পান্না ধাই বা ধাত্ৰী পান্না (ইংৰাজী: Panna Dai) ষোড়শ শতিকাৰ ৰাণা সংগ্ৰাম সিংহৰ চতুৰ্থ পুত্ৰ দ্বিতীয় উদয় সিংহৰ ধাইমাক আছিল আছিল। তেওঁ আছিল খীচি জনগোষ্ঠীৰ [1][2][3]

১৫৩৫ চনত ৰাণী কৰ্ণাৱতীয়ে জৌহৰ ব্ৰত ধাৰণ কৰাৰ পিছত উদয় সিংহক পান্নাৰ তত্বাৱধানত এৰি দিয়া হৈছিল। যেতিয়া উদয়ক তেওঁৰ খুৰাক বনবীৰে আক্ৰমণ কৰিছিল, তেতিয়া ধাত্ৰী পান্নাই তেওঁক বচাবলৈ নিজৰ পুত্ৰৰ প্ৰাণ আহুতি দিছিল।

পান্না আছিল ৰাণা সংগ্ৰাম সিংহৰ পত্নী ৰাণী কৰ্ণাৱতীৰ ধাত্ৰী। ১৫৩১ চনত তেওঁৰ সংগ্ৰাম সিংহৰ দ্বিতীয় পুত্ৰ বিক্ৰমাদিত্যই তেওঁৰ ভাতৃ ৰাণা ৰতন সিংহ দ্বিতীয়ৰ পিছত সিংহাসনৰ উত্তৰাধিকাৰী হয়। তেওঁ অসভ্য আৰু অহংকাৰী হিচাপে পৰিচিত আছিল। ১৫৩৫ চনত চিতোৰক বাহাদুৰ শাহে আক্ৰমণ কৰাত ৰাণী কৰ্ণাৱতীয়ে চিতোৰ ৰক্ষাৰ বাবে সম্ভ্ৰান্ত আৰু সাধাৰণ সৈনিকক মাতি পঠিয়াইছিল। যুদ্ধৰ সময়চোৱাত সম্ভ্ৰান্তসকলে ৰাণা বিক্ৰম সিংহক বু্ন্দিৰ দূৰ্গত আবদ্ধ হৈ থাকিবলৈ বাধ্য কৰায়।[4] দুৰ্ভাগ্যজনকভাৱে যুদ্ধত চিতোৰৰ পৰাজয় হয়। কিন্তু বাহাদুৰ শাহ যোৱাৰ লগে লগে ৰাজপুতসকলে চিতোৰ দূৰ্গ দখল কৰে। দুৰ্গটো পুনৰ ৰাজপুতৰ নিয়ন্ত্ৰণলৈ অহাত বিক্ৰমাদিত্যই শাসনভাৰ চম্ভালি ল’বলৈ বুন্দিৰ পৰা উভতি আহিল।[5]

বাহাদুৰ শাহৰ হাতত পৰাজয় হোৱাৰ পিছতো বিক্ৰমাদিত্যৰ স্বভাৱৰ উন্নতি নহ’ল। যাৰ বাবে তেওঁ দৰবাৰত এজন সন্মানীয় মুখীয়ালক শাৰীৰিক নিৰ্যাতন চলাইছিল। এনে অৱস্থাত পৃথ্বীৰাজৰ এগৰাকী অৰাজপুত উপপত্নীৰ পুত্ৰ আৰু ৰাণা সংগ্ৰাম সিংহৰ ভতিজাক বনবীৰ ৰাজপ্ৰতিনিধি হৈ শাসনভাৰ চলায়। বনবীৰ এজন উচ্চাকাংক্ষী ব্যক্তি আছিল। ১৫৩৬ চনত তেওঁ বিক্ৰমাদিত্যক হত্যা কৰে।[6] বনবীৰে সিংহাসনৰ উত্তৰাধিকাৰী নাবালক উদয় সিংহকো হত্যা কৰাৰ চেষ্টা চলায়। অৱশ্যে পান্নাক এনে পৰিস্থিতিৰ বিষয়ে সতৰ্ক কৰি দিয়া হৈছিল। পান্নাক সহায় কৰে ‘বাৰী’ সম্প্ৰদায়ৰ এগৰাকী মহিলাই, যিয়ে উদয় সিংহক চিতোৰৰ পৰা গোপনে উলিয়াই আনিছিল। আনহাতে পান্নাই উদয়ৰ ঠাইত নিজৰ পুত্ৰ চন্দনক শুৱাই ৰাখিলে। বনবীৰ আহিল উদয়ক বিচাৰি। তেওঁ পুতেক শুই থকা বিচনাখনলৈ আঙুলিয়াই দেখুৱালে। বনবীৰে উদয় বুলি পান্নাৰ পুত্ৰ চন্দনকে হত্যা কৰে। বনবীৰে দৰবাৰত বৈঠকৰ ব্যৱস্থা কৰি দুয়োজন উত্তৰাধিকাৰীৰ মৃত্যু হোৱা বুলি মুখীয়ালসকলক অৱগত কৰে আৰু নিজকে মেৱাৰৰ ৰাণা বুলি ঘোষণা কৰে। পান্না আৰু উদয় কুম্ভলগড়লৈ পলায়ন কৰে, য'ৰ ৰাজ্যপাল আছিল এজন মহেশ্বৰী মহাজন, আছা দেপুৰা। তেওঁ উদয়ক সুৰক্ষা প্ৰদান কৰিবলৈ সন্মত হয়।বছৰ।[7][8] তেতিয়া উদয় সিংহৰ বয়স আছিল প্ৰায় ১৫ বছৰ।[9]

