ভোজপুৰ বিদ্ৰোহ (ইংৰাজী: 1970 Bhojpur uprising) বুলিলে ১৯৭০ চনত বিহাৰৰ ভোজপুৰ জিলাৰ বহু কেইখন গাঁৱত সংঘটিত শ্ৰেণী সংঘাত সূচক সশস্ত্ৰ বিদ্ৰোহক বুজোৱা হয়। এই সংঘৰ্ষসমূহ ৰাজ্যখনৰ নক্সাল-মাওবাদী বিদ্ৰোহৰ অংশ আছিল, যি বিদ্ৰোহ মূলতঃ কৃষি শ্ৰমিক আৰু দৰিদ্ৰ কৃষকসকলে উচ্চবৰ্ণৰ মালিকৰ বিৰুদ্ধে সংগঠিত কৰিছিল। এই বিদ্ৰোহবোৰৰ এটা বৈশিষ্ট্য আছিল এইবোৰ গাঁৱৰ ভিতৰতে আৱদ্ধ হৈ আছিল আৰু সশস্ত্ৰ গোটসমূহৰ দ্বাৰা সময়ে সময়ে হোৱা সংঘৰ্ষৰ পৰা ভোজপুৰ জিলাৰ নখন চহৰত কোনো প্ৰভাৱ পৰা নাছিল। জিলাখনত আধুনিক উদ্যোগৰ অনুপস্থিতি, এই অদ্ভুত বৈশিষ্ট্যৰ এটা কাৰণ আছিল। জিলাখনৰ অৰ্থনীতি মূলতঃ কৃষিভিত্তিক আছিল, আৰু স্বাভাৱিকতে ইয়াত কোনো ঔদ্যোগিক সৰ্বহাৰা শ্ৰেণী নাছিল।

Bhojpur uprising
Naxalite-Maoist insurgencyৰ অংশ
তাৰিখ 1970-2002[1]
অৱস্থান Bhojpur district
Bihar

25°17′51″N 84°29′58″E / 25.297513°N 84.499390°E / 25.297513; 84.499390স্থানাংক: 25°17′51″N 84°29′58″E / 25.297513°N 84.499390°E / 25.297513; 84.499390
যুজাৰু
Communist Party of India (Marxist–Leninist) Liberation Government of Bihar
Bhojpur landlords[2]
কমাণ্ডাৰ আৰু দলপতিসকল
Jagdish Mahto [3]
Rameswar Ahir. [4]
Ram Naresh Dusadh[5][6]

Dr. Nirmal Mahato [5]
Ramayan Ram [5]
Singhasan Chamar [5]

জড়িত গোট
Bihar Police Force[7]
Indian paramilitary units[8]
Armed gangs of the landlords[9]

আৰক্ষীৰ তথ্য অনুসৰি ভোজপুৰত নক্সালবাদী আন্দোলন, জিলাখনৰ ষোল্লটা ব্লকৰ ভিতৰত নটা ব্লকত বিয়পি পৰিছিল আৰু মুঠ ১৫০খন গাঁও সশস্ত্ৰ বিদ্ৰোহৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ছাহাৰ ব্লকৰ সকলো দৰিদ্ৰ কৃষক সামন্তীয় ব্যৱস্থাৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহৰ অংশগ্ৰহণকাৰী বুলি বিশ্বাস কৰা হয়। লেখক অৰুণ সিনহাৰ মতে এই বিদ্ৰোহক "জাতিভিত্তিক অত্যাচাৰ"ৰ বিৰুদ্ধে হোৱা প্ৰতিক্ৰিয়া হিচাপে চিত্ৰিত কৰা হয়। বিদ্ৰোহৰ আঁৰৰ কাৰণবোৰ অৱশ্যে "জাতি চেতনা" নাছিল। [2][10]

