পানী'ৰ যোগেদি তেওঁ অসমীয়া মাধ্যমত সাতখন পাঠ্যপুথি প্ৰকাশ কৰে৷
হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া গ্ৰন্থ প্ৰকাশৰ বাবে গুৱাহাটীত 'বৰুৱা এজেন্সি' প্ৰতিষ্ঠা কৰে৷ তাৰোপৰি প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰসাৰৰ বাবে গুৱাহাটীত তেওঁ অসমৰ প্ৰথমটো বৃহৎ আধুনিক ছপাশাল 'শ্ৰীগুৰু প্ৰেছ' প্ৰতিষ্ঠা কৰে৷ এই শ্ৰীগুৰু প্ৰেছৰ পৰাই এসময়ৰ বিখ্যাত 'নীলাচল' বাতৰি কাকত প্ৰকাশ পাইছিল৷ তেওঁৰেই 'দত্তবৰুৱা এণ্ড কোম্পানী' ব্যৱসায় প্ৰতিষ্ঠানে অসমীয়া গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে৷
গ্ৰন্থৰাজি
সম্পাদনা কৰকসংকলন আৰু সম্পাদনা
- মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণ
- দ্বাদশ স্কন্ধ ভাগৱত
- ৰাম সৰস্বতীৰ অসমীয়া মহাভাৰত
- শংকৰ বাক্যামৃত
- অসমীয়া মহাভাৰত
- চিত্ৰ ভাগৱত
- কথাগুৰু চৰিত
- ভক্তিবিবেক
- শংকৰদেৱৰ বাণী আৰু অন্যান্য
ৰচনা
- প্ৰাচীন কামৰূপীয়া কায়স্থ সমাজৰ ইতিবৃত্ত
- পুষ্পাৱলী (উপাৰ্জুন শইকীয়াৰ সৈতে যুটীয়াভাৱে লিখা কবিতা পুথি)
- চিত্ৰদৰ্শন (উপন্যাস)
- ভাৰত দৰ্শন (ভ্ৰমণ কাহিনী)
শিশু পুথি
- ল'ৰা পাঠ
মৃত্যু
সম্পাদনা কৰক১৯৫৮ চনত ৭৩ বছৰ বয়সত হৰিনাৰায়ণ দত্তবৰুৱাৰ মৃত্যু হয়৷[1]