১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৬ মে' (ইংৰাজী: 6 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম (অধিবৰ্ষত ১২৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪২টা দিন বাকী থাকে।

ঘটনাৱলীসম্পাদনা কৰক

  1. ১৫২৯ চনৰ আজিৰ দিনটোত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আফগানসকল মোগল সম্ৰাট বাবৰৰ হাতত পৰাজিত হয় গংগা আৰু ঘঘৰা নদীৰ সংগমস্থলত। এই ঘটনাৰ পিছতে মোগল সম্ৰাট বাবৰ সিন্ধুৰ পৰা বিহাৰ আৰু গোৱালিয়ৰ পৰ্যন্ত এক বিশাল সাম্ৰাজ্যৰ অধিপতি হয়।
  2. ১৮৪০ চনৰ আজিৰ দিনটোত বিশ্বৰ প্ৰথমটো ডাক টিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ হয় ব্ৰিটেইনত। এই ডাক টিকটটো ১৮৪০ চনৰ ১০ জানুৱাৰীত প্ৰৱৰ্তন কৰা হৈছিল। টিকটো নামকৰণ কৰা হৈছিল ‘পেনি ব্লেক’।
  3. ১৮৫৩ চনৰ আজিৰ দিনটোতে আমেৰিকান সংবাদ-পত্ৰ ‘নিউয়ৰ্ক হেৰাল্ড’ৰ প্ৰকাশ হয়।

জন্মসম্পাদনা কৰক

  1. ১৮১১ চনৰ আজিৰ দিনটোত স্কটলেণ্ডৰ প্ৰসূতিবিদ, ক্লেৰোফৰ্ম আৱিষ্কাক ‘জেম্ছ ইয়ং ছিম্পছন’ৰ জন্ম হয়।
  2. ১৮৫৬ চনৰ আজিৰ দিনটোত অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়েডৰ জন্ম হয়।
  3. ১৮৬১ চনৰ আজিৰ দিনটোত স্বাধীনতা সংগ্ৰামী, জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ জন্ম হয়।
  4. ১৯০৪ চনৰ আজিৰ দিনটোত জন্ম হয় ছুইডেনৰ কবি, ঔপন্যাসিক হেৰী মাৰ্টিনছনৰ। ১৯৭৪ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  5. ১৯০৯ চনৰ আজিৰ দিনটোত উত্তৰ মেৰুত প্ৰথম মানৱৰ প্ৰথম খোজ দিয়া আমেৰিকাৰ অভিযাত্ৰী ‘এডমিৰেল ৰবাৰ্ট এডুইন প্যাৰী’ৰ আজি জন্মদিন (১৮৫৬ চন)।
  6. ১৯৫৩ চনৰ আজিৰ দিনটোত ব্ৰিট্ৰিছ প্ৰধান মন্ত্ৰী টনী ব্লেয়াৰৰ জন্ম হয়।

মৃত্যুসম্পাদনা কৰক

  1. ১৫৮৯ চনত আজিৰ দিনটোত ভাৰতীয় গায়ক, সঙ্গীতজ্ঞ তানসেনৰ মৃত্যু হয়।
  2. ১৯৪৯ চনৰ আজিৰ দিনটোত বেলজিয়ামৰ ফৰাচী ভাষাৰ নাট্যকাৰ তথা কবি মৰি মেটাৰলংকৰ মৃত্যু হয়। ‘দা ব্লু বাৰ্ড’ (১৯০৮) তেওঁৰ প্ৰসিদ্ধ ৰচনা। ‘নীলা চৰাই’ নামেৰে এইখন অসমীয়ালৈও অনূদিত হৈছে। ১৯১১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  3. ১৯৯২ চনৰ আজিৰ দিনটোত মাৰ্লিন ডিট্ৰিস ৰ মৃত্যু হয়। তেখেত এগৰাকী জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা আছিল।

দিৱসসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক



তথ্য়সূত্ৰসম্পাদনা কৰক