জাতিগত গাঁথনি আৰু অৰ্থনৈতিক অৱস্থা

সম্পাদনা কৰক

অৰুণ সিনহাৰ মতে ভোজপুৰৰ প্ৰায়বোৰ ভূস্বামী আছিল উচ্চবৰ্ণৰ- ৰাজপুত, ভূমিহাৰ, ব্ৰাহ্মণ আৰু কায়স্থ। কৃষি শ্ৰমিকসকল যাদৱ, কুৰ্মি আৰু কৈৰীৰ দৰে অনুসূচীত জাতি বা অন্যান্য পিছপৰা সম্প্ৰদায় লোক। কমিউনিষ্টৰ দখল নথকা আন্দোলনটো জাতিভিত্তিক দাঙ্গালৈ ৰূপান্তৰিত হোৱাটো স্পষ্ট হৈ পৰিছিল। কালক্ৰমত বহু ৰাজপুত আৰু ব্ৰাহ্মণ দৰিদ্ৰ কৃষকৰ শ্ৰেণীলৈ অৱনমিত হৈছিল আৰু বহুতো কৈৰী আৰু যাদৱ ধনী হৈ পৰিছিল; পৰিৱৰ্তিত সমীকৰণে জিলাখনতো সংৰেখন সলনি কৰি পেলাইছিল। সাত বছৰীয়া বিদ্ৰোহৰ অন্তত নক্সালবাদী আন্দোলন পৰিপক্ক হৈ উঠাত পৰৱৰ্তী পৰ্যায়ত ব্ৰাহ্মণ জাতিৰ কিছু যুৱকে আন্দোলনটোৰ প্ৰতি সহানুভূতিশীল হৈ পৰিছিল। নক্সালবাদী আন্দোলনৰ প্ৰাৰম্ভিক পৰ্যায়ত ভূমিহাৰ আৰু ৰাজপুতৰ মাজৰ দৰিদ্ৰ লোকসকলেও নিজৰ জাতিৰ ভূস্বামীসকলক সমৰ্থন কৰিছিল।[2]

প্ৰেক্ষাপট

সম্পাদনা কৰক

ভোজপুৰ জিলাৰ ছাহাৰৰ ওচৰৰ বৃহৎ গাঁওবোৰৰ ভিতৰত অন্যতম একৱাৰী গাঁও। ইয়াৰ গৰিষ্ঠসংখ্যক মাটিৰ মালিক ভূমিহাৰ জাতিৰ; যাৰ পৰিয়ালৰ মুঠ সংখ্যা ২৫০টা আছিল। তেওঁলোকে কেৱল উচ্চ অৰ্থনৈতিক মৰ্যাদা লাভ কৰাই নহয়, স্থানীয় ক্ষমতাৰ ৰাজনীতিও নিয়ন্ত্ৰণ কৰিছিল। এই মাটিৰ মালিকসকলৰ কিছুমানে যুক্তি দিছিল যে তেওঁলোক জমিদাৰ নহয়, কিন্তু স্বাধীনতাৰ আগত তেওঁলোক বাৰাণসীৰ ৰজাৰ ৰায়ত আছিল। ভোটদানত হোৱা ৰিগিঙক বাধা দিবলৈ চেষ্টা কৰোঁতে জগদীশ মাহাতো নামৰ এজন শিক্ষিত যুৱক ভূমিহাৰৰ হাতত শাৰীৰিকভাবে নিগৃহীত হোৱা ঘটনাটো নক্সালবাদ উত্থানৰ ট্ৰিগাৰ পইণ্ট হৈ পৰিল। পিছলৈ মাহাতো ৰামেশ্বৰ অহিৰৰ সৈতে ভোজপুৰত নক্সালবাদৰ অন্যতম প্ৰতিষ্ঠাপক হৈ পৰে।[4]

বিদ্ৰোহী কৃষক আৰু কৃষি শ্ৰমিকসকলে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ একৱাৰীৰ ভূস্বামীসকলে নিজৰ জাতিৰ অভূস্বামী শ্ৰেণীটোক সংগঠিত কৰে। দলিত আৰু নিম্নবৰ্ণৰ সশস্ত্ৰ বিদ্ৰোহৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এটা সাধাৰণ বৈশিষ্ট্য আছিল, ভূস্বামী আৰু তেওঁলোকৰ স্বজাতীয় লোকসকলে একত্ৰিতভাবে লোৱা কাৰ্য-ব্যৱস্থা। উচ্চবৰ্ণৰ ভূস্বামী আৰু তেওঁলোকৰ স্বজাতীয় লোকসকলৰ মাজত থকা শক্তিশালী "জাতিগত ঐক্য"ৰ ফলত প্ৰায়ে দলিত বস্তিসমূহ আক্ৰমণৰ সন্মুখীন হৈছিল আৰু অৰ্থনৈতিক অৱৰোধৰ জৰিয়তে দলিতসকলক বশ হ'বলৈ বাধ্য কৰাইছিল।[11]

