অসুৰ (ইংৰাজী: Asura) হৈছে ভাৰতীয় মূলৰ কিংবদন্তিসমূহত বৰ্ণিত একপ্ৰকাৰৰ জীৱ। হিন্দুধৰ্মৰ ৰচনাৱলীত তেওঁলোকক দেৱতাসকলৰ সৈতে সম্পৰ্কিত কিন্তু এক ক্ষমতালোভী জাতি হিচাপে বৰ্ণনা কৰা হৈছে। বৌদ্ধধৰ্মৰ সাহিত্যত অসুৰ শব্দটো টাইটানসকলক বা অৰ্ধদেৱতাসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়।[1]

অসুৰ
असुर
Narasimha oil colour.jpg

নৰসিংহই বধ কৰা অৱস্থাত অসুৰ হিৰণ্যকশিপু
উপশ্ৰেণী অৰ্ধদেৱতা
দেশ ভাৰত, ইণ্ডোনেচিয়া, মালয়েচিয়া, কম্বোডিয়া
ধৰ্ম হিন্দুধৰ্ম
বৌদ্ধধৰ্ম

হিন্দুধৰ্মৰ সাহিত্যসমূহৰ মতে দেৱতা আৰু অসুৰৰ মাজত সততে যুদ্ধ-বিগ্ৰহ হয়।[2](পৃষ্ঠা 2–6) ভাৰতীয় সাহিত্যত অসুৰসকলক আতিভৌতিক ক্ষমতাসম্পন্ন আৰু ভাল-বেয়া দুয়োবিধ গুণৰে অধিকাৰী বুলি বৰ্ণনা কৰা হয়। বৈদিক সাহিত্যত ভাল গুণৰ অসুৰসকলক আদিত্য আখ্যা দিয়া হৈছে আৰু বৰুণ হৈছে তেওঁলোকৰ অধিপতি। আনহাতে বেয়া গুণসম্পন্ন অসুৰসকলক দানৱ আখ্যা দিয়া হৈছে আৰু বৃত্ৰ অৰ্থাৎ বৃত্ৰাসুৰে তেওঁলোকৰ নেতৃত্ব দিয়ে।[2](পৃষ্ঠা 4) প্ৰাচীনতম বৈদিক সাহিত্যসমূহত অগ্নি, ইন্দ্ৰ আদিকো নিজৰ নিজৰ ক্ষেত্ৰ, জ্ঞান আৰু ক্ষমতাৰ অধিপতি হোৱাৰ বাবে অসুৰ বুলি কোৱা হৈছিল। পৰৱৰ্ত্তী কালৰ ৰচনাসমূহত তেওঁলোকক দেৱতা আখ্যা দিয়া হয় আৰু অসুৰসকলক তেওঁলোকৰ শত্ৰু হিচাপে বৰ্ণনা কৰা হয়।[2](পৃষ্ঠা 5–11, 22, 99–102)

দেৱতা, যক্ষ আৰু ৰাক্ষসৰ দৰেই অসুৰসকলো ভাৰতীয় আখ্যানসমূহৰ অংশ। হিন্দু আৰু বৌদ্ধধৰ্মৰ ব্ৰহ্মাণ্ড সম্পৰ্কীয় কাহিনীসমূহত অসুৰসকলৰ উল্লেখ পোৱা যায়।[3][4][5]

ক্ৰমবিকাশসম্পাদনা কৰক

মনিয়েৰ ৱিলিয়ামছৰ মতে অসুৰ শব্দৰ উৎপত্তি অসু ৰ পৰা হৈছে যাৰ অৰ্থ পৰলোকৰ আত্মা।[6] বৈদিক সাহিত্যৰ সংহিতাৰ প্ৰাচীনতম ভাগসমূহত অসুৰ হৈছে ভাল বা বেয়া মনোবৃত্তিৰ যিকোনো আত্মা বা দৈৱিক জীৱ আৰু প্ৰকৃতিৰ সংহাৰকাৰী বা সৃজনীশীল শক্তি।[6] পৰৱৰ্ত্তী কালৰ সংহিতাৰ মতে অসুৰ হৈছে অশুভ আত্মা, দানৱ আৰু দেৱতাৰ শত্ৰু। পঞ্চম শতিকাৰ দাৰ্শনিক বুদ্ধঘোষে বৰ্ণনা কৰিছে যে অসুৰ নামৰ উৎপত্তি দেৱতা চক্ৰৰ হাতত হোৱা তেওঁলোকৰ পৰজয়ৰ পৰা উদ্ভৱ হৈছে। এই কাহিনীটোৰ মতে অসুৰসকল সুৰামত্ত হৈ পৰাৰ কাৰণে সুমেৰু পৰ্বতৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰা হৈছিল। ইয়াৰ পিছত তেওঁলোকে কেতিয়াও সুৰাপান কৰা নাছিল। কিছুসংখ্যক বৌদ্ধ সাহিত্য অনুসৰি অসুৰক পূৰ্বদেৱ বা প্ৰাচীন দেৱতা হিচাপে জনা যায়।[7]

