ৰমেশবাবু বৈশালী

ভাৰতীয় দবা খেলুৱৈ

ৰমেশবাবু বৈশালী (ইংৰাজী: Vaishali Rameshbabu; জন্ম ২১ জুন ২০০১) এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ।[1][2] তেওঁ গ্ৰেণ্ডমাষ্টাৰ পৰ্যায় লাভ কৰা বৈশালী ভাৰতৰ তৃতীয় গৰাকী মহিলা। তেওঁ আৰু তেওঁৰ ভাতৃ ৰমেশবাবু প্ৰজ্ঞানন্দ গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰা প্ৰথম ভাতৃ-ভগ্নীৰ যুটি। ইয়াৰ উপৰিও তেওঁলোক কেণ্ডিডেট প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাতৃ-ভগ্নীৰ যুটি। ২০২৪ চনত ভাৰত চৰকাৰে দবা খেলৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।[3]

ৰমেশবাবু বৈশালী

২০২৩ চনত বৈশালী ৰমেশবাবু
সম্পূৰ্ণ নাম ৰমেশবাবু বৈশালী
দেশ ভাৰত
জন্ম ২১ জুন, ২০০১ (২৩ বছৰ)
চেন্নাই, তামিল নাডু, ভাৰত
খিতাপ গ্ৰেণ্ডমাষ্টাৰ, ২০২৪
ফিডে ৰেটিং 2498 (ছেপ্টেম্বৰ 2024)
শীৰ্ষ ৰেটিং ২৫০৬ (আগষ্ট ২০২৪)

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

২০০১ চনৰ ২১ জুন তাৰিখে তামিলনাডুৰ চেন্নাইত ৰমেশবাবু বৈশালীয়ে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ ৰমেশবাবু টিএনএছচি বেংকত শাখা প্ৰবন্ধক আৰু মাতৃ নাগলক্ষ্মী এগৰাকী গৃহিণী। তেওঁৰ কনিষ্ঠ ভাতৃ ৰমেশবাবু প্ৰজ্ঞানন্দয়ো এগৰাকী দবাৰ গ্ৰেণ্ডমাষ্টাৰ।

খেলুৱৈ জীৱন

সম্পাদনা কৰক

বৈশালীয়ে ২০১২ চনত ১২ বছৰ অনুৰ্ধ আৰু ২০১৫ চনত ১৪ বছৰ অনুৰ্ধৰ ছোৱালীৰ বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপ বিজয়ী হৈছিল।[4] ১২ বছৰ বয়সত ২০১৩ চনৰ বিশ্ব দবা চেম্পিয়নশ্বিপৰ বাবে কাৰ্লচেনে চেন্নাইত থকাৰ সময়ত অনুষ্ঠিত কৰা এক যুগপৎ প্ৰতিযোগিতাত ভৱিষ্যতৰ বিশ্ব দবা চেম্পিয়ন মেগনাছ কাৰ্লচেনক পৰাস্ত কৰে।[5][6]

২০১৬ চনত মহিলা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (ডব্লিউ আই এম) খিতাপ লাভ কৰে আৰু ২০১৬ চনৰ অক্টোবৰ মাহত ভাৰতত দ্বিতীয় স্থান আৰু বিশ্বৰ ১২ নং মহিলা ১৬ বছৰ অনুৰ্ধৰ খেলুৱৈ হিচাপে পৰিগণিত হয়। সেই সময়ত তাইৰ ইএলঅ' ৰেটিং ২৩০০ আছিল।

২০১৮ চনৰ ১২ আগষ্টত লাটভিয়াৰ ৰিগাত অনুষ্ঠিত হোৱা ৰিগা টেকনিকেল ইউনিভাৰ্চিটিৰ মুকলি দবা প্ৰতিযোগিতাত তেওঁ চূড়ান্ত চৰ্ত পূৰণ কৰি মহিলা গ্ৰেণ্ডমাষ্টাৰৰ পৰ্যায় লাভ কৰে।[7]

বৈশালীয়ে ২০২০ চনৰ অনলাইন অলিম্পিয়াডত স্বৰ্ণ পদক বিজয়ী দলৰ[8] অংশ আছিল। এয়া এই প্ৰতিযোগিতাত ভাৰতে প্ৰথমবাৰৰ বাবে পদক লাভ কৰিছিল।[9]