কিন্তু একৱাৰীত, পাছলৈ কৃষকৰ হিংসাত্মক প্ৰতিক্ৰিয়াৰ ভয়ত, তথা স্বজাতীয় ভূস্বামীসকলৰ অত্যাচাৰী কৌশলত অংশগ্ৰহণৰ অনিহা হোৱাৰ পৰিণতিত ফলত উচ্চবৰ্ণৰ লোকসকল কৃষক বিৰোধী কাৰ্যকলাপৰ পৰা তেওঁলোকৰ সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। ফলস্বৰূপে ভূস্বামীসকলৰ দ্বাৰা জাতিভিত্তিক "ব্যক্তিগত সেনাবাহিনী"ৰ উত্থান হয়, যাক তেওঁলোকে কৃষক বিৰোধী কাৰ্যকলাপত নিয়োজিত কৰে। ব্যক্তিগত সেনা বা সশস্ত্ৰ গেংসমূহৰ নিয়মীয়াকৰণৰ ফলত ভূস্বামীসকলৰ প্ৰতি সমৰ্থন কেৱল তেওঁলোকৰ আত্মীয় আৰু ব্যক্তিগত সেনাৰ মাজত কেন্দ্ৰীভূত হৈ পৰে আৰু সময়ৰ লগে লগে তেওঁলোকৰ স্বজাতীয় লোকৰ মাজত তেওঁলোকৰ বৃহত্তৰ সমৰ্থনৰ ভিত্তি হ্ৰাস পাবলৈ ধৰে।[11]

ভোজপুৰ জিলাৰ ছাহাৰ ব্লকৰ একৱাৰী গাঁও সংগঠিত অহিৰ আৰু ৰামনৰেশ দুচাদ। উত্তৰ বংগৰ নক্সালবাৰী অঞ্চলত হোৱা সফল বিদ্ৰোহৰ দ্বাৰা তেওঁলোক প্ৰভাৱিত হৈছিল, আৰু বিশেষকৈ নিম্নবৰ্ণৰ সমভাৱপন্ন যুৱক-যুৱতীক সংগঠিত কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰাক্তন ডকাইত ৰামেশ্বৰ আহিৰে এটা হত্যাৰ গোচৰত বাৰ বছৰৰ কাৰাদণ্ড ভুগি মুকলি হৈ অহালৈকে, কেডাৰসকলক সংগঠিত কৰাৰ প্ৰয়াসত মাহাতোক দুবছৰ সময় লাগিল। অহিৰ ঘূৰি অহাৰ পাছত দুয়োজনে সামাজিক পৰিৱৰ্তনৰ বাবে কাম কৰাৰ সিদ্ধান্ত লয়। ১৯৭১ চনৰ ২৩ ফেব্ৰুৱাৰীত একৱাৰী প্ৰথম ব্যক্তিগত হত্যাকাণ্ডৰ সাক্ষী হৈছিল; ভূস্বামীৰ এজন ব্যক্তিগত লাঠিয়াল শিউপূজন সিঙৰ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু তেওঁৰ মৃতদেহ সোণ খালৰ ওচৰত উদ্ধাৰ কৰা হৈছিল। জমিদাৰ চিত্তৰঞ্জন সিঙে জগদীশ মাহাতো, ৰামেশ্বৰ অহিৰ আৰু তেওঁলোকৰ সহযোগী ভিখাৰী কহাৰ, মহাৰাজ মাহাতো আৰু সিংহাসন চমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।[8]

১৯৭১ চনৰ পৰা ১৯৭৩ চনলৈকে প্ৰায় পোন্ধৰজন ডাঙৰ জমিদাৰক হত্যা কৰা হয় আৰু এই বিশেষ অঞ্চলটোৰ প্ৰসংগত "নক্সালবাদী" শব্দটোৱে, 'যৌন অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া ব্যক্তি'ক বুজাবলৈ আৰম্ভ কৰে। ইয়াৰ আঁৰৰ এটা কাৰণ আছিল, জগদীশপুৰৰ অত্যাচাৰী বুলি খ্যাত থানা সিঙৰ দৰে ৰাজপুত জমিদাৰৰ হত্যা। অতি সোনকালেই অতি কুখ্যাত ভূস্বামীসকলৰ এই হত্যাকাণ্ডৰ পিছত দুখীয়াৰ সমৰ্থক বুলি সুনাম অৰ্জন কৰা নক্সালবাদী গোটৰ কাৰ্যকলাপৰ কাহিনী গাঁৱৰ দলিত অঞ্চলত বিয়পিবলৈ ধৰে। একৱাৰীৰ পৰাই আন গাঁৱতো নক্সালবাদী কাৰ্যকলাপ বিয়পি পৰে। কম সময়ৰ ভিতৰতে দল্লামচাক, ছিকাৰহাট্টা, কলোধেৰী, নেৰাথ আৰু বহুৱাৰা আদি গাঁওবোৰো বাওঁপন্থী সন্ত্ৰাসবাদৰ কবলত পৰিল।[8]

