ৰাতি সেৱা

ধৰ্মীয় কৃষ্টি

ৰাতি সেৱা ‍বা ভিতৰপকীয়া (পকা) অনুষ্ঠান হৈছে আহোম সমাজত কেৱলীয়া পন্থা বা ভিতৰসেৱা মানি চলা এক তান্ত্ৰিক বৌদ্ধ-বৈষ্ণৱ আৰু হিন্দু মতৰ সময়ত গঢ়ি উঠা এক ধৰ্মীয় কৃষ্টি। এনে ভিতৰপকীয়া সদৃশ-বৈষ্ণৱ তথা তান্ত্ৰিক সেৱা আহোম সকলৰ লগতে, পৰম্পৰাগত ভাৱে উজনি অসমৰ অন্যান্য সম্প্ৰদায়সমূহৰ মাজতো প্ৰচলিত।

মতভেদ সম্পাদনা কৰক

কেৱল ধৰ্ম সম্প্ৰদায়ক কাল সংহতিৰ এটা ডাল বুলি সাধাৰণতে কোৱা হয় আৰু ৰাতি সেৱা বা ভিতৰ সেৱাৰ লগত এই কেৱলীয়া মতৰ পাৰ্থক্য আছে বুলি মানি লোৱা নহয়। কোনো কোনো আহোম পণ্ডিতৰ মতে উজনি অসমৰ আহোমসকলৰ মাজত চলা কেৱল ধৰ্মত এক সুকীয়া পৰম্পৰা আছে। উজনি অসমৰ আহোম সম্প্ৰদায়ৰ মাজত চলা এই ধৰ্মত এক সুকীয়া আহোম পৰম্পৰা নিহিত হৈ আছে। বুদ্ধই যেন হৰিলৈ ৰূপান্তৰ ঘটিছে (Budha incarnated to Hari)।[1] ড° পদ্মেশ্বৰ গগৈয়ে ৰাতি সেৱা সম্প্ৰদায়ক কাল সংহতিৰ এটা ডাল বুলিছে। তেওঁৰ মতে, গোপাল আতাৰ শিষ্যৰ যদুমণিৰ অন্যতম শিষ্য ৰামাই বা ৰামদেৱ এই ৰাতি সেৱা সম্প্ৰদায়ৰ প্ৰবৰ্তক। ড° গগৈয়ে উল্লেখ কৰিছে যে ৰামদেৱ সুদৰ্শন দেৱৰ পুত্ৰ তথা চলিহা বাৰেঘৰ সত্ৰৰ প্ৰতিষ্ঠাপক সৰু কৃষ্ণদেৱৰ নাতি। ড° গগৈয়ে সৰু কৃষ্ণদেৱৰ তৃতীয় পুত্ৰ সুনন্দদেৱকো কিছুমান ভক্তিমূলক গীতৰ ৰচক বুলি উল্লেখ কৰিছে, যি গীত ৰাতি সেৱা পন্থাৰ ভকতসকলৰ মাজত প্ৰচলিত।[2] মুখে মুখে প্ৰচলিত এনে গীতসমূহৰ এটাত আছে---

''ৰহস্য থানৰে ৰহস্য ভকতি

ৰসিকাসকলে গায়

কৈছে শ্ৰীৰামদেৱে শুনা বন্ধুৱে

এই ৰস শঙ্কৰে গায়''