ইণ্ডো-ইৰানিয়ান বা আৰ্যসকলৰ শুভ আৰু অশুভৰ মাজত হোৱা যুদ্ধৰ কিংবদন্তি অনুসৰি অসুৰে অসূয়া সৃষ্টিকাৰী আত্মাক সূচায়।[6] ফিনলেণ্ডৰ ইণ্ডোল'জিষ্ট এচক' পাৰপলাৰ মতে অসুৰ শব্দৰ সাম্ভাৱ্য মূল হৈছে উৰানিক ভাষাৰ এচেৰা যাৰ অৰ্থ অধিপতি বা ৰাজকুমাৰ।[8]

হিন্দুধৰ্মৰ সাহিত্যসম্পাদনা কৰক

ঋকবেদসম্পাদনা কৰক

ভাৰ্গৱে উল্লেখ কৰিছে যে অসুৰ আৰু অসূৰ্য শব্দ দুটা ঋকবেদত ৮৮ বাৰ উল্লেখ কৰা হৈছে। ইয়াৰে স্ত্ৰীলিংগ ৰূপ অসূৰ্যা আৰু অসুৰত্ব যথাক্ৰমে ১৯ আৰু ২৪ বাৰ উল্লেখ কৰা হৈছে।[9]

ঋকবেদত বৈদিক সূৰ্যদেৱতা সবিৰক এজন অসুৰ আৰু দয়ালু নেতা আখ্যা দিয়া হৈছে।[10][11]

हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववाँ यात्वर्वाङ् ।
अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः ॥१०॥[12]

Rig Veda 1.35.10

সামবেদসম্পাদনা কৰক

সামবেদত কোৱা হৈছে যে অসুৰ শব্দটো অসু (বায়ু) আৰু ৰম (জিৰণি) শব্দ দুটাৰ সংমিশ্ৰণত সৃষ্টি হোৱা।[13]

মহাভাৰতসম্পাদনা কৰক

ভাগৱত গীতাৰ মতে ব্ৰহ্মাণ্ডৰ সকলো জীৱৰ দেহত দৈৱিক আৰু আসুৰিক দুয়োটা গুণেই বিদ্যমান।[14][15] ভাগৱত গীতাৰ ষষ্ঠদশ অধ্যায়ত কোৱা হৈছে যে মানৱৰ মাজত বিশুদ্ধ দেৱতুল্য সাধু আৰু বিশুদ্ধ অসুৰতুল্য দুষ্ট বিৰল আৰু সামূহিকভাৱে মানৱ সমাজ নগণ্য বা অধিক দোষেৰে সৈতে সৰ্বগুণেৰে পৰিপূৰ্ণ।[14] জিনিয়েন ফউলাৰৰ মতে গীতাত কৈছে যে বাসনা, বেয়া লগা, লোভ, প্ৰয়োজন, ভাৱনা আদি সাধাৰণ জীৱনৰ অংশ। যেতিয়া এইসমূহে কামনা, ঘৃণা, লালসা, আকোৰগোঁ‌জ, অহংকাৰ, নিষ্ঠুৰতা আদিৰ ৰূপ লয় তেতিয়াই এই ঋণাত্মক আৰু ধ্বংসাত্মক চৰিত্ৰই অসুৰৰ ৰূপ পায়। [14][15]

ব্ৰহ্মাণ্ড পুৰাণসম্পাদনা কৰক

 
অসুৰ সৈন্যৰ সৈতে মহাদেৱীৰ যুদ্ধ।

ব্ৰহ্মাণ্ড পুৰাণৰ বৰ্ণনাত কোৱা হৈছে যে অসুৰ শব্দটো ক্ষীৰ সাগৰৰ পৰা নিৰ্গত হোৱা সুৰাৰ দেৱী বৰুণীক তেওঁ‌লোকে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পৰাই (অ-সুৰা=অসুৰ) উদ্ভৱ হোৱা।[16][17]

বিষ্ণু পুৰাণসম্পাদনা কৰক

বিষ্ণু পুৰাণ মতে, সমুদ্ৰ মন্থনত সমুদ্ৰৰ পৰা উদ্ভৱ হোৱা সুৰাৰ দেৱী বৰুণীক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই দৈত্যসকলে অসুৰ নাম পায়। আনহাতে দেৱতাসকলে বৰুণীক গ্ৰহণ কৰি সুৰ নাম লাভ কৰে।[18]

শিৱ পুৰাণসম্পাদনা কৰক

 
কৃষ্ণ আৰু বাণাসুৰৰ যুদ্ধ।

এলেইন ডেনিয়েল'ই মত প্ৰকাশ কৰিছে যে ভাৰতীয় কিংবদন্তিসমূহত অসুৰসকল প্ৰথমাৱস্থাত সুগুণসম্পন্ন আৰু শক্তিশালী আছিল। অৱশ্যে তেওঁলোকৰ প্ৰবৃত্তি ক্ৰমাৎ সলনি হ'বলৈ ধৰে। তেওঁলোকে অশুভ শক্তিক প্ৰতিনিধিত্ব কৰিবলৈ লোৱাৰ লগতে ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ ধৰে। শিৱ পুৰাণত কোৱা হৈছে যে অসুৰসকল দেৱতাবিদ্বেষী হৈ উঠে আৰু দেৱতাক ভাবুকি দিয়াৰ বাবে তেওঁলোকক সংহাৰ কৰিবলগা হয়।[18][19]

