ৰামকিঙ্কৰ বেইজ
ৰামকিঙ্কৰ বেইজ (২৫ মে’, ১৯০৬ - ২ আগষ্ট, ১৯৮০) আছিল এজন ভাৰতীয় বঙালী ভাস্কৰ্যশিল্পী। তেওঁ আধুনিক ভাৰতীয় ভাস্কৰ্যকলাৰ অন্যতম অগ্ৰপথিক আছিল। ৰামকিঙ্কৰ আছিল প্ৰথম ভাৰতীয় শিল্পী, যি আধুনিক পাশ্চাত্য শিল্প অধ্যয়ন কৰি সেই শৈলী নিজৰ ভাস্কৰ্যত প্ৰয়োগ কৰে। তেওঁক ভাৰতীয় শিল্পত আধুনিকতাৰ জনক[1] আৰু অন্যতম শ্ৰেষ্ঠ শিল্পী হিচাপে গণ্য কৰা হয়।
ৰামকিঙ্কৰ বেইজ | |
---|---|
দেশ | ভাৰতীয় |
পেচা | ভাস্কৰ |
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰকৰামকিঙ্কৰ বেইজ ব্ৰিটিছ ভাৰতৰ বাংলা প্ৰেছিডেন্সিৰ বাঁকুড়া জিলাৰ যুগীপাডাৰ (অধুনিক ভাৰতৰ পশ্চিমবঙ্গ ৰাজ্য) এক পৰমাণিক পৰিয়ালত জন্মগ্ৰহণ কৰে।[2] তেওঁৰ উপাধি বেইজ, সংস্কৃতত বৈদ্য আৰু প্ৰাকৃত বেজ-ৰ পৰিবৰ্তিত ৰূপ। তেওঁৰ পিতা আছিল চণ্ডীচৰণ বেইজ।
মধ্যকৈশোৰ বয়সত ৰামকিঙ্কৰ অসহযোগ আন্দোলনৰ অংশগ্ৰহণকাৰী স্বাধীনতা সংগ্ৰামীসকলৰ ছবি আঁকিছিল। মেট্ৰিক পৰ্যন্ত (বৰ্তমান মাধ্যমিকৰ সমতুল্য) পঢ়া−শুনা কৰাৰ পিছত ষোল্ল বছৰ বয়সত তেওঁ বাঁকুড়াৰ বিশিষ্ট সাংবাদিক আৰু প্ৰবাসী পত্ৰিকাৰ সম্পাদক ৰামানন্দ চট্টোপাধ্যায়ৰ দৃষ্টিত পৰে। চাৰি বছৰ পিছত তেওঁ শান্তিনিকেতনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশ্বভাৰতী বিদ্যালয়ত চাৰুকলাৰ ছাত্ৰ হিচাপে যোগ দিয়ে।[3] আচাৰ্য নন্দলাল বসু আছিল তেওঁৰ শিক্ষক। ৰমেন্দ্ৰনাথ চক্ৰৱৰ্তী, বিনোদবিহাৰী মুখোপাধ্যায় আদি ব্যক্তিক তেওঁ সহপাঠী হিচাপে পাইছিল। চাৰুকলাৰ ডিপ্লোমা অৰ্জন কৰি তেওঁ বিশ্বভাৰতীৰ ভাস্কৰ্য বিভাগৰ বিভাগীয় প্ৰধানৰ পদ লাভ কৰে। ১৯৭১ চনত অৱসৰ গ্ৰহণ কৰে। বিশিষ্ট চিত্ৰশিল্পী জহৰ দাশগুপ্ত আছিল তেওঁৰ ছাত্ৰ।
তেওঁৰ জীবনকথাক লৈ সাহিত্যিক সমৰেশ বসুৱে (কালকূট) 'দেখি নাই ফিৰে' নামৰ এখন উপন্যাস ৰচনা কৰে। যাৰ চিত্ৰাংকন কৰেছিল শিল্পী বিকাশ ভট্টাচাৰ্যই।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Exhibition of works of Ramkinkar Baij Archived 2008-02-12 at the Wayback Machine The Hindu, Oct 05, 2007.
- ↑ Artist to artist: A rare film, completed 32 years after it was first shot, brings to fore the creativity of two masters of art সাঁচ:Web archive Business Line, Dec 28, 2007.
- ↑ Neglected treasures Archived 2008-09-02 at the Wayback Machine The Hindu, Aug 31, 2008.