ৰাণী কৰ্ণাৱতী
ৰাণী কৰ্ণাৱতী বা ৰাণী কৰ্মাৱতী (ইংৰাজী: Rani Karnavati; মৃত্যু: ৮ মাৰ্চ ১৫৩৪) ভাৰতৰ বুন্দিৰ এগৰাকী ৰাজকুঁৱৰী আৰু অস্থায়ী শাসক আছিল। মেৱাৰৰ ৰাণা সংগ্ৰাম সিংহৰ সৈতে তেওঁৰ বিবাহ হয়। পৰৱৰ্তী দুই ৰাণা, ৰাণা বিক্ৰমাদিত্য আৰু ৰাণা উদয় সিংহৰ মাতৃ আৰু মহাৰাণা প্ৰতাপৰ আইতাক। ১৫২৭ চনৰ পৰা ১৫৩৩ চনলৈকে নাবালক পুত্ৰৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ স্বামীৰ দৰেই পৰাক্ৰমী আছিল আৰু গুজৰাটৰ বাহাদুৰ শাহৰ নেতৃত্বত অহা সেনাৰ হাতত পৰাজিত নোহোৱালৈ চিতোৰক ৰক্ষা কৰিছিল। পলাবলৈ অস্বীকাৰ কৰি তেওঁ নিজৰ সন্মান ৰক্ষাৰ বাবে জৌহৰ ব্ৰত ধাৰণ কৰিছিল।
ৰাণী কৰ্ণাৱতী | |
---|---|
মৃত্যু | ০৮ মাৰ্চ, ১৫৩৪ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | ভাৰতীয় শাসক |
দাম্পত্যসঙ্গী | ৰাণা সংগ্ৰাম সিংহ (বি. ১৫০৫; মৃ: ১৫২৮) |
পিতৃ-মাতৃ | বুন্দিৰ ৰাও নিৰ্বুধ (পিতৃ) |
জীৱনী
সম্পাদনা কৰক১৫২৬ খ্ৰীষ্টাব্দত বাবৰে দিল্লীৰ সিংহাসন দখল কৰাৰ পিছত মেৱাৰৰ ৰানা সংগ্ৰাম সিংহ বা ৰাণা সংগই বাবৰৰ বিৰুদ্ধে দিল্লীৰ সিংহাসন দখল কৰাৰ উদ্দেশ্যে ৰাজপুত শাসকসকলৰ এক মহাজোঁটৰ নেতৃত্ব দিছিল। প্ৰথম অৱস্থাত ৰাণাই বায়ানাৰ যুদ্ধত মোগল সৈন্যক পিছ হোহোকাবলৈ সফল হৈছিল। কিন্তু খানুৱাৰ যুদ্ধত বাবৰৰ উচ্চমানৰ ৰণকৌশল আৰু তোপৰ ব্যৱহাৰৰ বাবে তেওঁ পৰাজিত হয়।
ৰাণী কৰ্ণাৱতীয়ে তেওঁৰ বৰ পুত্ৰৰ বিক্ৰমাদিত্যৰ প্ৰতিনিধি হিচাপে শাসনভাৰ গ্ৰহণ কৰিছিল। বিক্ৰমাদিত্য এজন দুৰ্বল শাসক আছিল। ইয়াৰ মাজতে মেৱাৰত দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ বাহাদুৰ শাহে আক্ৰমণ কৰে, যাৰ হাতত বিক্ৰমাদিত্যই পূৰ্বে পৰাজয় লাভ কৰিছিল। ৰাণীৰ বাবে সেয়া আছিল অতিশয় চিন্তাৰ বিষয় হৈ পৰে।
সম্ভ্ৰান্ত লোকসকল বিক্ৰমাদিত্যৰ হৈ যুঁজিবলৈ সাজু নাছিল আৰু যুদ্ধত যে পৰাজিত হ’ব, সেই সম্পৰ্কে প্ৰায় নিশ্চিত আছিল। ৰাণী কৰ্ণাৱতীয়ে ছিচোদিয়া বংশৰ সন্মানৰ স্বাৰ্থত সম্ভ্ৰান্ত লোকসকলক আগবাঢ়ি আহিবলৈ লিখিছিল, আৰু বিক্ৰমাদিত্যৰ বাবে নহ’লেও মেৱাৰৰ বাবে যুঁজিবলৈ সন্মত কৰাইছিল। তেওঁলোকৰ একমাত্ৰ চৰ্ত আছিল যে বিক্ৰমাদিত্য আৰু উদয় সিংহই নিজৰ ব্যক্তিগত সুৰক্ষাৰ বাবে যুদ্ধৰ সময়ত বুন্দিলৈ যাব লাগে। পিছৰ কিছুমান কিংবদন্তি অনুসৰি ৰাণীয়ে মোগল সম্ৰাট হুমায়ুনলৈ ৰাখী পঠিয়াইছিল আৰু তেওঁক ‘ভাই’ বুলি সম্বোধন কৰি সহায় বিচাৰিছিল। এইদৰেই ৰাণী কৰ্ণাৱতীৰ নাম ৰক্ষা বন্ধন উৎসৱৰ সৈতে অপৰিহাৰ্যভাবে জড়িত হৈ পৰিল। কিন্তু এই কথাটো সমকালীন কোনো লেখকে সমৰ্থন নকৰে আৰু সতীশ চন্দ্ৰৰ দৰে আধুনিক ইতিহাসবিদসকলে ইয়াক ঐতিহাসিক তথ্যতকৈ উপকথা বুলি গণ্য কৰে। [1]
ৰাণী কৰ্ণাৱতীয়ে পুত্ৰসকলক বুন্দিলৈ পঠিয়াবলৈ সন্মতি দি তেওঁৰ বিশ্বাসী পৰিচাৰিকা ধাত্ৰী পান্নাক তেওঁলোকৰ লগত যাবলৈ আৰু ভালদৰে যত্ন ল’বলৈ ক’লে। পান্না যাবলৈ অনিচ্ছুক আছিল যদিও ৰাণীৰ ইচ্ছাৰ ওচৰত আত্মসমৰ্পণ কৰে। ছিচোদিয়াসকলে সাহসেৰে যুদ্ধ কৰে। যদিও তেওঁলোকৰ সংখ্যা বেছি আছিল, যুদ্ধত পৰাজিত হৈছিল। [2] বাহাদুৰ শাহে চিতোৰগড়ত প্ৰৱেশ কৰি দ্বিতীয়বাৰৰ বাবে লুটপাত কৰে।
পৰাজয়ৰ ওচৰ চাপি অহা বুলি উপলব্ধি কৰি কৰ্ণৱতী আৰু দৰবাৰৰ আন আন সম্ভ্ৰান্ত মহিলাসকলে ১৫৩৪ খ্ৰীষ্টাব্দৰ ৮ মাৰ্চত জৌহৰ ব্ৰত পালন কৰি আত্মজাহ দিয়ে। আনহাতে পুৰুষসকলে কেশৰৰঙী বস্ত্ৰ ধাৰণ কৰি মৃত্যুৰ নোহোৱাকৈ যুঁজিবলৈ সংকল্প লয়। চিতোৰত পালন কৰা তিনিটা জৌহৰৰ ভিতৰত এইটো আছিল দ্বিতীয়টো জৌহৰ। [3][4]
টোকা
সম্পাদনা কৰক- ↑ History of Medieval India by Satish Chandra pg.212
- ↑ Diaspora of Muslims by Everett Jenkins, Jr.[1]'
- ↑ Encyclopaedia of Indian Events & Dates
- ↑ KARNAVATI, QUEEN OF CHITTOR