ইয়াত অসুৰসকলক অহংকাৰী, পূজা-পাতল নকৰা, অত্যাচাৰী, দেৱতাসকলৰ প্ৰতি ইৰ্ষান্বিত আৰু সততে দেৱতাসকলক যুদ্ধৰ বাবে প্ৰৰোচিত কৰা চৰিত্ৰৰ বুলি বৰ্ণোৱা হৈছে।[18][19]

এলেইন ডেনিয়েল'ই কৈছে যে অসুৰৰ ধাৰণাটো প্ৰাচীন ভাৰতৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰিৱৰ্ত্তনৰ লগতেই সলনি হয়। বৈদিক লোকসকলৰ শত্ৰুসকলে উপাসনা কৰা দৈত্য, আত্মা আৰু ভূতৰ সৈতে একাকাৰ হোৱাৰ ফলতেই অসুৰ আৰু ৰাক্ষসৰ কিংবদন্তিসমূহৰ জন্ম হয়। পুৰাণ আৰু মহাকাব্যসমূহত বৰ্ণিত দেৱতা আৰু অসুৰৰ মাজত হোৱা যুদ্ধ সম্ভৱতঃ প্ৰাচীন ভাৰতৰ অধিবাসী আৰু প্ৰব্ৰজনকাৰীসকলৰ মাজত হোৱা সংঘাত।[19]

প্ৰসংগসম্পাদনা কৰক

 
এংকৰ ৱাটত চিত্ৰায়িত দেৱাসুৰৰ সমুদ্ৰ মন্থন

ভাৰতীয় পণ্ডিতকে ধৰি বিভিন্ন দেশৰ পণ্ডিতসকলে অসুৰ শব্দৰ শিপা বিচাৰি গৱেষণা কৰিছে। তেওঁলোকৰ মাজত মতভেদ দেখা পোৱা যায়।[2](পৃষ্ঠা 1–37)

কুইপাৰে অসুৰসকল ব্ৰহ্মাণ্ডৰ উৎপত্তি সন্দৰ্ভত দেৱতাসকলৰ এক বিশেষ গোট বুলি মত প্ৰকাশ কৰিছে।[20] পৃথিৱী, আকাশ আৰু জীৱৰ উৎপত্তিৰ সময়ত আৰু ইয়াৰ পৰৱৰ্ত্তী কালছোৱাত তেওঁলোকৰ ভূমিকাৰ পৰিৱৰ্তন ঘটিছে। আকাশ বা স্বৰ্গলোক দেৱতাৰ হোৱাৰ বিপৰীতে পাতাললোকত অসুৰসকলৰ অধিকাৰ সাব্যস্ত হৈছে। ইন্দ্ৰ শুভ শক্তিৰ প্ৰতিনিধি হোৱাৰ বিপৰীতে বৃত্ৰাসুৰ অশুভ শক্তিৰ পৰিচায়কৰূপে পৰিগণিত হৈছে।[20] শুভ আৰু অশুভ শক্তি অৰ্থাৎ সৃষ্টি আৰু সংহাৰৰ সংঘাতত শুভ শক্তিৰ পক্ষত থিয় হোৱা অসুৰসকলক দেৱতা আখ্যা দিয়া হৈছে আৰু অশুভ শক্তিৰ পক্ষ লোৱাসকলে অসুৰ নাম পাইছে। ব্ৰহ্মাণ্ডৰ সকলোৰে প্ৰকৃতিত বিৰাজমান দ্বৈততাৰ এয়া প্ৰথমটো মতবাদ।[20][2](পৃষ্ঠা 1–2) হেলে (১৯৯৯) নিজৰ পৰ্যালোচনাত[2] এই কথা কয় যে অসুৰ সম্পৰ্কে কুইপাৰৰ মতবাদ গ্ৰহণযোগ্য কিন্তু দুৰ্বল। কিয়নো বেদসমূহত বৃত্ৰক কেতিয়াও অসুৰ বুলি আখ্যা দিয়া নাই।[2](পৃষ্ঠা 3) দ্বিতীয়তে, ঋকবেদত অসুৰক দেৱতাৰ গোট বুলি আখ্যা দিয়া নাই। ই কুইপাৰৰ নিজস্ব ধাৰণাহে।[2](পৃষ্ঠা 3)

বিভিন্ন পণ্ডিতে অসুৰক কোনো বিশেষ জ্ঞান, যাদুকৰী শক্তি আৰু বিশেষ ক্ষমতাৰ অধিপতি বুলি বৰ্ণনা কৰিছে যিসমূহ তেওঁলোকে সৃষ্টিশীল অথবা ধ্বংসাত্মক কাৰ্যত ব্যৱহাৰ কৰে। ইয়াৰে প্ৰথমবিধো হৈছে দেৱতা অৰ্থ প্ৰকাশ কৰা অসুৰ আৰু দ্বিতীয়বিধ অশুভ বা দানৱ। কুইপাৰ, ব্ৰাউন, অ'ট্ট' আদিয়ে এই যুক্তি সমৰ্থন কৰিছে যদিও অসুৰ কেতিয়াৰ পৰা দানৱ হিচাপে পৰিগণিত হ'ল তাৰ কোনো ব্যাখ্যা আগবঢ়োৱা নাই।[2](পৃষ্ঠা 2–4, 10) অসুৰে ঈশ্বৰৰ সলনি তেওঁলোকৰ নিজৰ শক্তিৰ ওপৰতহে বিশ্বাস কৰে।[21]

