ৰাউতা বড়ো বা ৰাউতাৰাম বড়ো বা ৰাউতা কোচ ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিয়াল্লিছৰ শ্বহীদ৷ তেওঁৰ পিতৃৰ নাম আছিল, কেহোঁৰাম আৰু মাতৃ হাবেবালা৷ ৰাউতাৰামৰ জন্ম ১৯১৪ চনৰ ১২ এপ্ৰিলত৷[1][2] তেওঁ এগৰাকী খেতিয়ক আছিল৷ পাঠশালাৰ বজালী অঞ্চলৰ সাদেৰীৰ কৃষক আছিল ৰাউতা বড়ো৷[3] ১৯৪২ চনৰ ২৫ ছেপ্তেম্বৰত পাটাছাৰকুছি আৰক্ষী থানাৰ তদানীন্তন দাৰোগা তুলামাৰ কেওঁট আৰু চিপাহী চালামৎ আলীৰ গুলীত বজালীৰ ৰিহাবাৰীত দেশৰ হ’কে আত্মাহুতি দি ছহিদ হৈছিল মদন বৰ্মণ আৰু ৰাউতা ৰাম কোচ৷[4] মদন বৰ্মন ছাত্ৰ আৰু ৰাউতা বড়ো খেতিয়ক আছিল৷ সেই সময়ত অসমত ছাদুল্লা মন্ত্ৰীসভা আছিল৷ চতুৰ্থবাৰৰ বাবে ছাদুল্লাই মন্ত্ৰীসভা গঠন কৰাৰ দিনাই বজালী অঞ্চলৰ বিভিন্ন ঠাইত স্বাধীনতাকামী জনতাৰ ওপৰত পুলিচৰ গুলীবৰ্ষণ হৈছিল৷ ১৯৪২ চনৰ উক্ত গুলীচালনাত মদন বৰ্মনৰ লগতে ৰাউতা বড়োৰ মৃত্যু হৈছিল৷[5] ২৫ ছেপ্তেম্বৰত নগাঁৱৰ বঢ়মপুৰত হোৱা পুলিচৰ গুলীচালনাৰ প্ৰতিবাদত পাটাছাৰকুছিত সভা হৈছিল৷[1] স্থান আছিল নিত্যানন্দ, জালাহ, চৌখুটি আৰু বামুণকুছি, চাৰিখন সভা হৈছিল৷ সেই সভাবোৰ চলি থকাকালতে জালাহৰ সভাত তুলাৰাম কেওঁটৰ নিৰ্দেশত সভা ছত্ৰভংগ দিয়াবলৈ গুলীচালনা কৰা হয়৷ সভাপতি গিৰিশ চন্দ্ৰ চৌধুৰী, বক্তাদ্বয় ক্ৰমে ৰজনীকান্ত শৰ্মা আৰু ভদ্ৰেশ্বৰ দাসক গ্ৰেপ্তাৰ কৰি লৈ যায়৷ এই খবৰ পোৱাৰ লগে লগে বাকী সভাবোৰত সমবেত হোৱা ৰাইজ সদলবলে জালাহৰ ফালে আগবাঢ়ি “তুলাৰামৰ তেজ পিম’’, “তুলাৰামৰ মাথা লাগে’’ আদি ধ্বনি দি যাবলৈ ধৰে৷ উত্তেজিত জনতা ৰিহাবাৰী নামে ঠাইত তুলাৰামৰ মুখামুখী হয় আৰু ৰাইজে বন্দীক মুকলি কৰি দিবলৈ দাবী জনায়৷ তুলাৰাম এই কথাত সৈমান নোহোৱাত তৰ্কাতৰ্কি হয় আৰু উত্তেজিত জনতাক কাবু কৰিবলৈ গুলী চলায়৷[6]১৯৪২ চনৰ ২৫ ছেপ্তেম্বৰত তেওঁৰ মৃত্যু হয় আৰু মৃত্যুৰ সময়ত বিবাহিত ৰাউতা বড়োৰ এটি তিনিমহীয়া সন্তান আছিল৷[1]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 বৰ্মন, শিৱনাথ (২০১৮). জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ২১৪. ISBN 978-81-7339-428-7. 
  2. ডেকা, কনকচন্দ্ৰ (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা জন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃষ্ঠা. ২০৬. 
  3. "ভাৰত ত্যাগ আন্দোলনৰ বজালীৰ শ্বহীদ". https://niyomiyabarta.com/regional/quit-india-movement/। আহৰণ কৰা হৈছে: 22 August 2023. 
  4. "বাগসাৰ জালাহত ৪২ৰ শ্বহীদ মদন-ৰাউতাৰ....". https://dainikagradoot.in/blog/2022/09/25/%e0%a6%ac%e0%a6%be%e0%a6%97%e0%a7%8d%e0%a6%b8%e0%a6%be%e0%a7%b0-%e0%a6%9c%e0%a6%be%e0%a6%b2%e0%a6%be%e0%a6%b9%e0%a6%a4-%e0%a7%aa%e0%a7%a8%e0%a7%b0-%e0%a6%9b%e0%a6%b9%e0%a6%bf%e0%a6%a6/। আহৰণ কৰা হৈছে: 22 August 2023. 
  5. কলিতা, ড° ৰমেশ চন্দ্ৰ (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১০১. 
  6. "১৫ আগষ্ট: সেই আমৰ গুটিটু চুহিয়ে আছো". https://mahabahu.com/%e0%a7%a7%e0%a7%ab-%e0%a6%86%e0%a6%97%e0%a6%b7%e0%a7%8d%e0%a6%9f%e0%a6%83-%e0%a6%b8%e0%a7%87%e0%a6%87-%e0%a6%86%e0%a6%ae%e0%a7%b0-%e0%a6%97%e0%a7%81%e0%a6%9f%e0%a6%bf%e0%a6%9f%e0%a7%81-%e0%a6%9a/। আহৰণ কৰা হৈছে: 22 August 2023.