যেতিয়া উদয় সিংহ জীয়াই থকাৰ উৰাবাতৰি বনবীৰৰ ওচৰ পায়গৈ, তেতিয়া বনবীৰে তেওঁক ভণ্ড বুলি অভিহিত কৰে। কিন্তু যিহেতু উদয় সিংহৰ বয়স তেতিয়া ১৫ বছৰ হৈছিল আৰু বুন্দিৰ পৰা অহা মাতৃৰ আত্মীয়ই তেওঁক চিনিব পাৰিছিল, সেয়েহে উদয় সিংহই মেৱাৰবাসীৰ অধিক সমৰ্থন লাভ কৰিবলৈ আৰম্ভ কৰে।[10] ১৫৪০ চনত উদয় আৰু মেৱাৰৰ যথেষ্ট সৈন্যই সিংহাসন পুনৰ দখল কৰিবলৈ চিতোৰত প্ৰৱেশ কৰে। বনবীৰে এই আক্ৰমণ প্ৰতিহত কৰিবলৈ সৈন্যবাহিনী পঠিয়াইছিল যদিও তেওঁ পৰাজয় বৰণ কৰে।[11] উদয় সিংহক ছিচোদিয়া বংশৰ দ্বাদশ ৰাণা হিচাপে অভিষিক্ত কৰা হয়। সেই বছৰতে তেওঁৰ জ্যেষ্ঠ পুত্ৰ তথা উত্তৰাধিকাৰী মহাৰাণা প্ৰতাপৰ জন্ম হয়।

উত্তৰাধিকাৰ

সম্পাদনা কৰক
  • হৰ্ষদলাল শেখৰলাল মেহতাই ১৯৩৪ চনত বীৰংগনা পান্না নামেৰ এখন নিৰ্বাক চলচ্চিত্ৰ নিৰ্মাণ কৰে।[12]
  • ২০১৪ চনত ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেপান্না ধাইৰ নামেৰে এটা যাদুঘৰ উন্মোচন কৰে।
  • পশ্চিম উদয়পুৰৰ এখন নাৰ্চিং কলেজ আৰু এটা বঁটাৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।[13]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Hooja 2006.
  2. Ojhā 2000, পৃষ্ঠা. 86.
  3. Vīravinoda: Mevāṛa kā itihāsa : Mahārāṇāoṃ kā ādi se lekara San 1884 taka kā vistr̥ta vr̥ttānta, ānushaṅgika sāmagrī sahita 1986, পৃষ্ঠা. 61.
  4. Hooja 2006, পৃষ্ঠা. 458.
  5. Hooja 2006, পৃষ্ঠা. 460.
  6. Hooja 2006, পৃষ্ঠা 460:"Banbeer was a son of Sanga’s dead brother, the valiant Prithviraj by one of his non-Rajput concubines, and like other offspring of such unions, held a certain status and recognition. (Actually,‘concubine’ falls short of a suitable definition of terms like ‘pardayat’, ‘paswan’, etc. used for non-Rajput ‘wives’ of Rajput chiefs and rulers). According to some versions, it was Rana Vikramaditya who called Banbeer to his court, and subsequently placed the fullest of confidence in him. Banbeer, in his turn, waited for a suitable opportunity, and in 1536 murdered the Rana and staked his title to the throne of Mewar"
  7. Somani 1976, পৃষ্ঠা. 193.
  8. Ojhā 2000, পৃষ্ঠা. 86-87.
  9. Shankar 2015, পৃষ্ঠা. 15-16.
  10. Shankar 2015, পৃষ্ঠা. 16.
  11. Hooja 2006, পৃষ্ঠা. 462.
  12. Rajadhyaksha, Ashish; Willemen, Paul (1999). Encyclopaedia of Indian cinema. British Film Institute. https://archive.org/details/encyclopaediaofi0000raja। আহৰণ কৰা হৈছে: 12 August 2012. 
  13. Senagupta, Śacīndranātha (2009) (Hindi ভাষাত). Pannā dhāya : Śacīna Senaguptā ke Bāṅglā nāṭaka kā Nemicandra Jaina dvārā kiyā gayā Hindī anuvāda. প্ৰকাশক Nayī Dilli: Bhāratīya Jñānapīṭha. ISBN 9788126318230. Archived from the original on 2015-12-08. https://web.archive.org/web/20151208051648/http://pustak.org/home.php?bookid=7743। আহৰণ কৰা হৈছে: 2023-02-21.