আনন্দ কুমাৰস্বামীয়ে মত আগবঢ়াই যে দেৱতা আৰু অসুৰৰ ধাৰণাটো গ্ৰীক কিংবদন্তিৰ দ্বাদশ অলিম্পিয়ান বা টাইটানসকলৰ লগত তুলনা কৰিলেহে ভালদৰে বুজিব পৰা যায়। গ্ৰীক আখ্যানত দ্বাদশ অলিম্পিয়ান আৰু টাইটান দুয়োপক্ষ শক্তিশালী কিন্তু ভিন্ন বৈশিষ্ট্য আৰু প্ৰবৃত্তিযুক্ত। হিন্দু আখ্যানমতে দেৱতাসকল পোহৰৰ প্ৰতিনিধি আৰু ইয়াৰ বিপৰীতে অসুৰসকল আন্ধাৰৰ প্ৰতিনিধি।[22][2](পৃষ্ঠা 20) কুমাৰস্বামীৰ মতে এজন অসুৰৰ মাজতো দেৱতাৰ প্ৰকৃতি আছে আৰু দেৱতাৰ মাজতো অসুৰৰ প্ৰকৃতি আছে।[23][24]

ইণ্ডো ইৰাণীয়ানসম্পাদনা কৰক

১৯ শতিকাত হ'গে এক ধাৰণা আগবঢ়ায় যে ভাষাতাত্বিক দিশৰপৰা চাবলৈ গ'লে অসুৰ শব্দটোৰ উৎপত্তি হৈছে প্ৰাক-য'ৰ'ষ্ট্ৰিয়ান আৰু ইণ্ডো-ইৰাণীয়ান লোকসকলৰ অহুৰৰ পৰা। উভয়ৰে ধৰ্মবিশ্বাসত অহুৰা (অসুৰ), বওৰুণ (বৰুণ) আৰু দেইৱৰ (দেৱতা) উপস্থিতি দেখা যায় কিন্তু তেওঁলোকৰ ভূমিকা বৈপৰীত্যধৰ্মী।[2](পৃষ্ঠা 3–8) প্ৰাক-য'ৰ'ষ্ট্ৰিয়ান সংস্কৃতিত অহুৰাই শুভ শক্তি সূচোৱাৰ বিপৰীতে বৈদিক ধৰ্মত অসুৰে অশুভ শক্তিক চিহ্নিত কৰে। আনহাতে প্ৰাক-য'ৰ'ষ্ট্ৰিয়ান সংস্কৃতিত দেইৱ অশুভ শক্তিৰ কাৰক হোৱাৰ বিপৰীতে বৈদিক ধৰ্মত দেৱতা শুভ শক্তিৰ প্ৰতিনিধি। এই বিপৰীতধৰ্মী ভূমিকাৰ পৰা কিছুসংখ্যক পণ্ডিত এই সিদ্ধান্তলৈ আহে যে আদি-ইণ্ডো-ইউৰোপীয় সমাজসমূহৰ মাজত সংঘৰ্ষ হৈছিল আৰু তেওঁলোকৰ আৰাধ্য দেৱতাই তেওঁলোকৰ মাজত থকা পাৰ্থক্যখিনিকে প্ৰতিফলিত কৰিছিল।[2](পৃষ্ঠা 23–31) ১৮৮৫ চনত পিটাৰ ভন ব্ৰেডকেই এই ধাৰণাটোৰ ওপৰত বিস্তৃত গৱেষণা আৰু পৰ্যালোচনা চলায়।[25][2](পৃষ্ঠা 5–8)

কুইপাৰে ইণ্ডো-ইৰাণীয়ান কালৰ দেৱতা আৰু অসুৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে বিস্তাৰিত আলোচনা আগবঢ়াইছে।[26] এইটোৰ লগতে অন্যান্য মতবাদসমূহে বিংশ শতিকাজুৰি বিকাশ লাভ কৰে। কিন্তু আধুনিক কালত এই মতবাদসমূহ সম্বন্ধে প্ৰত্নতাত্বিক প্ৰমাণ নোহোৱাৰ ফলতেই প্ৰশ্ন উত্থাপিত হয়।[27][2](পৃষ্ঠা 5–8, 12, 15, 18–19, 37) এচক' পাৰপ'লাই ভাষাতাত্বিক আৰু প্ৰত্নতাত্বিক প্ৰমাণ দাখিল কৰি এই বিতৰ্কক পুনৰ আলোচনাৰ মজিয়ালৈ আনে। অৱশ্যে তেওঁ আগবঢ়োৱা সূত্ৰসমূহ উৰালিক যুগৰো আগৰ হ'ব পাৰে।[28]

