মাৰ্টিন ওম

জাৰ্মানী গণিতজ্ঞ

মাৰ্টিন ওম (৬ মে', ১৭৯২, আৰ্লাংগেন – ১ এপ্ৰিল, ১৮৭২, বাৰ্লিন) এজন জাৰ্মান গণিতজ্ঞ আছিল। তেওঁ পদাৰ্থ বিজ্ঞানী গিয়ৰ্গ ছিমন ওমৰ সৰু ভায়েক।

মাৰ্টিন ওম

জন্ম ৬ মে', ১৭৯২
আৰ্লাংগেন, ব্ৰেণ্ডেনবাৰ্গ-বেইৰিয়থ,পবিত্ৰ ৰোমান সাম্ৰাজ্যৰ
(বৰ্তমানৰ জাৰ্মানী)
মৃত্যু ১ এপ্ৰিল, ১৮৭২ (৭৯ বছৰ)
জাতীয়তা জাৰ্মান
ক্ষেত্ৰ গণিত বিজ্ঞান
কৰ্মস্থান বাৰ্লিন বিশ্ববিদ্যালয়

ব্যক্তিগত জীৱন সম্পাদনা কৰক

মাৰ্টিন ওমৰ জন্ম হৈছিল পবিত্ৰ ৰোমান সাম্ৰাজ্যৰ অধীনস্থ আৰ্লাংগেনৰ(বৰ্তমানৰ জাৰ্মানী) এটা প্ৰটেষ্টাণ্ট পৰিয়ালত। তেওঁৰ পিতৃ জোহান ওল্ফগেংগ ওম আছিল এগৰাকী তলামিস্ত্ৰী। আনহাতে মাতৃ মাৰিয়া এলিজাবেথ বেক আছিল আৰ্লাংগেনৰ এগৰাকী দৰ্জীৰ জীয়েক। মাৰ্টিন ওমৰ অভিভাৱকে আনুষ্ঠানিক শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হৈছিল যদিও, ওমৰ দেউতাক জোহান ওম এগৰাকী সন্মানীয় ব্যক্তি আছিল। তেওঁ হাইস্কুল পৰ্যায়লৈকে নিজে নিজেই পঢ়া-শুনা কৰিছিল আৰু পুতেককো স্ব-আৰ্জিত শিক্ষাৰেই শিক্ষিত কৰিছিল। [1] পৰিয়ালৰ সাতোটা সন্তানৰ কেৱল তিনিটিহে কৈশোৰত ভৰি দিবলৈ সক্ষম হৈছিল। মাৰ্টিন ওম, তেওঁৰ ভ্ৰাতৃ গিয়ৰ্গ ছিমন ওম যিজন এজন পদাৰ্থবিজ্ঞানী, আৰু তেওঁলোকৰ ভগ্নী এলিজাবেথ বাৰবাৰা। মাৰ্টিন ওমৰ সাত বছৰ হওঁতেই মাতৃ ঢুকাইছিল। [2]

১৮১১ চনত তেওঁ আৰ্লাঙ্গেন নুৰেমবাৰ্গৰ ফ্ৰেডেৰিক আলেকজেণ্ডাৰ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ গাইড আছিল কাৰ্ল ক্ৰিষ্টিয়ান ভন লেংগছ্‌ডৰ্ফ[3]১৮১৭ চনত তেওঁ থৰ্নৰ জিমখানাত গণিত আৰু পদাৰ্থবিজ্ঞানৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছিল।১৮২১ চনত তেওঁ বাৰ্লিনলৈ যায় আৰু ১৮৩৯ চনত বাৰ্লিন বিশ্ববিদ্যালয়ত পূৰ্ণাঙ্গ অধ্যাপক হৈ উঠে।১৮২৪ চনৰ পৰা ১৮৩১ লৈকে স্থাপত্যবিদ্যাৰ একাডেমীত এলানি পাঠদান আগবঢ়াইছিল। লগতে তেওঁ ১৮৩৩ চনৰ পৰা ১৮৫২ চনলৈ অভিযান্ত্ৰিক আৰু সৈনিক স্কুলত,১৮২৬ চনৰ পৰা ১৮৪৯ চনলৈ আৰ্মি স্কুলত শিক্ষাদান কৰিছিল।[4]

কৰ্মজীৱন সম্পাদনা কৰক

১৮২৩ চনত,জটিল সংখ্যা a আৰু b ক্ষেত্ৰত,ab সূচকীয় ফলনৰ তত্ত্বৰ সম্পূৰ্ণ বিকাশ সাধন কৰা প্ৰথমজন ব্যক্তি আছিল ওম।[3]

