ৰসেশ্বৰ শইকীয়া বৰবায়ন

ৰসেশ্বৰ শইকীয়া বৰবায়ন একাধাৰে বৰবায়ন, নৃত্যবিদ, সত্ৰীয়া সংস্কৃতিৰ সাধক। তেওঁ কমলাবাৰী সত্ৰৰ বৰবায়ন আছিল। সঙ্গীত-নাটক অকাডেমি বঁটা লাভ কৰা ৰসেশ্বৰ শইকীয়া বৰবায়নে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত অগ্ৰনী ভূমিকা পালন কৰি থৈ গৈছে।[1]

ৰসেশ্বৰ শইকীয়া বৰবায়ন
জন্ম ১৯২৮ চন
অসম
পেচা সত্ৰীয়া সংস্কৃতিৰ সাধক, নৃত্যবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু পৰিচয় সম্পাদনা কৰক

১৯২৮ চনৰ ৮ জুলাই তাৰিখে শিৱসাগৰৰ টীয়ক মৌজাৰ টিঙৰ গাঁৱত জন্ম। পিতৃৰ নাম কনকেশ্বৰ শইকীয়া আৰু মাৰ নাম আইকণ শইকীয়া।[1]

শিক্ষা সম্পাদনা কৰক

  • তেখেতে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা লাভ কৰে।

সামাজিক জীৱন সম্পাদনা কৰক

  • ১৯৩৪ চনত কমলাবাৰী সত্ৰত ভকতৰ জীৱন আৰম্ভ।
  • ১৯৫০ চনত কমলাবাৰী সত্ৰ প্ৰদত্ত বৰবায়ন’ উপাধি লাভ।
  • ১৯৬০ চনত মাজুলীৰ বনগাঁও ৰঙ্গমঞ্চত পোন প্ৰথমবাৰৰ বাবে ৰাসৰ প্ৰশিক্ষণ দিয়াৰ লগতে মহিলা শিল্পীসহ ৰাস মঞ্চস্থ।
  • ১৯৬৩ চনত সত্ৰৰ ভকতৰ জীৱন ত্যাগ কৰি বহিঃজগতত সত্ৰীয়াৰ শিক্ষাদান আৰম্ভ আৰু তিনিচুকীয়াত শঙ্কৰী সঙ্গীত বিদ্যালয় স্থাপন আৰু প্ৰশিক্ষণ প্ৰদান কৰে।
  • ১৯৬৬ চনত মাই শইকীয়াৰ সৈতে বিবাহ।
  • ১৯৬৭ চনত গুৱাহাটীলৈ আহি স্থানীয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সত্ৰীয়া নৃত্য, গীতবাদ্যৰ প্ৰশিক্ষণ প্ৰদান আৰম্ভ। গুৱাহাটীৰ অসম অকাডেমি ভৱনত বায়নৰ স্কুল স্থাপন।
  • ১৯৭১ চনত নিয়মীয়াকৈ বাতৰি কাকত-আলোচনীত সত্ৰীয়া নৃত্যবিষয়ক প্ৰবন্ধ প্ৰকাশ।
  • ১৯৭৫ চনত ভাৰতৰ প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ সৈতে ইন্দোনেচিয়ালৈ যোৱা সত্ৰীয়া নৃত্য আৰু ভাওনাৰ দলটোৰ পৰিচালকৰূপে ইন্দোনেচিয়া যাত্ৰা।[1]
  • অঙ্কীয়া ভাওনাৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰপৰা তিনিবাৰকৈ আৰ্থিক অনুদান লাভ।

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • সত্ৰীয়া নৃত্যৰ বাবে ১৯৮০ চনত ৰাষ্ট্ৰীয় সঙ্গীত-নাটক অকাডেমি বঁটা লাভ।
  • ১৯৮১ চনত বেনাৰসত অনুষ্ঠিত বিশ্ব সংস্কৃতি সন্মিলনত অংকীয়া ভাওনা, গায়ন-বায়ন প্ৰদৰ্শন। একেটা বছৰতে অসম সাহিত্য সভাৰ তিনিচুকীয়া অধিবেশনৰ সাংস্কৃতিক সন্মিলনৰ উদ্বোধক আৰু সদৌ অসম সঙ্গীত শিল্পীৰ নাজিৰা অধিবেশনত কাৰ্যকৰী সভাপতি নিৰ্বাচিত।
  • ১৯৮৩ চনত কোকৰাঝাৰত অনুষ্ঠিত সদৌ অসম সঙ্গীত শিল্পী সমাৰোহৰ সভাপতি নিৰ্বাচিত। সেই বছৰতে অসম চৰকাৰদ্বাৰা শিল্পী পেন্সন লাভ।
  • ১৯৯১ চনত সত্ৰ মহাসভাৰ আজীৱন সদস্য আৰু সাংস্কৃতিক উপদেষ্টা আৰু ডিগবৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত পোন প্ৰথমবাৰৰ বাবে সত্ৰীয়া নৃত্য প্ৰদৰ্শন।
  • ১৯৯৮ চনত জিতেন্দ্ৰনাথ সঙ্গীত মহাবিদ্যালয়ৰদ্বাৰা প্ৰদত্ত সঙ্গীতাচাৰ্য উপাধি লাভ আৰু আকাশবাণীযোগে প্ৰচাৰিত যুগল দাসদ্বাৰা ৰচিত 'বায়নৰ খোল’নাটৰ মূল চৰিত্ৰ ৰূপায়ণ।[1]

মৃত্যু সম্পাদনা কৰক

২০০০ চনৰ ১৫ অক্টোবৰত গুৱাহাটীত মৃত্যু হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 শোণিত বিজয় দাস, মুনন বায়ন (২০০৬). কথা বৰেণ্য. প্ৰকাশক গুৱাহাটী: কথা প্ৰকাশন. পৃষ্ঠা. ৩৩৬.