জাৰ্মান দেৱ-দেৱীৰে সম্পৰ্কসম্পাদনা কৰক

এচক' পাৰপ'লাকে আদি কৰি কিছুসংখ্যক পণ্ডিতে মত পোষণ কৰে যে অসুৰ শব্দটো আদি-উৰালিক আৰু আদি-জাৰ্মান ইতিহাসৰ সৈতে জড়িত হ'ব পাৰে। বৈদিক সংস্কৃতৰ অসুৰ, প্ৰাচীন নৰ্ছৰ (ন'ৰৱে) এচিৰ আৰু আদি-উৰানিক এচেৰা, এই আটাইকেইটা শব্দৰ অৰ্থ অধিপতি, শক্তিশালী আত্মা বা দেৱতা।[28][29] পাৰপলাই লগতে কয় যে এচেৰা-অসুৰৰ উপৰিও দুয়োধৰ্মৰ আখ্যানসমূহৰ ইনমাৰ-ইন্দ্ৰ, স্তম্পছ-স্তম্ভ আদি শব্দযুগলৰো এনে মিল আছে।[28]

বৈশিষ্ট্যসম্পাদনা কৰক

 
দাহুই মন্দিৰত থকা অসুৰৰ প্ৰতিমূৰ্ত্তি, বেইজিং, চীন

প্ৰাচীনতম বৈদিক সাহিত্যত সকলোবোৰ আতিভৌতিক শক্তিধাৰী প্ৰাণীক দেৱ (দেৱতা)[6][30][31][32] আৰু অসুৰ বুলি কোৱা হৈছিল।[2](পৃষ্ঠা  5–11, 22, 99–102) ঋকবেদৰ এক বহুল উচ্চাৰিত শ্লোকত অসুৰ দেৱভ (দেৱতালৈ উত্তৰণ ঘটা অসুৰ) বুলি উল্লেখ কৰা হৈছে আৰু ই অসুৰ অদেৱঃ (অসুৰ দেৱতা নহয়) শ্লোকাংশৰ বিপৰীত অৰ্থ প্ৰকাশ কৰিছে।[20][34]) প্ৰত্যেক অসুৰ আৰু দেৱতাৰে পিতৃ প্ৰজাপতি। তেওঁলোকৰ নিবাসস্থান (লোক) আৰু গ্ৰহণ কৰা পানীয়ও (সোম) একেই। তেওঁলোকৰ প্ৰত্যেকৰে নিজস্ব প্ৰতিভা, জ্ঞান আৰু বিশেষ শক্তি আছে। দেৱত্ব লাভ কৰা অসুৰ আৰু অসুৰ হৈ ৰোৱা অসুৰৰ মাজত থকা পাৰ্থক্যসমূহ হৈছে তেওঁলোকৰ প্ৰবৃত্তি, কাম আৰু জীৱনত বাছি লোৱা পথসমূহ।[24][35]

অসুৰ হৈ ৰোৱা অসুৰসকল শক্তিশালী হোৱাৰ লগতে সোমৰস, ধন-সম্পত্তি, অহংকাৰ, ক্ৰোধ, উচ্ছৃংখল প্ৰকৃতি, বল আৰু হিংসাৰ প্ৰতি আসক্ত।[36][37] হিন্দু কিংবদন্তিসমূহৰ মতে যেতিয়া তেওঁলোকে কিবা হেৰুৱায়, অভাৱ অনুভয় কৰে বা যি বিচাৰে তাক নাপায় তেতিয়াই লুটপাত আদি কৰিবলৈ দেৱত্ব লাভ কৰা অসুৰৰ ওপৰত আক্ৰমণ চলায়।[36][37]

এই দুয়োটা গোটৰ মাজত হোৱা সংঘাত হিন্দুধৰ্মৰ আখ্যানসমূহৰ এক প্ৰধান সূত্ৰ। বহুতো ৰচনাত এই সংঘাতসমূহৰ বৰ্ণনা নিৰপেক্ষ দৃষ্টিভংগীৰে কৰা হৈছে।[35] ইয়াৰে কিছুসংখ্যক কাহিনী মহাকাব্য আৰু উৎসৱ-পাৰ্বনসমূহৰ মূল পৃষ্ঠভূমি। উদাহৰণস্বৰূপে ৰামায়ণ বা হিৰণ্যকশিপু আৰু নৰসিংহৰ কথা কোৱা হয়।[35][38]

বৌদ্ধ কিংবদন্তিৰ মতে, দেৱতাসকল কিছু পৰিমাণে বাসনাত অনুৰক্ত হোৱাৰ বিপৰীতে অসুৰসকল বাসনাত আসক্ত। এই অসুৰসকলে মানুহতকৈ বহু সুখকৰ আৰু বিলাসী জীৱন-যাপন কৰে কিন্তু দেৱতাৰ প্ৰতি ইৰ্ষাৰ ভাৱে ইয়াত নেতিবাচক প্ৰভাৱ পেলায়।[উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰতীকী অৰ্থসম্পাদনা কৰক

