ৰহাৰ ৰহদৈ

কিংবদন্তিমূলক চৰিত্ৰ

ৰহাৰ ৰহদৈ (ইংৰাজী: Rohar Rohdoi) নামে পৰিচিত ৰহদৈ নামৰ নাৰীগৰাকী নগাঁও জিলাৰ ৰহাৰ বাসিন্দা আছিল বাবে তেওঁক “ৰহাৰ ৰহদৈ’’ নামে জনা যায়৷ এওঁ আহোম ৰজা গদাধৰ সিংহৰ সময়ৰ আছিল৷ ল’ৰাৰজাৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ আহোম ৰাজকোঁৱৰ গদাপাণি নানা ঠাইত আত্মগোপন কৰি থাকিবলগীয়া হৈছিল৷ ইয়াৰ বাবেই নগা পৰ্ব্বতত কিছুদিন থাকি কামৰূপৰ ফালে গৈছিল। গুৱাহাটীৰ বন্দৰ বৰফুকন ভিনিহিদেৱেকৰ ঘৰতে কিছুদিন থাকি, তেওঁ ৰহালৈ পলাই যায়। ইয়াত ৰহদৈ নামেৰে পোহাৰী এজনীৰ ঘৰত দিনদিয়েক থাকে৷[1] ৰহদৈৰ ঘৰত কিছুদিন থাকি গদাপাণি টিপামলৈ যায় আৰু তাত ভাদৈ নামৰ মানুহ এজনীৰ ঘৰত কিছুদিন লুকাই থাকি শলগুৰিৰ আঘোণী নামৰ আন এজনী মানুহৰ ঘৰতো আশ্ৰয় লৈ আছিল৷ এই তিনিওৰে নামত তেতিয়াৰে পৰা এটা ফকৰা যোজনা প্ৰচলিত হৈ আছে; “ৰহাৰ ৰহদৈ টিপামৰ ভাদৈ শলগুৰিৰ আঘোণী বাই৷ তিনিৰো ডিঙিত ধৰি তিনিও কান্দিলে সমন্ধত একোটি নাই’’৷[2]

গদাপাণি পলাই আহি ৰহাৰ ৰহদৈ নামৰ সৰবৰহী মানুহগৰাকীৰ ওচৰত নিশ্চিন্তমনে কিছুদিন আছিল৷ ৰহদৈ কেৱল ৰহাৰেই নহয়, ৰহাৰ দাঁতিকাষৰীয়া ঠাইবোৰতো তেওঁৰ গুণৰ বাবে জনাজাত আছিল৷ মানুহৰ মাজত প্ৰচলিত যে, তেওঁ নিৰক্ষৰ আছিল যদিও মুখে মুখে ৰুক্মিণী হৰণ, স্যামন্ত হৰণ আদি গাব পাৰিছিল৷ বিয়ানাম, কীৰ্তন আদিতো তেওঁ পাকৈত আছিল বুলি এতিয়াও জনসমাজে স্বীকাৰ কৰে৷[3]

গদাপাণিয়ে পিছত গদাধৰ সিংহ নাম লৈ ৰাজপাটত উঠে৷ ৰজা হৈ তেওঁ আত্মগোপন কৰি থকা কালত সহায় কৰা লোকসকলৰ প্ৰতি কৃতজ্ঞতাবশতঃ নানা পুৰস্কাৰ সন্মান আদি দিবলৈ ধৰে৷ সেইবাবে ৰহদৈ, ভাদৈ আৰু আঘোণী বাইক একেলগে ৰাজসভালৈ মাতি লৈ যায়৷ তিনিও অজনিতে ৰাজ-অপৰাধ কৰাৰ ভয়তে আৰু শাস্তি পাব বুলি ডিঙিত ধৰাধৰিকৈ কান্দিবলৈ ধৰে৷ কিন্তু গদাধৰ সিংহই তিনিওকে পূৰ্বৰ উপকাৰৰ কথা সুঁৱৰি সন্মান যাচে আৰু বৰপোহাৰীৰ বিষয় দি বিদায় দিয়ে৷[4] ৰহদৈৰ সন্মানাৰ্থে গদাধৰ সিংহই ৰহাৰ ৰহণ পথাৰত এটা বৃহৎ পুখুৰী খন্দাই পাৰত এটা দ’ল নিৰ্মাণ কৰায়৷ এই পুখুৰী আৰু দ’ল ৰহদৈ পুখুৰী আৰু ৰহদৈ দ’ল নাম দিয়ে৷ ৰহদৈ পুখুৰী পাৰত দ’লৰ ভগ্নাৱশেষ এতিয়াও আছে৷ পাৰে সৈতে পুৰা ১৮ পুৰা, ২ বিঘা, ৩ কঠা, ১৮ লেচা মাটিৰ পুখুৰীটোৰ মুঠ মাটিকালি৷[5]

আন কিছুমানৰ মতে, ৰহদৈ, ভাদৈ আৰু আঘোণী বাই তিনিও বাইভনী৷ তেওলোকে গদাপাণিক চোৰাংচোৱাৰ হাতৰ পৰা বচাবলৈ গদাপাণিক চাঙীত শুৱাই বগা কাপোৰেৰে ঢাকি মৰাশ বুলি সমন্ধত একো নোহোৱা মানুহজনৰ বাবে তিনিও ডিঙিত ধৰাধৰিকৈ কান্দিছিল আৰু চোৰাংচোৱাই মৰাশ বুলি গদাপাণিক এৰি আঁতৰি গৈছিল৷ ৰহদৈৰ স্মৃতিত সাত কিল’মিটাৰ দৈৰ্ঘ্যৰ ৰহদৈ আলি নিৰ্মাণ কৰা হয়৷[6]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. "তিৰুতাৰ আত্মদান". https://as.wikisource.org/wiki/%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A7%81%E0%A6%A4%E0%A6%BE%E0%A7%B0_%E0%A6%86%E0%A6%A4%E0%A7%8D%E0%A6%AE%E0%A6%A6%E0%A6%BE%E0%A6%A8_%E0%A6%95%E0%A6%BE%E0%A6%AC%E0%A7%8D%E0%A6%AF/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%AC%E0%A6%A8%E0%A6%BE। আহৰণ কৰা হৈছে: 20 March 2023. 
  2. "ৱিকি উদ্ধৃতি". https://as.wikiquote.org/wiki/%E0%A6%AB%E0%A6%95%E0%A7%B0%E0%A6%BE_%E0%A6%AF%E0%A7%8B%E0%A6%9C%E0%A6%A8%E0%A6%BE। আহৰণ কৰা হৈছে: 20 March 2023. 
  3. বৰদলৈ, লক্ষীধৰ (২০১৯). সূৰ্যৱতী. অসম সাহিত্য সভাৰ ৰহা অধিৱেশনৰ স্মৃতিগ্ৰন্থ. পৃষ্ঠা. ৪৫৪. 
  4. বৰবৰুৱা, হিতেশ্বৰ (২০১৮). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ২৪৩. ISBN 978-93-84733-87-2. 
  5. "শিৱসাগৰ জিলাৰ দ’ল, দেৱালয় আৰু পুখুৰীৰ ইতিহাস". https://www.puhorbisarijau.in/2020/09/historical-place-of-sivasagar.html?m=1। আহৰণ কৰা হৈছে: 20 March 2023. 
  6. "ঐতিহাসিক ৰহদৈ আলি আৰু ৰহদৈ পুখুৰী". https://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9909a49bf9b99be9b89bf995-9f09b99a69c8-9869b29bf-9869f09c1-9f09b99a। আহৰণ কৰা হৈছে: 20 March 2023.