ৰংমিলিৰ হাঁহি (ইংৰাজী: Rongmilir Hanhi) ৰংবং তেৰাঙে ৰচনা কৰা এখন অসমীয়া উপন্যাস। এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক ৰংবং তেৰাংক ২০০৮ চনত অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকাশ ১৯৮১ চনত হৈছিল। তাৰপাছত ক্ৰমে দ্বিতীয় প্ৰকাশ: ১৯৯৩ চন; তৃতীয় প্ৰকাশ: ২০০৩ চন; চতুৰ্থ প্ৰকাশ: ২০০৪ চন; পঞ্চম প্ৰকাশ: ২০০৮ চন; ষষ্ঠ প্ৰকাশ: ২০০৯ চন; সপ্তম প্ৰকাশ: ২০১০ চন আৰু অষ্টম প্ৰকাশ: ডিছেম্বৰ, ২০১১ চনত কৰা হয়।[1]

ৰংমিলিৰ হাঁহি  
লেখক ৰংবং তেৰাং
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক অসম প্ৰকাশন পৰিষদ
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৯৫ (অষ্টম সংস্কৰণ, ডিছেম্বৰ ২০১১)
আই.এচ.বি.এন. নাই

লেখকৰ পৰিচয় সম্পাদনা কৰক

ৰংবং তেৰাং (জন্ম:১৩ জানুৱাৰী, ১৯৩৭) অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, নিবন্ধকাৰ আৰু শিক্ষাবিদ। তেওঁৰ জন্ম কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটৰ লাংবুদিংপিত হৈছিল। তেওঁৰ পিতৃৰ নাম ৰূপছিং তেৰাং আৰু মাতৃৰ নাম বা-ইক ৰংহাপী। ৰংবং তেৰাঙে লংকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু নগাঁও মহাবিদ্যালয়ৰ পৰা পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰি অসমীয়া বিষয়ত সন্মানসহ স্নাতক সন্মান লাভ কৰিছিল। ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ ধেমাজি অধিবেশন, ২০১০ বৰ্ষত বৈঠালাংছু বিশেষ বাৰ্ষিক অধিবেশন আৰু দেৰগাঁও অধিবেশনত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. তেৰাং ৰংবং (অষ্টম সংস্কৰণ, ডিচেম্বৰ, ২০১১). ৰংমিলিৰ হাঁহি. প্ৰকাশক: অসম প্ৰকাশন পৰিষদ, গুৱাহাটী মুদ্ৰক: ভৱানী অফছেট এণ্ড ইমেইজিং ছিষ্টেম্ছ প্ৰাঃ লিঃ.