এডেলমেনকে ধৰি অন্য কিছু পণ্ডিতে মত প্ৰকাশ কৰে যে হিন্দুধৰ্মত অসুৰৰ ধাৰণাটো পৌৰাণিক আৰু মধ্যযুগীয় সাহিত্যসমূহত এক প্ৰতীক ৰূপত পোৱা যায়।[39][40] উদাহৰণস্বৰূপে উপনিষদৰ বৰ্ণনা অনুসৰি আত্ম কি আৰু ইয়াক কেনেকৈ প্ৰাপ্ত কৰিব পাৰি সেয়া জানিবলৈ দেৱতা আৰু অসুৰ প্ৰজাপতিৰ কাষ চাপে। প্ৰজাপতিয়ে প্ৰথমেই এটা সৰল উত্তৰ দিয়ে আৰু অসুৰসকলে তাকে মানি লৈ প্ৰস্থান কৰে। কিন্তু ইন্দ্ৰৰ নেতৃত্বত যোৱা দেৱগণে এই উত্তৰটো সহজে গ্ৰহণ নকৰি ইয়াৰ তাৎপৰ্যৰ বিষয়ে প্ৰশ্ন কৰে।[41] এডেলমেনে কয় যে উপনিষদে এই কথাকেই সোঁ‌ৱৰাই দিয়ে যে উপস্থাপিত ধাৰণাসমূহক লৈ সংগ্ৰাম কৰিব লাগিব। শিক্ষা গ্ৰহণ এক প্ৰক্ৰিয়া আৰু দেৱত্ব যত্নৰ বলতহে প্ৰাপ্ত হয়।[41] পুৰাণসমূহতো একেধৰণৰ কাহিনী পোৱা যায় য'ত প্ৰজাপতিৰ সলনি এজন ঋষিয়ে অসুৰৰাজ বিৰোচন আৰু দেৱৰাজ ইন্দ্ৰক আত্ম সম্পৰ্কে উত্তৰ দিয়ে।[41] বিৰোচনে উত্তৰ পায়েই সেই জ্ঞানক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কথা ভাবি প্ৰস্থান কৰে। আনহাতে ইন্দ্ৰই ঋষিক আভ্যন্তৰীণ আনন্দ আৰু শক্তি লাভৰ বাবে প্ৰশ্ন কৰা অব্যাহত ৰাখে। [41]

এডেলমেনৰ মতে দেৱতা আৰু অসুৰ প্ৰতীকাৰ্থত প্ৰতিজন মানুহৰ অভ্যন্তৰত থকা বিপৰীতমুখী শক্তি আৰু সেয়ে এই ধাৰণাটো কোনো জীৱ প্ৰজাতিৰ সলনি আধ্যাত্মিকহে।[42] ভাগৱত পুৰাণৰ কাহিনী অনুসৰি অসুৰৰ পৰিয়ালতো বলিৰজা বা প্ৰহ্লাদৰ দৰে সাধুলোকৰ জন্ম হয় আৰু বংশবৃক্ষতকৈও কৰ্মৰ দ্বাৰাহে দেৱত্ব বা অসুৰত্বৰ প্ৰাপ্তি হয়।[42]

অসুৰিসম্পাদনা কৰক

অসুৰৰ স্ত্ৰীলিংগ অসুৰিৰ অৰ্থ হৈছে হৈছে দানৱ বা আত্মাৰ সৈতে সম্পৰ্ক থকা।[43] অসুৰৰ দৰে অসুৰিসকলো শক্তিশালী জীৱ আৰু প্ৰাক-বৈদিক সাহিত্যত ই সকলো দেৱীকে সূচায়।[44] ভাৰতীয় সাহিত্যত অসুৰিয়ে ৰাক্ষসীকো বুজায়।[45][2](পৃষ্ঠা 120–133)

অসুৰিসকলৰ শক্তি ৰোগবিশেষৰ নিৰাময়কাৰী গছ-লতিকাৰ সৈতে জড়িত।[46][47]

অথৰ্ববেদৰ মতে অসুৰিয়ে ইন্দ্ৰক মোহিত কৰিবলৈ নিজৰ জ্ঞানৰ প্ৰয়োগ কৰে।[48]