১৯৭৩ চনৰ ৬ মে’ত অৰ্ধসামৰিক বাহিনী আৰু শ্ৰমিকৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ পিছত চৌৰী গাঁওখন ৰাষ্ট্ৰীয় নজৰলৈ আহে। গাঁওখন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত সঘনাই সংঘটিত হোৱা শস্য লুটপাত কাণ্ডৰ তদন্তৰ উদ্দেশ্যে কৰ্তৃপক্ষই বাহিনী নিয়োগ কৰে। শস্য লুটপাতত জড়িত, সন্দেহযুক্ত লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী গাঁৱত প্ৰৱেশ কৰাত গাঁৱৰ, বিশেষকৈ দলিত আৰু পিছপৰা জাতিৰ লোকসকলে তীব্ৰ প্ৰতিৰোধ গঢ়ি তোলে।[8]

  1. "ML to honour kin of 'martyrs'". 15 November 2002. https://timesofindia.indiatimes.com/city/patna/ml-to-honour-kin-of-martyrs/articleshow/28306629.cms. 
  2. 2.0 2.1 2.2 Sinha, Arun (1978). "Class War in Bhojpur: II". Economic and Political Weekly খণ্ড 13 (3): 90–92. 
  3. Omvedt, Gail (1993). Reinventing Revolution: New Social Movements and the Socialist Tradition in India. M.E. Sharpe. পৃষ্ঠা. 59. ISBN 0765631768. https://books.google.com/books?id=Wlxb0uacnRcC। আহৰণ কৰা হৈছে: 19 July 2022. 
  4. 4.0 4.1 Bhatia, Bela (2005). "The Naxalite Movement in Central Bihar". Economic and Political Weekly খণ্ড 40 (15): 1536–49. 
  5. 5.0 5.1 5.2 5.3 Amrik Singh Nimbran (1992). Poverty, Land, and Violence: An Analytical Study of Naxalism in Bihar. Layman's Publications. https://books.google.com/books?id=b3JuAAAAMAAJ। আহৰণ কৰা হৈছে: 21 July 2022. "His active associates and lesser leaders like Ram Naresh Dusadh, Rameshwar Ahir (both of Ekwari), Butan Musahar, Ramayan Ram, Narayan Koeri, Dr. Nirmal Mahto etc. came from these groups ." 
  6. Ranabir Samaddar, ed (2018). From Popular Movements to Rebellion: The Naxalite Decade. Routledge. ISBN 978-0429648977. https://books.google.com/books?id=BjZ7DwAAQBAJ। আহৰণ কৰা হৈছে: 19 July 2022. The first spark of Naxalbari in Bihar actually fell in Musahari but it was soon extinguished. This spark was once again ignited in Ekwaari village and took the form of a raging fire in the Bhojpur revolution which could never again be extinguished. When this spark fell in Ekwaari, the three who came forward to pick it up and carry the torch are well known in the Bhojpur revolution as the trio of ‘Mahto, Paswan and Yadav’ – Master Jagdish Prasad, Ramnaresh Ram, and Rameshwar Ahir (Sadhuji).
  7. Mukherjee, Kalyan (1979). "Peasant Revolt in Bhojpur". Economic and Political Weekly খণ্ড 14 (36): 1536–38. 
  8. 8.0 8.1 8.2 8.3 Narayan, Jitendra (2011). ""NAXALISM IN BIHAR: A Historical Perspective."". The Indian Journal of Political Science খণ্ড 72 (4): 1069–71. 
  9. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; d mello নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  10. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Mukherjee Yadav নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  11. 11.0 11.1 D., N. (1989). ""Landlords as Extensions of the State."". Economic and Political Weekly খণ্ড 24 (4): 179–183. 

অধিক জানিবলৈ পঢ়ক

সম্পাদনা কৰক