ৰাধা বালাকৃষ্ণন (ইংৰাজী: Radha Balakrishnan) হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে চেন্নাইস্থিত গাণিতিক বিজ্ঞানৰ প্ৰতিষ্ঠানত কাম কৰিছিল। তেখেতৰ গৱেষণাক্ষেত্ৰখন অৰৈখিক বলবিদ্যা আৰু পদাৰ্থ বিজ্ঞানত প্ৰয়োগৰ লগত জড়িত।[1][2][3][4] অৰৈখিক বলবিদ্যা (Nonlinear Dynamics)-ৰ ক্ষেত্ৰখনত তেখেত এগৰাকী অগ্ৰগণ্য বিজ্ঞানী।[5] পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰাধা বালাকৃষ্ণনে তামিলনাডু বিজ্ঞান বঁটা, প্ৰফেছাৰ দৰ্শন ৰংগনাথন স্মাৰক বক্তৃতা বঁটা লাভ কৰে।[5]

ৰাধা বালাকৃষ্ণন
বাসস্থান ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান
কৰ্মস্থান তাত্ত্বিক পদাৰ্থ বিজ্ঞানৰ বিভাগ, মাদ্ৰাছ বিশ্ববিদ্যালয়
গাণিতিক বিজ্ঞানৰ প্ৰতিষ্ঠান, চেন্নাই
শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়
ব্ৰানডেইছ বিশ্ববিদ্যালয়
জনা যায় অৰৈখিক বলবিজ্ঞান,
অৱকলন জ্যামিতি
উল্লেখনীয় বঁটা তামিলনাডু বিজ্ঞানী বঁটা(১৯৯৯)
প্ৰফেছাৰ দৰ্শন ৰংগনাথন স্মাৰক বক্তৃতা বঁটা (২০০৫)
দাম্পত্যসঙ্গী ভি. বালাকৃষ্ণন
সতি-সন্ততি হৰি বালাকৃষ্ণন (পুত্ৰ)
হামছা বালাকৃষ্ণন (কন্যা)

বালাকৃষ্ণনে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থবিজ্ঞানৰ অনাৰ্ছসহ ঊত্তীৰ্ণ হৈছিল। পৰৱৰ্তী কালত তেখেতে ১৯৬৫ চনত বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ব্ৰানডেইছ বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল। তেখেতৰ গৱেষণাপত্ৰখন কোৱাণ্টাম স্ফটিকৰ নিৰীক্ষণ আৰু পৰ্যালোচনাৰ লগত জড়িত এক প্ৰাৰম্ভিক সময়ৰ অধ্যয়ন। তেখেতে কঠিন হিলিয়ামৰ ওপৰত হিলিয়ামৰ অশুদ্ধতাই পেলোৱা প্ৰভাৱ আৰু সেইটো ক্ষেত্ৰত কোৱাণ্টাম স্ফটিকৰ প্ৰভাৱ আৰু ভূমিকাৰ বিষয়ে আলোকপাত কৰিছিল।[5]

কৰ্মজীৱন

সম্পাদনা কৰক

১৯৮০ৰ দশকত, বালাকৃষ্ণন ভাৰতলৈ ঘূৰি আহে। তেখেতে মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ বিভাগত কৰ্মৰত হয়। সেইটো প্ৰতিষ্ঠানত তেখেতে গৱেষণা সহযোগী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৮৭ চনত তেখেতে চেন্নাইৰ গাণিতিক বিজ্ঞান প্ৰতিষ্ঠানত যোগদান কৰে। ২০০৪ চনত তেখেতে কৰ্মজীৱনৰ পৰা অৱসৰ লয়। তাৰপাছৰ পৰা তেখেতে এগৰাকী এমিৰেটাছ বিজ্ঞানী হিচাপে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণাত,(C.S.I.R.)ত নিজৰ গৱেষণা-কাৰ্য চলাই যায়।[5] তেখেতৰ গৱেষণাৰ বিষয়বোৰ হৈছে-অৰৈখিক গতিবিদ্যা, Solitons আৰু পদাৰ্থবিজ্ঞানত প্ৰয়োগ, ধ্ৰুপদী অৱকলন জ্যামিতিৰ লগত সম্পৰ্ক আদি।[1]

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

ৰাধা বালাকৃষ্ণনে পদাৰ্থবিজ্ঞানী ভি. বালাকৃষ্ণনৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰে। তেখেতে এগৰাকী ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী। তেওঁলোকৰ দুয়োটি সন্তান হৰি বালাকৃষ্ণন আৰু হামছা বালাকৃষ্ণন প্ৰখ্যাত শিক্ষানুষ্ঠান এম.আই.টি.ৰ অধ্যাপক।[6]

বঁটা আৰু সন্মান

সম্পাদনা কৰক

১৯৯০ চনৰ পৰাই বালাকৃষ্ণনে অৰৈখিকতা আৰু বক্ৰৰেখা তথা পৃষ্ঠৰ অৱকলন জ্যামিতিৰ মাজৰ গভীৰ সম্পৰ্কৰ বিষয়ে গৱেষণা কৰি আহিছে। ১৯৯৯ চনত তেখেতে "তামিলনাডু বিজ্ঞানী বঁটা" লাভ কৰ। ভৌতিক বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা উল্লেখনীয় বৰঙনিৰ বাবে তেখেতলৈ এই বঁটাটি আগবঢ়োৱা হয়। ২০০৫ চনত তেখেতে ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ "প্ৰফেছাৰ দৰ্শন ৰংগনাথন স্মাৰক বক্তৃতা বঁটা" লাভ কৰে। অৰৈখিক বলবিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা মৌলিক অৰিহণাৰ বাবে তেখেতলৈ এই বঁটা আগবঢ়োৱা হয়। ৰাধা বালাকৃষ্ণনক এই ক্ষেত্ৰৰ এগৰাকী অগ্ৰদূত বুলি গণ্য কৰা হয়।[5]

তথ্যসংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 "Radha Balakrishnan". https://www.imsc.res.in/users/radha। আহৰণ কৰা হৈছে: 25 February 2014. 
  2. "Radha Balakrishnan". https://www.researchgate.net/profile/Radha_Balakrishnan/। আহৰণ কৰা হৈছে: 25 February 2014. 
  3. G. Caglioti, A. Ferro Milone, ed. Mechanical and Thermal Behaviour of Metallic Materials Enrico Fermi International School of Physics. Elsevier, 1982. পৃষ্ঠা. 324. ISBN 9780080983837. https://books.google.com/books?id=6Qh4AAAAQBAJ&dq। আহৰণ কৰা হৈছে: 25 February 2014. 
  4. Selected Topics in Mathematical Physics: Professor R. Vasudevan Memorial Volume. Allied Publishers, 1995. পৃষ্ঠা. 287. ISBN 9788170234883. https://books.google.com/books?id=ZuvY_53X45IC&dq। আহৰণ কৰা হৈছে: 25 February 2014. 
  5. 5.0 5.1 5.2 5.3 5.4 "Autobiographical article". http://www.ias.ac.in/womeninscience/LD_essays/35-37.pdf। আহৰণ কৰা হৈছে: 25 February 2014. 
  6. https://alchetron.com/Radha-Balakrishnan

বাহ্যিক সংযোগ

সম্পাদনা কৰক