বৌদ্ধধৰ্মসম্পাদনা কৰক

বৌদ্ধধৰ্মৰ মতে অসুৰ হৈছে পূৰ্বজন্ম বা বৰ্তমানৰ জন্মৰ কৰ্মফলত জন্ম লোৱা একপ্ৰকাৰৰ আতিভৌতিক শক্তিসম্পন্ন জীৱ।[49] তেওঁলোকৰ বাসস্থান সুমেৰু পৰ্বতৰ নিম্নাংশত। তেওঁলোক সততে দেৱতাৰ সৈতে ইৰ্ষাজনিত যুদ্ধ-বিগ্ৰহত লিপ্ত থাকে।[50] পূব আৰু দক্ষিণ-পূব এচিয়ালৈ বৌদ্ধধৰ্মৰ প্ৰসাৰৰ লগে লগে অসুৰ সম্পৰ্কে ভাৰতীয় ধাৰণাসমূহ বৌদ্ধধৰ্মৰ সৈতে সংমিশ্ৰিত হৈ পৰে।[50]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Robert Beer The Handbook of Tibetan Buddhist Symbols Serindia Publications 2003 আই.এচ.বি.এন. 978-1-932-47603-3 page 246
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 2.16 Hale, Wash Edward (1999). Ásura in Early Vedic Religion. Motilal Barnarsidass. ISBN 978-8120800618. 
  3. Don Handelman (2013), One God, Two Goddesses, Three Studies of South Indian Cosmology, Brill Academic, আই.এচ.বি.এন. 978-9004256156, pages 23–29
  4. Wendy Doniger (1988), Textual Sources for the Study of Hinduism, Manchester University Press, আই.এচ.বি.এন. 978-0719018664, p. 67
  5. Robert E. Buswell Jr., Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. পৃষ্ঠা. 411. ISBN 978-1400848058. https://books.google.com/books?id=DXN2AAAAQBAJ&pg=PA411. 
  6. 6.0 6.1 6.2 6.3 Monier Monier-Williams, A Sanskrit-English Dictionary” Etymologically and Philologically Arranged to cognate Indo-European Languages, Motilal Banarsidass, page 121
  7. Malalasekera, G.P. (2007). "Asurā". Dictionary of Pali Proper Names. Motilal Banarsidass Publishers. ISBN 978-81-208-3020-2. http://www.aimwell.org/DPPN/asura.html. 
  8. Asko Parpola (2015), The Roots of Hinduism: The Early Aryans and the Indus Civilization, Oxford University Press, আই.এচ.বি.এন. 978-0190226923, pages 114-116
  9. P.L. Bhargava, Vedic Religion and Culture, South Asia Books, আই.এচ.বি.এন. 978-8124600061
  10. Mandala 1, Hymn 35 Ralph T Griffith, Wikisource
  11. Stephanie Jamison (2015). The Rigveda – Earliest religious poetry of India. Oxford University Press. পৃষ্ঠা. 142. ISBN 978-0190633394. https://books.google.com/books?id=1LTRDwAAQBAJ. 
  12. Rig Veda Sanskrit text, Wikisource
  13. Oertel, Hanns (1896). The Jāiminīya or Talavakāra Upaniṣad Brāhmaṇa. Journal of the American Oriental Society; JSTOR. পৃষ্ঠা. 193. https://archive.org/details/jstor-592488. 
  14. 14.0 14.1 14.2 Jeaneane D Fowler (2012), The Bhagavad Gita, Sussex Academic Press, আই.এচ.বি.এন. 978-1845193461, pages 253-262
  15. 15.0 15.1 Christopher K Chapple (2010), The Bhagavad Gita: Twenty-fifth–Anniversary Edition, State University of New York Press, আই.এচ.বি.এন. 978-1438428420, pages 610-629
  16. G.V.Tagare. Brahmanda Purana - English Translation - Part 4 of 5. পৃষ্ঠা. 1063 (9.66-69). https://archive.org/details/BrahmandaPuranaG.V.TagarePart4. 
  17. "Sanskrit Dictionary for Spoken Sanskrit: 'Sura'". spokensanskrit.org. https://spokensanskrit.org/index.php?mode=3&script=hk&tran_input=sura&direct=au&anz=100। আহৰণ কৰা হৈছে: 2019-12-14. 
  18. 18.0 18.1 18.2 Roshen Dalal (2011). Hinduism: An Alphabetical Guide, p.46. Penguin Books India. আই.এচ.বি.এন. 0143414216 [1]
  19. 19.0 19.1 19.2 Alain Daniélou (1991). The Myths and Gods of India: The Classic Work on Hindu Polytheism from the Princeton Bollingen Series, pp. 141–142. Inner Traditions / Bear & Co. আই.এচ.বি.এন. 0892813547.
  20. 20.0 20.1 20.2 20.3 FBJ Kuiper (1975), The Basic Concept of Vedic Religion, History of Religion, volume 15, pages 108-112
  21. Bahadur, Om Lata (1996). The book of Hindu festivals and ceremonies (3rd সম্পাদনা). প্ৰকাশক New Delhi: UBS Publishers Distributors ltd.. পৃষ্ঠা. 168. ISBN 81-86112-23-5. https://archive.org/details/bookofhindufesti0000baha/page/168. 
  22. Ananda Coomaraswamy (1935), Angel and Titan: An Essay in Vedic Ontology, Journal of the American Oriental Society, volume 55, pages 373-374
  23. Ananda Coomaraswamy (1935), Angel and Titan: An Essay in Vedic Ontology, Journal of the American Oriental Society, volume 55, page 374