২০২১ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (আই এম) খিতাপ লাভ কৰে। ২০২২ চনত বৈশালীয়ে ৭.০/৯ স্কৰ লাভ কৰি ৮ম ফিচাৰ মেম'ৰিয়েল খিতাপ লাভ কৰে আৰু দ্বিতীয় গ্ৰেণ্ডমাষ্টাৰ চৰ্ত পূৰণ কৰে।[10][11][12][13]

বৈশালীক ২০২২ চনৰ ফিডে মহিলা স্পীড দবা চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়।[14] এই প্ৰতিযোগিতাত তেওঁ মহিলা বিশ্ব ব্লিটজ দবা চেম্পিয়ন বিবিছাৰা আছাউবায়েভাক ১৬ জনীয়া ৰাউণ্ডত[15] আৰু কোৱাৰ্টাৰ ফাইনেলত হৰিকা দ্ৰোনাভালিক পৰাস্ত কৰে।[16][17]

বৈশালীয়ে ২০২২ চনৰ জুলাই-আগষ্ট মাহত চেন্নাইৰ মামল্লাপুৰমত অনুষ্ঠিত হোৱা ৪৪ সংখ্যক দবা অলিম্পিয়াডত মহিলা শাখাত ৩ নং ব’ৰ্ডত খেলিছিল। এই প্ৰতিযোগিতাত ভাৰতৰ মহিলা দলে দলীয় ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু বৈশালীয়ে ৩ নং ব’ৰ্ডৰ বাবে ব্যক্তিগত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

২০২৩ চনত বৈশালীয়ে টাটা ষ্টীল চেলেঞ্জাৰছ ৪.৫/১৪ স্ক’ৰ কৰিছিল আৰু ২৬০০ ৰেটিং পোৱা দুগৰাকী গ্ৰেণ্ডমাষ্টাৰ লুইছ পাউলো ছুপি আৰু জেৰগুছ পেচাচক পৰাস্ত কৰিছিল। তেওঁ সামগ্ৰিকভাৱে ৰেংকিঙত দ্বাদশ স্থান দখল কৰে।[18]

২০২৩ চনৰ কাটাৰ মাষ্টাৰছ অ'পেনত বৈশালীয়ে ৫/৯ স্কৰ আৰু ২৬০৯ প্ৰদৰ্শন ৰেটিং লাভ কৰি চূড়ান্ত গ্ৰেণ্ডমাষ্টাৰ চৰ্ত লাভ কৰে।[19] দিব্যা দেশমুখতকৈ উন্নত টাইব্ৰেক (পাৰফৰমেন্স ৰেটিং)ৰে অন্ত পেলোৱাৰ পিছত তেওঁ প্ৰতিযোগিতাখনৰ শীৰ্ষ মহিলাৰ বঁটাও লাভ কৰে।[20][21]

আইল অৱ মেনত অনুষ্ঠিত হোৱা ফিডে মহিলা গ্ৰেণ্ড চুইছ ২০২৩ত বৈশালীয়ে এখনো খেলত পৰাস্ত নোহোৱাকৈ আৰু ৮.৫/১১ স্ক'ৰ কৰি জয়লাভ কৰে। ইয়াৰ ফলত ২০২৪ চনত কানাডাৰ টৰণ্টোত অনুষ্ঠিত হ'বলগীয়া মহিলা কেণ্ডিডেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰে।[22][21] তেওঁ আৰু তেওঁৰ সৰু ভাতৃ প্ৰজ্ঞানন্দ নিজ নিজ প্ৰাৰ্থীৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভগ্নী-ভাইৰ যুটি হিচাপে পৰিগণিত হয়।

