ৰাখাল পূজা অসমগোৱালপাৰা অঞ্চলত প্ৰচলিত এক অনুষ্ঠান। উজনি অসমগৰখীয়া সবাহ আৰু নামনি অসমগোপাল সেৱা একে কামনাৰে অনুষ্ঠিত হোৱা অনুষ্ঠান। গৰুৰ বেমাৰ হ’লে গোৱালপাৰা অঞ্চলত পথাৰত বা গোহালিত মাহ-প্ৰসাদ আৰু বিশেষকৈ কলৰ নৈবেদ্য ৰাখাল বা গৰখীয়া সকললৈ আগবঢ়োৱা হয়। গৰখীয়াই আশীৰ্বাদ দি সেই প্ৰসাদ গ্ৰহন কৰিলে গৰুৰ অসুখ ভাল হয় বুলি বিশ্বাস কৰা হয়। নামনি অসমত হ’লে গোহালিআৰৈ চাউল, কল, গাখীৰ আৰু চেনিগোপাল ভোগ গৰখীয়ালৈ আগবঢ়ায়। গৰখীয়াই আশীৰ্বাদ দিয়ে। উজনি অসমত গৰু, ম’হ, ছাগলী হেৰালে বা অসুখ বিসুখ হ’লে গৰখীয়া ল’ৰাক চোতালত কল আৰু মাহ-প্ৰসাদৰ নৈবেদ্য দিয়ে, জলপান খোৱায় আৰু কোনো কোনোৱে ভোজো খুৱায়। গৰখীয়াই নাম গাই আশীৰ্বাদ দি গ্ৰহন কৰে।[1]

ৰাখাল পূজা


প্ৰসংগ পুথি সম্পাদনা কৰক

  1. অসমীয়া লোক সংস্কৃতি: নিৰ্মলপ্ৰভা বৰদলৈ, জানুৱাৰী ২০০৮ সংস্কৰণ, পৃষ্ঠা-৮৪