  24. 24.0 24.1 Nicholas Gier (1995), Hindu Titanism, Philosophy East and West, Volume 45, Number 1, pages 76, see also 73-96
  25. P. von Bradke (1885), Dyaus Asuras, Ahura Mazda und die Asuras, Max Niemeyer, Reprinted as আই.এচ.বি.এন. 978-1141632251
  26. F.B. J.Kuiper, Ancient Indian Cosmogony, Bombay 1983, আই.এচ.বি.এন. 0706913701.
  27. Herrenschmidt, Clarisse; Kellens, Jean (1993). "*Daiva". Encyclopaedia Iranica. 6. প্ৰকাশক Costa Mesa: Mazda. পৃষ্ঠা. 599–602. 
  28. 28.0 28.1 28.2 Asko Parpola (2015), The Roots of Hinduism: The Early Aryans and the Indus Civilization, Oxford University Press, আই.এচ.বি.এন. 978-0190226923, pages 66–67, 82–109
  29. Douglas Adams (1997), King, in Encyclopedia of Indo-European Culture, Routledge, আই.এচ.বি.এন. 978-1884964985, page 330
  30. "Deva". Encyclopaedia Britannica. https://www.britannica.com/topic/deva-religious-being. 
  31. Coulter, Charles Russell; Turner, Patricia. Encyclopedia of Ancient Deities. পৃষ্ঠা. 147. https://books.google.com/books?id=sEIngqiKOugC&pg=PA147&lpg=PA147&dq=deva+in+vedic+india&source=bl&ots=3wq_k2WbZB&sig=7F_a5jJFcKbQpQAJApkaH85VVgI&hl=en&sa=X&ved=2ahUKEwjTvKTctPTaAhVKto8KHRVYBZY4FBDoATAIegQIABAB#v=onepage&q=deva%20in%20vedic%20india&f=false. 
  32. Williams, George (2008). A Handbook of Hindu Mythology. Oxford University Press. পৃষ্ঠা. 90, 112. ISBN 978-0195332612. 
  33. ऋग्वेदः मण्डल ८. Rigveda. hymns 8.25.4, 8.96.9. https://sa.wikisource.org/wiki/ऋग्वेदः_मण्डल_८. 
  34. see Hale (1999)।[2](পৃষ্ঠা  1–2) (ৱিকিউৎসত এই মূল শ্লোকটো উপলব্ধ।[33]
  35. 35.0 35.1 35.2 Bonnefoy, Yves; Doniger, Wendy (1993). Asian Mythologies. University of Chicago Press. পৃষ্ঠা. 52–53. ISBN 978-0226064567. 
  36. 36.0 36.1 Gier, Nicholas (1995). "Hindu titanism". Philosophy East and West খণ্ড 45 (1): 76-80. https://www.jstor.org/stable/1399510. 
  37. 37.0 37.1 Kramrisch, Stella; Burnier, Raymond (1986). The Hindu Temple. 1. Motilal Banarsidass. পৃষ্ঠা. 75-78. ISBN 978-8120802230. 
  38. Doniger, Wendy, ed (2000). Merriam-Webster's Encyclopedia of World Religions. Merriam-Webster. পৃষ্ঠা. 455. ISBN 978-0877790440. 
  39. Jonathan Edelmann (2013), Hindu Theology as Churning the Latent, Journal of the American Academy of Religion, Volume 81, Issue 2, pages 427-466
  40. Doris Srinivasan (1997), Many Heads, Arms and Eyes: Origin, Meaning, and Form of Multiplicity in Indian Art, Brill Academic, আই.এচ.বি.এন. 978-9004107588, pages 130-131
  41. 41.0 41.1 41.2 41.3 Jonathan Edelmann (2013), Hindu Theology as Churning the Latent, Journal of the American Academy of Religion, Volume 81, Issue 2, pages 439-441
  42. 42.0 42.1 Jonathan Edelmann (2013), Hindu Theology as Churning the Latent, Journal of the American Academy of Religion, Volume 81, Issue 2, pages 440-442
  43. American Oriental Society (1852). Proceedings (American Oriental Society) 1874-1893, p.xv
  44. Coburn, Thomas B. (1988). Devī-Māhātmya, p.200. Motilal Banarsidass Publications. আই.এচ.বি.এন. 8120805577
  45. Bodewitz, H. W. (1990). The Jyotiṣṭoma Ritual: Jaiminīya Brāhmaṇa I, 66-364, p.265. Volume 34 of Orientalia Rheno-traiectina. আই.এচ.বি.এন. 9004091203
  46. Shende, N.J. (1967). Kavi and kāvya in the Atharvaveda, p. 22. Issue 1 of Publications of the Centre of Advanced Study in Sanskrit, Centre of Advanced Study in Sanskrit, University of Poona
  47. Garg, Gaṅgā Rām (1992). Encyclopaedia of the Hindu World: Ar-Az, p.751. Volume 3 of Encyclopaedia of the Hindu World. Concept Publishing Company. আই.এচ.বি.এন. 8170223733
  48. Hymns of the Atharva Veda, Ralph T.H. Griffith (Translator), Luzac and Co., London, page 344
  49. Norman C. McClelland (2010). Encyclopedia of Reincarnation and Karma. McFarland. পৃষ্ঠা. 32–34, 136. ISBN 978-0-7864-5675-8. https://books.google.com/books?id=S_Leq4U5ihkC. 
  50. 50.0 50.1 Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃষ্ঠা. 76. ISBN 978-1-4008-4805-8. https://books.google.com/books?id=DXN2AAAAQBAJ&pg=PA76.