ৰচনা কবিতা (ইংৰাজী: Essay Poetry) (ইণ্ডোনেছিয়ান: Puisi Esai)ত দুবিধ চিন্তাধাৰাৰ সংমিশ্ৰণ ঘটিছে, যথা কবিতা আৰু ৰচনা। ৰচনা কবিতাৰ নীতিটো প্ৰথমবাৰৰ বাবে ডেনি জানুয়াৰ আলীয়ে প্ৰস্তাৱ আৰু আৰম্ভ কৰিছিল আৰু ২০১২ চনত "ইন দ্য নেইম অৱ লাভ্" শীৰ্ষক এখন গ্ৰন্থৰ জৰিয়তে তেখেতে সৃষ্টিশীলভাৱে প্ৰকাশ কৰিছিল।[1]ইণ্ডোনেছিয়ান আৰু বিদেশী কবিসকলে প্ৰায় ১০০ খন এনেজাতীয় গ্ৰন্থ ৰচনাকবিতা হিচাপে প্ৰকাশ কৰিছে।[2][3] তাৰ পিছত ২০২০ চনত ৰচনা কবিতা আনুষ্ঠানিকভাৱে অফিচিয়েল ইণ্ডোনেছিয়ান অভিধানত এক নতুন শব্দত পৰিণত হয়।[4] এখন লিখিত গ্ৰন্থই চাৰিটা মাপকাঠী পূৰণ কৰিলে ৰচনা কবিতা বুলি ক’ব পাৰি। প্ৰথমতেঃ ই আভ্যন্তৰীণ, ব্যক্তিগত অভিজ্ঞতাক অন্বেষণ কৰাৰ লগতে মানুহৰ অন্তৰ্নিহিত মানসিক দিশবোৰকো বস্তুনিষ্ঠভাৱে প্ৰকাশ কৰি পাঠকৰ হৃদয় স্পৰ্শ কৰিব লাগিব। দ্বিতীয়তেঃ ই মানৱ জাতিক সামাজিক প্ৰেক্ষাপটত বা এক প্ৰামাণিক ঐতিহাসিক ঘটনাত চিত্ৰিত কৰিব লাগিব। ই কোনো এটা পৰিঘটনাৰ লগত সংলগ্ন সামাজিক বাস্তৱতাক বুজি পোৱা প্ৰাসংগিক গৱেষণাৰ অস্তিত্ব এৰাই চলিব নালাগে। পাদটীকা ব্যৱহাৰ কৰাটোও এৰাই চলা উচিত নহয়, যিহেতু ইয়াৰ ব্যৱহাৰ এই মাধ্যমৰ এটা কেন্দ্ৰীয় দিশ। তৃতীয়তেঃ সাধাৰণ জনতাই পঢ়িব পৰাকৈ সহজ ভাষাত লিখিব লাগিব, তথাপিও ইয়াক মাৰ্জিতভাৱে সজোৱা হ’ব লাগিব। চতুৰ্থতেঃ ইয়াত কোনো এটা নিৰ্দিষ্ট সামাজিক গতিশীলতাক চিত্ৰিত কৰিব লাগিব বা কোনো অপৰাধীৰ চৰিত্ৰৰ সৈতে জড়িত গতিশীলতাক বৰ্ণনা কৰিব লাগিব। ৰচনা কবিতা এটাৰ ৰচনাই ই দীঘলীয়া হৈ বহুতো চুটি অধ্যায়ত বিভক্ত হোৱাৰ সম্ভাৱনাক এৰাই চলিব নালাগে বা বাধা দিব নালাগে। [5]

২০০৬ চনত পয়েট্ৰি ফাউণ্ডেশ্যনৰ অধ্যক্ষ জন বাৰে "আমেৰিকান পয়েট্ৰি ইন দ্য নিউ চেঞ্চুৰী" শীৰ্ষক এখন গ্ৰন্থ লিখিছিল। গ্ৰন্থখনত জন বাৰে আমেৰিকাত কবিতাৰ বিকাশৰ সমালোচনা লিখিছিল।[6] ইণ্ডোনেছিয়াৰ কবিতাৰ সমসাময়িক জগতখনকো সমালোচনা কৰা হৈছে। জন বাৰে যুক্তি আগবঢ়ায় যে শতিকাজুৰি কবিতাই উল্লেখযোগ্য পৰিৱৰ্তন বুজি পোৱা নাই আৰু জনসাধাৰণৰ বাবে বুজিবলৈ ক্ৰমান্বয়ে কঠিন হৈ পৰিছে। ইয়াৰ প্ৰতি সঁহাৰি জনাই ২০১১ চনত ডেনি জানুয়াৰ আলীয়ে ইণ্ডোনেছিয়াত কবিতাৰ বিকাশৰ ওপৰত সীমিত গৱেষণা কৰিছিল। এই গৱেষণা সম্পূৰ্ণৰূপে তেওঁ প্ৰতিষ্ঠা কৰা ইণ্ডোনেছিয়ান চাৰ্ভে ইনষ্টিটিউট (লিংকাৰন ছাৰভেই ইণ্ডোনেছিয়া)য়ে কৰিছিল। এই গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰায়বোৰ ইণ্ডোনেছিয়ানে, আনকি উচ্চ শিক্ষা গ্ৰহণ কৰাসকলেও সমসাময়িক কবিতাৰ অৰ্থ বুজিবলৈ অতি জটিল অনুভৱ কৰে। আনহাতে, চৈৰিল আনোৱাৰ আৰু ডব্লিউ. ৰেন্দ্ৰাৰ কৰ্মৰাজি বিভিন্ন অৰ্থ থাকিলেও সহজে বুজিব পাৰি।[7]