মুখে মুখে প্ৰচলিত এনে গীতৰ বিশ্বাসযোগ্যতা আৰু নাম উল্লিখিত ব্যক্তিৰ এনে ধৰ্মৰ লগত সম্পৰ্ক সন্দেহ জনক বুলি ভৱা হয়। ৰামদেৱৰ নাম লোৱা হয় যদিও তেওঁৱেই বৰ যদুমণিৰ প্ৰিয় শিস্য কিম্বা যদুমণিৰে ভতিজা বুলি কোনো তথ্য নাই, অৱশ্যে তেখেতৰ নাম ৰাতি সেৱাৰ লগত জড়িত থকা কথাটো মানি লোৱা হয়। ৰাতি সেৱা পন্থী সকলে চলিহা বাৰেঘৰ সত্ৰৰ উপৰি কাটনিপাৰ, চেঁচা, গজলা, মৰামৰা, কৰ্দৈণ্ডৰি আদি সত্ৰত শৰণ লয়। ৰাতি সেৱা পন্থাৰ ভকতে মাংস আৰু সুৰা গ্ৰহণ কৰে। পৰম্পৰাগত ভাবে এই ধৰণৰ মত অতি প্ৰাচীন। এই পন্থাৰ ভকতসকলে বিশ্বাস কৰে যে হৰ-পাৰ্বতীৰ জৰিয়তে এই ৰাতি সেৱাৰ মত পৃথিৱীৰ বুকুত প্ৰবৰ্তন কৰা হয়। পুৰণি শৈৱ আৰু তান্ত্ৰিক লোকসকলক বৈষ্ণৱ মতলৈ আনিবৰ বাবে বৈষ্ণৱ গুৰুসকলে পুৰণি পৰম্পৰাৰ লগত খাপ খুৱাই এটা পথ উদ্ভাৱন কৰিছিল। ইয়াকে প্ৰকৃত ঐতিহাসিক সামাজিক সত্য বুলি মানি লোৱা হয় আৰু কালক্ৰমত এইটোৱেই বিকৃত ৰূপত ৰাতি সেৱা বা ভিতৰ সেৱা কেৱলীয়া ৰূপত থাকি গ'ল। ৰাতি সেৱাৰ নামত আছে---

'' চিনিয়া ভকতি ধৰা মোৰ বান্ধৱ

চিনিয়া ভকতি ধৰা

হৰে পাৰ্বতীৰ ৰহস্য ভকতি

ইহাক সাৰ কৰি ধৰা''

ইয়াত গোপীকৃষ্ণ কিম্বা ৰাধাকৃষ্ণৰ প্ৰসঙ্গ উঠা নাই। হৰ-পাৰ্বতীৰ ভকতি ৰহস্যৰ প্ৰসঙ্গহে উলেখিত হৈছে। ইয়াত যি সুৰা পান কৰা হয়, তাক মদ-বুলি কোৱা নহয়, ৰস, অমৃত বা সাজ নামেৰে অভিহিত হয় আৰু ই সৰগৰ পৰা মহাদেৱে অনা অমৃত বুলি গণ্য কৰা হয়।

বিভিন্ন ভাগ সম্পাদনা কৰক

ৰাতি সেৱা পন্থাৰ ভকতিৰ কেবাটাও ত আছে বুলি জনা যায়। সাধু ভকত আৰু ভকতনীৰ পৰা বিভিন্ন সেৱাৰ ভৰ অতিক্ৰমি পূৰ্ণ স্বামীৰ স্তৰ পায়। সাধাৰণ ভকতনীসকলক ‘দোকানী’ বুলি কোৱা হয়। আনহাতে, নিম্নৰপৰা শীল কেবাটাও ভৰ থকাৰ দৰেই কেবাটাও উপপন্থা ৰাতিখোৱা সম্প্ৰদায় আছে যেনে ৰিতীয়া, অৰিতীয়া, বাতিভগীয়া, চাৰিখুটিয়া, গোপীখেলিয়া আৰু গোপীধৰা আদি। ভকতসকলৰ কেবাটাও ভৰ আছে। যেনে সাধু, সদাচাৰী, দহনাম কত বা দুই সেৱাৰ ভকত, পাঁচ নামৰ ভকত বা পঙ্কসেৱাৰ ভকত। প্ৰথমে পঞ্চ সেৱাত দীক্ষা লৈ ক্ৰমে দশনাম, সদাচাৰী বা বিহাৰী আৰু শেষত সাধু হয়।[3]

