ৰংগনায়কী (তামিল: ரங்கநாயகி, সংস্কৃত: रङ्गनायकी), তেখেতৰ উপনাম তায়াৰ দ্বাৰাও জনাজাত।[1] (তামিল: தாயார்) এগৰাকী হিন্দু দেৱী। শ্ৰীৰংগমৰ শ্ৰীৰংগনাথস্বামী মন্দিৰৰ মুখ্য দেৱী।[2] শ্ৰীৰংগমৰ মুখিয়াল দেৱতা ৰংগনাথৰ প্ৰধান পত্নী। দেৱীক লক্ষ্মীৰ প্ৰকাশ হিচাপে গণ্য কৰা হয়, আনহাতে ৰংগনাথক বিষ্ণুৰ প্ৰকাশ হিচাপে গণ্য কৰা হয়।[3] ৰংগনায়কী নাচিয়াৰ আৰু পেৰিয়া পিৰাট্টি নামেৰেও জনাজাত।

ৰংগনায়কী

ৰংগনায়কীৰ মূৰ্তি
সম্পৰ্ক বৈষ্ণৱ ধৰ্ম
নিবাস বৈকুণ্ঠ
সঙ্গী ৰংগনাথ
আসন/বাহন হাতী
হিন্দু পাঠ্য নালয়িৰা দিব্য প্ৰবন্ধম
উৎসৱ বৈকুণ্ঠ একাদশী

ৰংগনায়কীক শ্ৰীৰংগমৰ লোকসকলৰ লগতে বিষ্ণুৰ অনুগামী বৈষ্ণৱসকলেও পূজা কৰে। শ্ৰীবৈষ্ণৱ পৰম্পৰা অনুসৰি তেওঁক স্বয়ং ৰংগনাথৰ সহ-সম বুলি গণ্য কৰা হয়।

ৰংগনাথস্বামী মন্দিৰত দুটা মুখ্যমূৰ্তি আৰু এটা শোভাযাত্ৰাত ব্যৱহাৰ কৰা মূৰ্তি (উৎসৱ মূৰ্তি) আছে। এই শোভাযাত্ৰাৰ মূৰ্তিটো তেওঁৰ মন্দিৰৰ ওচৰৰ গছৰ তলত পুতি থোৱাৰ সময়ত মন্দিৰত খালজী বংশৰ (১৩২৩ খ্ৰীষ্টাব্দত) মালিক কাফুৰে আক্ৰমণ কৰিছিল। ইয়াত এখন দেৱাল স্থাপন কৰা হয় আৰু দেৱীৰ মূৰ্তি মন্দিৰৰ পৰা স্থানান্তৰ কৰা হয় যাতে ই অপবিত্ৰ নহয়।[4] লুণ্ঠনৰ পাছত সেই মূৰ্তিটো পোৱা নগ’ল আৰু থানৰ পুৰোহিতে খৰখেদাকৈ নতুন মূৰ্তি সৃষ্টিৰ নিৰ্দেশ দিলে। এই মূৰ্তিটোৱেই আছিল এই মন্দিৰৰ দ্বিতীয় প্ৰধান মূৰ্তি। স্থানীয় কিংবদন্তি অনুসৰি দেৱীয়ে এজন ভক্তৰ সপোনত দেখা দি তেওঁৰ শোভাযাত্ৰাৰ মূৰ্তি (উৎসৱ মূৰ্তি) ক’ত আছে সেই কথা ক’লে। এই মূৰ্তিটো ভক্তই খান্দি উলিয়াই মন্দিৰত পুনৰ সংস্থাপন কৰে। আন মন্দিৰৰ দৰে ৰংগনাকীৰ শোভাযাত্ৰাৰ মূৰ্তি কেতিয়াও মন্দিৰৰ চৌপাশৰ পৰা আঁতৰাই নিয়া নাযায়। শোভাযাত্ৰাৰ সময়ত মন্দিৰৰ দেৱীয়ে মন্দিৰৰ দেৱতাৰ কাষত স্থান দিয়াটো মন্দিৰৰ প্ৰথা হিচাপে চলি আহিছে। শ্ৰীৰংগমত অৱশ্যে ৰংগনাথৰ শোভাযাত্ৰাৰ মূৰ্তিটো অনুগামীসকলে তেওঁৰ ধৰ্মীয় ক্ষেত্ৰত আনুষ্ঠানিকভাৱে কঢ়িয়াই লৈ ফুৰে। প্ৰতীকীভাৱে এইদৰে ৰংগনাথে তেওঁৰ প্ৰিয়জনক লগ কৰিবলৈ অহা বুলি ভৱা হয়।[5][6]