ডিচেম্বৰ মাহত স্পেইনত অনুষ্ঠিত হোৱা আই ভি এল ল'ব্ৰেগাট ওপেন টুৰ্ণামেণ্ট ২০২৩ত বৈশালীয়ে ২৫০০ ইলো ৰেটিং থ্ৰেছহ'ল্ড অতিক্ৰম কৰিছিল, যাৰ ফলত গ্ৰেণ্ডমাষ্টাৰ খিতাপ লাভৰ বাবে সকলো প্ৰয়োজনীয়তা পূৰণ কৰিছিল আৰু ভাৰতৰ তৃতীয়গৰাকী মহিলা আৰু ভাৰতৰ ৮৪ সংখ্যক ব্যক্তি হিচাপে পৰিগণিত হৈছিল।[2][23]

২০২৪ চনত হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত দবা অলিম্পিয়াডৰ স্বৰ্ণ পদক বিজয়ী মহিলা দলৰ তেওঁ অংশ আছিল।

বঁটা আৰু সন্মান

সম্পাদনা কৰক
  1. "Vaishali, Rameshbabu". ratings.fide.com. https://ratings.fide.com/profile/5091756। আহৰণ কৰা হৈছে: 2024-04-09. 
  2. 2.0 2.1 "FIDE Title Application (GM)". https://ratings.fide.com/crt/main228003.pdf. 
  3. "Vaishali and Praggnanandhaa make history as the first-ever brother-sister duo to become Grandmasters" (en ভাষাত). The Indian Express. 2023-12-02. https://indianexpress.com/article/sports/chess/vaishali-and-praggnanandhaa-make-history-as-the-first-ever-brother-sister-duo-to-become-grandmasters-9051083/। আহৰণ কৰা হৈছে: 2023-12-04. 
  4. "Rameshbabu Praggnanandhaaa celebrity xyz page". https://celebrityxyz.com/chess-player/praggnanandhaa-r। আহৰণ কৰা হৈছে: 29 December 2019. 
  5. (en ভাষাত) The girl who defeated Magnus at the age of 12 | Vaishali Rameshbabu, 8 September 2022, https://www.youtube.com/watch?v=tM7Us4hX1tU, আহৰণ কৰা হৈছে: 2023-10-16 
  6. "Carlsen happy with arrangements for World Championship match". The Times of India. 2013-08-19. ISSN 0971-8257. https://timesofindia.indiatimes.com/sports/chess/carlsen-happy-with-arrangements-for-world-championship-match/articleshow/21918747.cms. 
  7. "R. Vaishali becomes Grand Master". 13 August 2018. https://sportstar.thehindu.com/chess/r-vaishali-woman-grandmaster-praggnanandhaa/article24676965.ece। আহৰণ কৰা হৈছে: 29 December 2019. 
  8. "The entire Gold medal winning Indian team from Online Olympiad 2020 interviewed by ChessBase India - ChessBase India". www.chessbase.in. 2020-09-18. https://www.chessbase.in/news/12-interviews-from-the-Online-Olympiad-2020। আহৰণ কৰা হৈছে: 2022-06-04. 
  9. "The Triumph of the twelve brave Olympians - ChessBase India". www.chessbase.in. 2020-08-30. https://www.chessbase.in/news/India-wins-the-FIDE-Online-Chess-Olympiad-2020-alongside-Russia-। আহৰণ কৰা হৈছে: 2022-06-04. 
  10. "Asian champ Vaishali sets her sight at Grand Master title". Business Standard India. Press Trust of India. 2017-05-24. https://www.business-standard.com/article/pti-stories/asian-champ-vaishali-sets-her-sight-at-grand-master-title-117052401304_1.html. 
  11. Rao, Rakesh (4 May 2022). "Fischer Memorial: Vaishali makes second GM norm, wins title" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/chess/vaishali-makes-second-gm-norm-wins-title-fischer/article38484766.ece। আহৰণ কৰা হৈছে: 2022-05-06. 
  12. News9 Staff (2022-05-04). "Indian woman grandmaster R Vaishali secures 2nd GM norm by winning Greek chess event" (en ভাষাত). NEWS9LIVE. Archived from the original on 2022-05-06. https://web.archive.org/web/20220506132409/https://www.news9live.com/sports/indian-woman-grandmaster-r-vaishali-secures-2nd-gm-norm-by-winning-greek-chess-event-168151। আহৰণ কৰা হৈছে: 2022-05-06. 