প্ৰৱৰ্তক সম্পাদনা কৰক

 
লেখাৰ জৰিয়তে বৈষম্যৰ সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ইণ্ডোনেছিয়ান ৰাইটাৰ্ছ গিল্ড ছাটুপেনাৰ পৰা ডেনি জে এ-য়ে জীৱনজোৰা সাধনাৰ বঁটা লাভ কৰে।

ডেনি জানুয়াৰ আলী, ডেনি জে এ নামেৰে পৰিচিত। তেখেত (জন্ম: ৪ জানুৱাৰী ১৯৬৩ চনত দক্ষিণ সুমাত্ৰাৰ পালেমবাঙত) এজন লেখক, ৰাজনৈতিক পৰামৰ্শদাতা, বৌদ্ধিক, সাহিত্যবিদ, উদ্যোগী আৰু গৱেষক।[8] ২০২১ চনত ৰচনা কবিতা সম্প্ৰদায়ে তেওঁক সাহিত্যৰ নোবেল বঁটাৰ বাবে মনোনীত কৰে। ইণ্ডোনেছিয়াত ডেনি জে এক প্ৰমোয়েদ অনন্ত ট’ৰৰ পিছত সাহিত্যৰ ন'বেলৰ মনোনীত প্ৰাৰ্থী হিচাপে মনোনীত হোৱা দ্বিতীয়জন ব্যক্তি হিচাপে তালিকাভুক্ত কৰা হৈছে। ইণ্ডোনেছিয়াৰ শৈক্ষিক, ৰাজনৈতিক, ছ’চিয়েল মিডিয়া, সাহিত্য আৰু সাংস্কৃতিক জগতত তেওঁৰ কিছুমান অভিলেখ আছে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Kindle, Amazon. "In the Name of Love". Amazon Kindle. https://www.amazon.com/Name-Love-Essay-Poetry-ebook/dp/B09RBBQFQM/ref=sr_1_9?qid=1651638832&refinements=p_27%3ADenny+JA&s=digital-text&sr=1-9। আহৰণ কৰা হৈছে: 2022-05-04. 
  2. Hanifah, Nurul (2018-11-17). "RI-Malaysia Releases Essay Poetry Book (RI-Malaysia Rilis Buku Puisi Esai)". Harian Nasional. http://www.harnas.co/2018/11/16/ri-malaysia-rilis-buku-puisi-esai। আহৰণ কৰা হৈছে: 2022-05-04. [সংযোগবিহীন উৎস]
  3. Puisi Esai. "Essay Poetry Community Books". Essay Poetry Network. https://www.puisiesai.com/karya-komunitas-2/। আহৰণ কৰা হৈছে: 2022-05-04. 
  4. Sadewo, Joko (2020-05-03). "Essay Poetry Officially Listed in KBBI (Puisi Esai Resmi Tercantum di KBBI)". Republika. https://www.republika.co.id/berita/q9pvr2318/puisi-esai-resmi-tercantum-di-kbbi। আহৰণ কৰা হৈছে: 2022-05-04. 
  5. Damono, Sapardi Djoko and Friends (2020). Elucidating Essay Poetry. প্ৰকাশক Jakarta: Cerah Budaya Indonesia. পৃষ্ঠা. 8. ISBN 978-623-6204-12-2. https://drive.google.com/file/d/1KrU0vNsRQ4hxC_q5VM46_CZrjDtDP90C/view?fbclid=IwAR0XEHNRP1gwo1gJMevhQ9JXb9CibIXovSiYzIZFqbJuJ6dIHYkbVpJJqf4. 
  6. De Roche, Linda (2018). Twentieth-Century and Contemporary American Literature in Context. প্ৰকাশক California: ABC-CLIO. পৃষ্ঠা. 949. ISBN 978-1440853586. 
  7. JA, Denny; Bachri, Sutardji Calzoum; Damshäuser, Berthold (2018). Restoring Poetry to the Public Sphere. প্ৰকাশক Jakarta: CBI. পৃষ্ঠা. 19–20. https://drive.google.com/file/d/157jAlMynZMjjAJcKDgy9IXGeOdwx4fjI/view?fbclid=IwAR2J-Yo_ej8BzPRPYmUU6Cn5H6Wle794Zj9dp8hYtv7GPwwRzzho_JuDrZE. 
  8. Network, Puisi Esai. "DENNY JA: A MODERATE MUSLIM VOICE ESPOUSING HUMAN RIGHTS IN THE WORLD’S LARGEST MUSLIM COUNTRY". Puisi Esai Network. https://www.puisiesai.com/biography-of-denny-ja/। আহৰণ কৰা হৈছে: 2022-05-04.