ৰাজকন্যা ডিশ্ৰু
ৰাজকন্যা ডিশ্ৰু বা দিচৰু (ইংৰাজী: Princess Dishru) ডিমাছা মালিতাসমূহত পোৱা এক ৰাজকন্যা৷ ডিমাছা সমাজত প্ৰচলিত মালিতা বা কাহিনী-গীতসমূহৰ মাজত “ডিশ্ৰুণী ৰাজাবঠাই’’ অৰ্থাৎ ডিশ্ৰুৰ মালিতা বৰ জনপ্ৰিয়৷[1] এই মালিতাৰ আঁৰত থকা কাহিনীটো এনেধৰণৰ:-
জনশ্ৰুতিমতে ডিশ্ৰু কছাৰী ৰজা হৰিৰামৰ কন্যা৷ আনুমানিক ১৫৭০ খ্ৰীষ্টাব্দত ১ম হৰিশ্চন্দ্ৰ হাফলংবাৰ বংশই মাইবঙত ৰাজধানী পাতি ডিমাছা ৰাজ্য স্থাপন কৰিছিল৷ বহুদিনলৈ ৰজা হৰিৰামৰ কোনো সন্তান নোহোৱাত ৰাণীৰ কথামতে গণকক দেখুওৱাত গণকে মঙল চাই ক’লে যে সন্তান হ’ব; কিন্তু যদি ল’ৰাসন্তান হয় তেন্তে ৰাজ্যৰ মংগল হোৱাৰ লগতে ৰাজ্য বিস্তাৰ হ’ব আৰু যদি কন্যা হয় তেন্তে ৰাজ্যত অমংগলে দেখা দিব৷ সময়ত ৰাণী গৰ্ভৱতী হ’ল৷ ৰজা আনন্দিত হ’ল৷ সেই সময়তে ডিয়ুংব্ৰা নামে ঠাইত বগা হাতী ওলোৱাৰ খবৰ পাই ৰজাই মাউত আৰু ফান্দী কিছুমান লগত লৈ হাতী চিকাৰলৈ ওলাল৷ যাবলৈ ওলাই ৰাণীক ক’লে, যদি কন্যাসন্তান জন্ম হয় তেন্তে লগে লগে মাৰি মাটিত পুতি থব৷ এই আদেশ অমান্য কৰিলে ৰাণীয়ে শাস্তি ভোগ কৰিব লাগিব বুলিও কয়৷ যথাসময়ত ৰাণীৰ এজনী কন্যাসন্তান জন্ম হ’ল৷ সুন্দৰ শিশুটিক ৰক্ষা কৰিবলৈ ৰাণীয়ে তাইক ধাইৰ হাতত দিলে আৰু নাম ৰাখিলে ডিশ্ৰু৷ ধাইৰ ঘৰত কন্যাটি ডাঙৰ হ’ল আৰু তাই ঘৰুৱা সকলো কামত পাকৈত হৈ উঠিল৷[2]
ইফালে ৰজাই বগা হাতী ধৰিব নোৱাৰি ১৪ বছৰ পিছত[3] ৰাজপ্ৰসাদলৈ ঘূৰি আহিল৷ এদিন তেওঁ ফুলনিত ফুল তুলি থকা ডিশ্ৰুক দেখি তাইৰ ৰূপ-লাবণ্যত মোহিত হৈ তাইক বিয়া কৰিবলৈ ব্যাকুল হৈ পৰিল৷ এই কথা জানিব পাৰি ৰাণী আৰু ধায়ে ডিশ্ৰুৰ সকলো কথা ৰজাক অৱগত কৰিলে৷ কিন্তু ৰজাই নামানিলে৷ কাৰণ ৰজাই জানিছিল যে, ৰাণীৰ গৰ্ভৰ পৰা কন্যাসন্তান জন্ম হৈছিল আৰু তাইক ৰজাৰ আদেশত হত্যা কৰি পুতি থোৱা হৈছিল৷ ৰজাই ডিশ্ৰু ৰাণী হ’ব বুলি ভাবি ডিশ্ৰুৰ মাকে আপত্তি কৰা বুলি ভাবি ৰাণীক হাবিলৈ নি বধ কৰিলে৷ উপায়হীনা হৈ ডিশ্ৰুৱে বাপেকক কান্দি কান্দি নিজৰ কু-অভিপ্ৰায় ত্যাগ কৰিবলৈ অনুৰোধ কৰিও মনাব নোৱাৰিলে৷ ৰজাই ক’লে, যদি তাই ৰজাৰ কথা নামানে তেন্তে ৰাজ্য এৰি গুছি যাব লাগিব৷ ৰজাৰ শাস্তিস্বৰূপে তাই ডিমাছা ৰাজ্য ত্যাগ কৰে৷ যোৱাৰ পৰত নিজৰ সৌন্দৰ্যৰ বাবেই এনেদৰে লাঞ্ছিতা হ’বলগীয়া হোৱাত তাই সকলো ডিমাছা ছোৱালী কুৰূপা হোৱাৰ অভিশাপ দি গ’ল৷[2][3]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ দুৱৰা, ধৰ্মেশ্বৰ (১৯৮৮). উত্তৰ কাছাৰ পাহাৰৰ লোকসংস্কৃতি. সাংস্কৃতিক সঞ্চালকালয় অসম. পৃষ্ঠা. ৯৪.
- ↑ 2.0 2.1 ৰভী, নিভা দত্ত (জানুৱাৰী ২০১৬). "মালিতা বা কাহিনী গীতত অৱহেলিত ৰাজকন্যা ডিশ্ৰু". বৰ্ণিল বৰাইল (অসম সাহিত্য সভাৰ অধিৱেশনৰ মুখপত্ৰ): ২৭০-২৭১.
- ↑ 3.0 3.1 শৰ্মা, শশী (১৯৯৩ (১ম প্ৰকাশ) ২০১৬ (৩য় প্ৰকাশ)). অসমৰ লোকসাহিত্য. ষ্টুডেণ্টছ ষ্টোৰচ্. পৃষ্ঠা. ২৭৯. ISBN 81-85905-23-1.