আনুষ্ঠানিকতা সম্পাদনা কৰক

কেৱল ধমৰ সাধনা ভিতৰত বা ৰাতি গোপনে হয় বাবে ইয়াক ভিতৰ সেৱা বা ভিতৰপীয়াও বোলে। এই সেৱা গভীৰতা বা নিজা আধ্যাত্মিক শীৰ্ষতাৰ বিচাৰত তিনিটা পৰ্যায়ৰ। যেনে- শলিতা লগোৱা, ডাঙৰীয়া সেৱা বা ডাঙৰীয়া সৱাহ আৰু বৰ সেৱা, সেৱাৰ অনুষ্ঠানত পূৰ্ণ স্বামী বা সাধুক ঈশ্বৰ অৱতাৰ কৃষ্ণ অথবা বুদ্ধৰ পৰ্যায়ৰ বুলি ধৰা হয়। সাধুৰ আসন ভিতৰ সেৱাত সৰ্বাত্ৰণ্য। তেওঁৰ সন্মুখত শলিতা চাকি এগছি থাকে। অমৃত বা নামলাও সজাই ৰখাৰ উপৰি গাহৰি বা কুকুৰাৰ মঙহ সিজাই সজাই উছৰ্গা কৰা হয়। সন্দেহ নাই যে এই ভিতৰসেৱা মূলতঃ আমুখী দেহবাদী বা দেহতত্ত্ববাণী অনুষ্ঠান। দেহৰ প্ৰতিটো অংগ-প্ৰত্যংগৰ সাধনা ইয়াত আছে। আনহাতে ভকত-ভকতনীৰ মান উচ্চ স্তৰলৈ যোৱাৰ লগে লগে বৰসেৱাত অংশ গ্ৰহণ যোগ্যতা অৰ্জন কৰে। এই বৰ সেৱাত সাধাৰণ ভকত-ভকতলীয়ে স্থান নাপায়। সাধাৰণ জাগতিক আৱৰণৰ পৰা মুক্তি অৰ্জন কৰা এই ভকতসকলে বৰ সেৱাত সম্পূৰ্ণ আৱৰণমুক্ত হৈ সেৱা আগবঢ়ায় বুলি জনা যায়।

আহোম ভিতৰসেৱা পৰীসকল নিজ মত অটল আৰু তেওঁলোকে নিজৰপৰম্পৰা অতি প্ৰাচীন বুলি বিশ্বাস কৰে। এওঁলোকে আই সকাম আৰু ডাঙৰীয়া সকাম কৰে। অতি আড়ম্বপূৰ্ণ ভাবে বৰ সেৱা বা বৰ সবাহ পাতে। অতি কমেও বিশ কলহ সাজ, একৈটা কুকুৰ, এটা গাহৰি উছৰ্গা কৰাৰ উপৰি চাকি জ্বলাই আৰিয়া ধৰি বিহাৰ উলিওৱা হয়। বৰ সেৱাত কৰণি সজাই লোৱা হয়। ভকত-ভকতনীসকলে সাঁজ আৰু মঙহৰ আঞ্জালৈ নাচে। সদাচাৰীসকলেও বিহাৰ আনে আৰু নাচে। ভিতৰ সেৱাৰ গোপন অনুষ্ঠানত ভকত-ভকতনীসকলে সম্পূৰ্ণ দিগম্বৰ হৈ নাচে বুলি জনা যায়। [4]

অতি গোপনে কৰে বাবে এই সেৱাত অকল ভকত-ভকতনী বা দীক্ষিত সকলেহে অংশ গ্ৰহণ কৰিব পাৰে। অদীক্ষিত সকলৰ প্ৰৱেশ এই সেৱাত সম্পূৰ্ণ নিষেধ। ভিতৰ সেৱা অনুষ্ঠান প্ৰকৃততে তাই আহোমৰ পৰম্পৰাগত পুৰণি অনুষ্ঠান হয়নে নহয় সেই সম্পৰ্কে বিতৰ্কৰ অৱকাশ আছে। টাই আহোম সকলৰ মাজত প্ৰৱৰ্তিত থকা বৌদ্ধ-তান্ত্ৰিক নাইবা নিজা ধৰণৰ কোনো তান্ত্ৰিক অনুষ্ঠানৰ আচাৰ- নীতি সামৰি লৈ একাংশ বৈষ্ণৱ গুৰুৱে ধৰ্মক সম্প্ৰসাৰিত ৰূপ দিবলৈ কৰা প্ৰয়াসৰ ফলতে এনে ধৰণৰ ভিতৰ সেৱা জাতীয় অনুষ্ঠান টাই আহোমৰ মাজত প্ৰৱৰ্তিত হোৱা বুলি দৃঢ় অনুমান কৰাৰ থল আছে।[5]

তথ্যউৎস সম্পাদনা কৰক

  1. চেতিয়া, চাও উমেশ চন্দ্ৰ. তাই আহোমৰ ধৰ্ম. পৃষ্ঠা. 76. 
  2. Gogoi, Dr. Padmeswar. Tai Ahom Religion and Customs. পৃষ্ঠা. 6-47. 
  3. ৰাজকুমাৰ, ঁসৰ্বানন্দ. ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. ISBN 8173393087. 
  4. ৰাজকুমাৰ, ঁসৰ্বানন্দ. ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. ISBN 8173393087. 
  5. বৰগেহাঞি, যতীন্দ্ৰ কুমাৰ. অসমৰ উৎসৱ আৰু পূজা. পৃষ্ঠা. 157-160.