ওমৰ পাঠ্যপুথি Die reine Elementar Mathematik ৰ ১৮৩৫ ৰ দ্বিতীয় প্ৰকাশত পোনপ্ৰথমবাৰৰ বাবে ইউক্লিডৰ 'extreme and mean ratio' ক golden section (goldener Schnitt) বুলি অভিহিত কৰা হৈছিল।[5][6]ওমৰ ওপৰত নিৰ্ভৰ কৰি পোৱা উৎসৰ ভিত্তিতে মনোবিজ্ঞানী এডল্ফ জেইছিঙে এই পৰিভাষাটো গ্ৰহণ কৰিছিল আৰু জনপ্ৰিয় কৰি তুলিছিল।

শিষ্যবৃন্দ সম্পাদনা কৰক

ওমৰ শিষ্যসকলৰ ভিতৰত আছিল- ফ্ৰেডেৰিক আগষ্ট (Friedrich August), ফ্ৰেডেৰিক বেচমেন (Friedrich Bachmann), ইলোৱিন ব্ৰুণ' ক্ৰিষ্টফেল, প'ল বেচমেন (Paul Bachmann), জোছেফ ব্ৰুটক'স্কি (Joseph Brutkowski), এডৱাৰ্ড হেইনী (Eduard Heine), ৰুডল্ফ লিপছিট্‌জ (Rudolf Lipschitz), লিঅ' প'চামাৰ (Leo Pochhammer), ফ্ৰেডেৰিক প্ৰিম (Friedrich Prym), উইলহেল্ম ৱাগ্‌নাৰ (Wilhelm Wagner), হাৰমেন ৱালডাষ্টেল (Hermann Waldaestel), উইলহেল্ম ৱেৰনিক (Wilhelm Wernicke), এলিনা গাৰ্জ (Elena Gerz), ভেলেণ্টাইন গাৰ্জ (Valentien Gerz), আৰু জোহানা গাৰ্জ (Johanna Gerz)।[7]

নিৰ্বাচিত প্ৰকাশিত পত্ৰসমূহ সম্পাদনা কৰক

মাৰ্টিন ওমৰ গৱেষণা পত্ৰসমূহ হৈছে-

  • Die reine Elementar Mathematik (Pure elementary mathematics). Berlin, 1825; second edition 1835.[6]
  • Kurzes Elementar-Lehrbuch der gesammten mechanischen Wissenschaften für höhere Bürger-, technische, Gewerb- und Militär-Schulen. Berlin, 1840.
  • Aufsätze aus dem Gebiete der höhern Mathematik
  • Die analytische und höhere Geometrie in ihren Elementen mit vorzüglicher Berücksichtigung der Theorie der Kegelschnitte, Berlin Riemann 1826
  • Versuch eines vollkommen consequenten Systems der Mathematik. Nürnberg, F. Korn, 1853-55.
  • Lehrbuch der Mechanik zugleich mit den dazu nöthigen Lehren der höhern Analysis und der höhern Geometrie 1 Mechanik des Atoms. Berlin Enslin 1836


তথ্য উৎস সম্পাদনা কৰক

  1. Keithley, Joseph F. (1999). The Story of Electrical and Magnetic Measurements: From 500 BC to the 1940s. John Wiley & Sons
  2. https://coolcomponents.co.uk/blogs/news/famous-scientists-and-their-inventions-georg-ohm
  3. 3.0 3.1 Cajori, Florian (1991). A History of Mathematics (5e সম্পাদনা). পৃষ্ঠা. 329–330. ISBN 0-8218-2102-4. 
  4. সাঁচ:Cite AmCyc
  5. Underwood Dudley (1999). Die Macht der Zahl: Was die Numerologie uns weismachen will. Springer. পৃষ্ঠা. 245. ISBN 3-7643-5978-1. https://books.google.com/?id=r6WpMO_hREYC&pg=PA245&dq=%22goldener+Schnitt%22+ohm. 
  6. 6.0 6.1 Gamwell, Lynn, 1943- (2016). Mathematics + art : a cultural history. প্ৰকাশক Princeton, New Jersey. ISBN 978-0-691-16528-8. OCLC 908083778. 
  7. "Martin Ohm". Mathematics Genealogy Project. http://genealogy.math.ndsu.nodak.edu/id.php?id=47064.