  13. "Vaishali triumphs at 8th Fischer Memorial 2022, scores her second GM-norm - ChessBase India". www.chessbase.in. 2022-05-04. https://www.chessbase.in/news/Vaishali-triumphs-at-8th-Fischer-Memorial-2022-scores-her-second-GM-norm। আহৰণ কৰা হৈছে: 2022-05-06. 
  14. (en ভাষাত) Vaishali Rameshbabu Wins Women's Speed Chess Championship Qualifier #2, 30 May 2021, https://www.youtube.com/watch?v=_Q15HISSBZ8, আহৰণ কৰা হৈছে: 2023-09-27 
  15. "FIDE WSCC 2022 Round of 16: Vaishali eliminates World Blitz Women champion Bibisara Assaubayeva - ChessBase India". www.chessbase.in. 2022-06-14. https://www.chessbase.in/news/FIDE-WSCC-2022-Round-of-16-Vaishali-eliminates-Bibisara-Assaubayeva। আহৰণ কৰা হৈছে: 2022-07-25. 
  16. "Vaishali R eliminates Dronavalli to reach semifinals" (en ভাষাত). www.fide.com. https://www.fide.com/news/1874। আহৰণ কৰা হৈছে: 2022-07-25. 
  17. West (NM_Vanessa), Vanessa (21 July 2022). "Rising Star Knocks Out Experienced Compatriot" (en-US ভাষাত). Chess.com. https://www.chess.com/news/view/2022-wscc-quarterfinals-dronavalli-vaishali। আহৰণ কৰা হৈছে: 2022-07-25. 
  18. "Challengers standings" (en-US ভাষাত). Tata Steel Chess Tournament 2023. https://tatasteelchess.com/standings-challengers/। আহৰণ কৰা হৈছে: 2023-03-23. 
  19. "Nodirbek Yakubboev wins Qatar Masters in blitz tiebreaks" (en ভাষাত). Chess News. 2023-10-20. https://en.chessbase.com/post/qatar-masters-2023-r9। আহৰণ কৰা হৈছে: 2023-10-21. 
  20. "Vaishali Wins Women's Grand Swiss, Vidit Also Gets Close To Title Triumph" (en ভাষাত). News18. 2023-11-06. https://www.news18.com/sports/vaishali-wins-womens-grand-swiss-vidit-also-gets-close-to-title-triumph-8649995.html। আহৰণ কৰা হৈছে: 2023-11-05. 
  21. 21.0 21.1 Sportstar, Team (2023-11-05). "Vaishali draws last round to win FIDE Women Grand Prix 2023" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/chess/r-vaishali-wins-fide-women-grand-prix-2023-draws-last-round/article67502223.ece। আহৰণ কৰা হৈছে: 2023-11-05. 
  22. "Vaishali Wins Women's Grand Swiss, Vidit Also Gets Close To Title Triumph" (en ভাষাত). News18. 2023-11-06. https://www.news18.com/sports/vaishali-wins-womens-grand-swiss-vidit-also-gets-close-to-title-triumph-8649995.html। আহৰণ কৰা হৈছে: 2023-11-05. 
  23. "R Vaishali becomes grandmaster, joins R Praggnanandhaa to become world's first brother-sister GM duo" (en ভাষাত). India Today. 2 December 2023. https://www.indiatoday.in/sports/other-sports/story/r-vaishali-becomes-grandmaster-joins-r-praggnanandhaa-to-become-worlds-first-brother-sister-gm-duo-2470352-2023-12-02। আহৰণ কৰা হৈছে: 2023-12-02. 
  24. "Sports Ministry confirms Arjuna award for Mohammed Shami; Khel Ratna to Satwik and Chirag - Check full list of winners" (en ভাষাত). Hindustan Times. 2023-12-20. https://www.hindustantimes.com/sports/others/arjuna-award-for-mohammed-shami-khel-ratna-to-satwik-rankireddy-chirag-shetty-full-list-sports-ministry-confirms-101703083931102.html। আহৰণ কৰা হৈছে: 2024-01-09. 
  25. "Ministry of Youth Affairs and Sports" (en ভাষাত). pib.gov.in. http://pib.gov.in/PressNoteDetails.aspx?NoteId=151772। আহৰণ কৰা হৈছে: 2024-01-09.