হৰি-হৰ যুদ্ধ অসমত প্ৰচলিত এটা কিংবদন্তি। ভগবান কৃষ্ণ আৰু শিৱৰ মাজত সংঘটিত হোৱা এখন যুদ্ধক লৈ ই প্ৰচলিত। অসমৰ তেজপুৰ নগৰৰ নামৰ উৎপত্তিৰ কাৰণ হিচাবে এই প্ৰবাদ বিখ্যাত।

তেজপুৰঅগ্নিগড়ত থকা 'হৰি-হৰ যুদ্ধ'ৰ বৰ্ণনাত্মক ভাস্কৰ্য

এসময়ত তেজপুৰবাণ নামৰ এজন শিৱভক্ত অসুৰ ৰজাই ৰাজত্ব কৰিছিল। বাণ ৰজাৰ জীয়ৰী উষাৰ সৌন্দৰ্য্য আছিল জগত বিখ্যাত। সেয়ে তেওঁৰ সূৰক্ষাৰ কাৰণে দেউতাকে অগ্নিগড় নামে এটা অগ্নিৰ দ্বাৰা আবৃত দুৰ্ভেদ্য দুৰ্গৰ ভিতৰত কঠোৰ প্ৰহৰীৰ মাজত ৰাখিছিল।

এদিন ৰাতি সপোনত ঊষাই এজন সুদৰ্শন ৰাজকোঁৱৰক দেখা পায় আৰু প্ৰেমত পৰে৷ প্ৰিয় সখী, চিত্ৰশিল্পী চিত্ৰলেখাই সখীৰ বিৰহ বেদনা দূৰ কৰিবলৈ তেওঁৰ বৰ্ণনা ক্ৰমে ৰাজকোঁৱৰৰ চিত্ৰ আঁকিলে। অনুসন্ধান কৰি গম পোৱা গ'ল যে সেই কোঁৱৰজন বাণৰজাৰ শত্ৰু, দ্বাৰকাৰ ৰজা, ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। চিত্ৰলেখাৰ জৰিয়তেই দুয়োৰে মাজত প্ৰত্যক্ষভাবে প্ৰেমৰ সম্পৰ্ক স্থাপিত হয় আৰু দুয়ো গন্ধৰ্ব প্ৰথামতে বিবাহপাশত আবদ্ধ হয়।

বাণ ৰজাই খঙতে অনিৰুদ্ধক বন্দী কৰি ৰাখে৷ নাতিয়েকক উদ্ধাৰ কৰিবলৈ আহি শ্ৰীকৃষ্ণই বাণৰ লগত যুদ্ধত প্ৰবৃত্ত হয়। বানৰজাক সহায় কৰিবলৈ তেওঁৰ ইষ্টদেৱ ভগৱান শিৱও যুদ্ধত লিপ্ত হয়। কৃষ্ণসেনা আৰু সমানেই শক্তিশালী শিৱসেনাৰ মাজত হোৱা এই অভূতপূৰ্ব ভয়ংকৰ যুদ্ধ দেখি ত্ৰিভূৱন ত্ৰস্তমান হৈ পৰে। অৱশেষত যুদ্ধৰ প্ৰবল্যত সৃষ্টি নাশহোৱাৰ উপক্ৰম দেখি বিশ্বৰ সকলো ঋষি, মুনি আৰু দেৱগণৰ কাতৰ উপাসনাত দুইজন দেৱতা ক্ষান্ত হয় আৰু যুদ্ধ সম্বৰণ কৰে। বাণৰজায়েও নিজৰ ভুল উপলব্ধি কৰি ঊষাক অনিৰুদ্ধলৈ বিয়া দিয়ে।

লোককথামতে 'হৰি-হৰ যুদ্ধ' (হৰি:কৃষ্ণ, হৰ: শিৱ) বুলি জনাজাত দুই প্ৰবল প্ৰতাপী দেৱতাৰ এই ৰক্তক্ষয়ী যুদ্ধত ইমানেই মানুহৰ মৃত্যু হৈছিল যে যুদ্ধক্ষেত্ৰত হেনো তেজৰ ঢল যেন উঠিছিল। কালক্ৰমত এই যুদ্ধস্থান তেজপুৰ বা শোণিতপুৰ বুলি (তেজৰ/শোণিতৰ নগৰ) পৰিচিত হৈ পৰে।




তথ্যসংগ্ৰহ

সম্পাদনা কৰক