বছৰত এবাৰ পাংগুনি উত্তীৰাম উপলক্ষে, তামিল মাহৰ পাংগুনীৰ যিদিনা তৰা উত্তীৰাম উচ্চতম স্থানত থাকে, সেইদিনা ৰংগনাথ আৰু ৰংগনায়কীৰ ঐশ্বৰিক শোভাযাত্ৰাৰ মূৰ্তি (উৎসৱ মূৰ্তি), এদিনৰ বাবে একত্ৰিত কৰা হয়। দুয়োকে একেলগে মৰ্ত্যৰ পৰিসীমা বা সীমাবদ্ধতাৰ বাহিৰত থকা দিব্য-দম্পতীযুগল (ঈশ্বৰ দম্পতী) বুলি জনা যায়।[7] এই কাৰণে এই মন্দিৰত তিৰুকাল্যাণ-উৎসৱম (বিবাহ উৎসৱ) পতা নহয়। এই দৰ্শনক ছেৰতী-সেৱাই (যৌথ সেৱা) বোলা হয়।

পৰসৰ ভট্টৰে ৰচনা কৰা শ্ৰীগুণৰত্ন কোসম নামৰ শ্লোকটো ৰংগনাকীৰ বাবে উৎসৰ্গিত। অৱশ্যে পৰম্পৰাগত লক্ষ্মী অষ্টোত্ৰম মন্দিৰত আচাৰ-অনুষ্ঠানৰ সময়ত পাঠ কৰা হয়। বেদান্ত দেশিকাৰ দ্বাৰা ৰচিত শ্ৰী স্তুতি আৰু আদি শংকৰাচাৰ্যৰ দ্বাৰা ৰচিত কনকধৰ স্তোত্ৰম মন্দিৰৰ ভক্তসকলে তেওঁক স্তুতিকৰি জপ কৰে।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Raman, K. V. (2003) (en ভাষাত). Sri Varadarajaswami Temple, Kanchi: A Study of Its History, Art and Architecture. Abhinav Publications. পৃষ্ঠা. 8. ISBN 978-81-7017-026-6. https://books.google.com/books?id=myK8ZYEIu4YC&dq=t%C4%81y%C4%81r+tamil&pg=PA8. 
  2. Hawley, John Stratton; Wulff, Donna Marie (1998) (en ভাষাত). Devī: Goddesses of India. Motilal Banarsidass Publ.. পৃষ্ঠা. xii. ISBN 978-81-208-1491-2. https://books.google.com/books?id=CZrV3kOpMt0C&dq=ranganayaki+goddess&pg=PP16. 
  3. Kumar, P. Pratap (1997) (en ভাষাত). The Goddess Lakṣmī: The Divine Consort in South Indian Vaiṣṇava Tradition. Scholars Press. পৃষ্ঠা. 81. ISBN 978-0-7885-0199-9. https://books.google.com/books?id=ejpCrALI_hsC&dq=ranganayaki+goddess&pg=PA81. 
  4. Gembali, Neeharika (2022-03-30) (en ভাষাত). Sri Ranganatha Swamy Temple. Writers Pouch. পৃষ্ঠা. 13. ISBN 979-8-88641-724-1. https://books.google.com/books?id=O9tmEAAAQBAJ&dq=goddess+ranganayaki&pg=PT13. 
  5. Viswanatha (2016-01-15) (en ভাষাত). Theology and Tradition of Eternity: Philosophy of Adi Advaita. Partridge Publishing. পৃষ্ঠা. 68. ISBN 978-1-4828-6982-8. https://books.google.com/books?id=ujdxCwAAQBAJ&dq=ranganayaki+visit&pg=PT68. 
  6. Warrier, Shrikala (December 2014) (en ভাষাত). Kamandalu: The Seven Sacred Rivers of Hinduism. MAYUR University. পৃষ্ঠা. 204. ISBN 978-0-9535679-7-3. https://books.google.com/books?id=qNhiCAAAQBAJ&dq=ranganayaki+visit&pg=PA204. 
  7. "I need to know the significance of Pankuni uttiram and Kalyana utsavam". Sri Vaishnava Home Page. 28 March 2002. http://ramanuja.org/sv/bhakti/archives/rituals/mar2002/0021.html। আহৰণ কৰা হৈছে: 21 November 2011.