২০১৫ নেপাল ভূমিকম্প ৭.৮ ৰিখটাৰ স্কেল[2]ত অহা এক প্ৰবল ভূমিকম্প যি ২৫ এপ্ৰিল ২০১৫ তাৰিখে ভাৰতীয় মান সময়ত দিনৰ ১১ বাজি ৪১ মিনিট ২৬ চেকেণ্ডত[1] নেপাল, ভাৰত, পাকিস্তান, চীন, তিব্বত, বাংলাদেশকে ধৰি সমগ্ৰ দক্ষিন এছিয়াক জোঁকাৰি গৈছিল।[5]

২০১৫ নেপাল ভূমিকম্প
উপকেন্দ্ৰ ২৮.১৪৭°উত্তৰ ৮৪.৭০৮°পূৱ ,(অঃ-দ্ৰাঃ) লামজং (নেপাল)
তাৰিখ ২৫ এপ্ৰিল ২০১৫
সময় দিনৰ ১১ বাজি ৪১ মিনিট ২৬ চেকেণ্ড[1](ভাৰতীয় মান সময়)
কম্পনকাল প্ৰায় এক মিনিট
প্ৰাবল্য ৭.৮ ৰিখটাৰ স্কেল[2]
ভূ-পৃষ্ঠৰ পৰা উৎপত্তি-স্থল (কেন্দ্ৰ)ৰ গভীৰতা ১৫ কিঃমিঃ[2]
উপকেন্দ্ৰ ২৮.১৪৭° উত্তৰ ৮৪.৭০৮° পূৱ , (অঃ-দ্ৰাঃ) লামজং (নেপাল)[2]
প্ৰকৃতি ভূ-চাপ জনিত
প্ৰভাবিত এলেকা নেপাল, উত্তৰ আৰু পূৰ্ৱ ভাৰত,বাংলাদেশ,পাকিস্থান,তিব্বত
মূঠ ক্ষয়-ক্ষতি --
মোক্ষমাঘাট IX মদিফাইদ মাৰ্কালি স্কেল (ভায়লেন্ট)
সৰ্ব্বোচ্চ ত্বৰণ --
ছুনামি অসাগৰীয়
ভূমিস্খলন হিমালয়ত হিমস্খলন
আগজাননী জোঁকাৰ সপ্তাহপূৰ্ব প্ৰায় ৫০ টা[3]
পুনঃ জোঁকাৰ ৫০+ টা[4]
হতাহত ৮০০০+

ভূমিকম্পৰ উপকেন্দ্ৰ ২৮.১৪৭° উত্তৰ , ৮৪.৭০৮° পূৱ ,(অঃ-দ্ৰাঃ)ত অৱস্থিত নেপালৰ লামজং জিলা বুলি ঠাঁৱৰ কৰা হৈছিল।[2]

পুনঃ জোঁকাৰ সম্পাদনা কৰক

মূল ভুইকঁপৰ পাচত ৰিখটাৰ স্কেল ৬.৬[6] আৰু ৬.৯[7] প্ৰাবল্যৰ দুটা প্ৰচণ্ড পুনঃজোঁকাৰ ক্ৰমে ২৫ এপ্ৰিল ২০১৫ তাৰিখে ভাৰতীয় মান সময়ত দিনৰ ১২ বাজি ১৫ মিনিট ২১ চেকেণ্ড আৰু ২৬ এপ্ৰিল ২০১৫ ইং তাৰিখে ভাৰতীয় মান সময়ত দিনৰ ১২ বাজি ৩৯ মিনিট ১০ চেকেণ্ডত অনুভূত হয় যি হিমস্খলন আৰু ক্ষয়-ক্ষতিৰ পৰিমান বৃদ্ধি কৰে।

প্ৰায় ১৭ দিনৰ পাচত ১২ মে' ২০১৫ তাৰিখে ভাৰতীয় মান সময়ত ১২ বাজি ৩৫ মিনিট ১৯ চেকেণ্ডত ৭.৩[8] প্ৰাবল্যৰ আৰু এক প্ৰচণ্ড ভূমিকম্পই নেপালক পুনৰ আঘাত কৰে আৰু তাৰ ঠিক আধাঘন্টাৰ ভিতৰতে অহা ৫.৪[9] আৰু ৬.৩[10] প্ৰাবল্যৰ দুটা পুনঃজোঁকাৰে হিমালয়ৰ ভূগৰ্ভত এক অস্থিৰ অৱস্থাৰ সৃষ্টি হোৱাৰ ইংগিত[11] দিয়ে।

তথ্যসূত্ৰ সম্পাদনা কৰক