ৰামনামী সমাজ (ইংৰাজী: Ramnami Samaj) হৈছে ১৮৯০ চনত পৰশুৰামে প্ৰতিষ্ঠা কৰা এটা হিন্দু সম্প্ৰদায়। এই সম্প্ৰদায়ৰ লোকে অৱতাৰী পুৰুষ ৰামক দেৱতা হিচাপে পূজা কৰে। মূলতঃ ছত্তীশগড়ত বাস কৰা ইয়াৰ অনুগামীসকলে শৰীৰত "ৰাম" শব্দটো টেটু কৰি লয় আৰু গাত "ৰাম" শব্দ ছপা কৰা চাদৰ আৰু শিৰত ময়ূৰৰ পাখিৰে নিৰ্মিত শিৰোধান পিন্ধে। এই গোটটোৰ জনসংখ্যা প্ৰায় ২০ হাজাৰৰ পৰা এক লাখতকৈও অধিক বুলি অনুমান কৰা হৈছে।

এহাল ৰামনামী দম্পতী।

আখ্যানমূলক বিৱৰণী অনুসৰি ১৮৭০ চনত চৰপোৰা গাঁৱত জন্মগ্ৰহণ কৰা ৰামনামি সমাজৰ[1][2][3] প্ৰতিষ্ঠাপক পৰশুৰামৰ কপালত[4] "ৰাম" শব্দটো টেটু কৰা প্ৰথমজন ব্যক্তি বুলি বিশ্বাস কৰা হয়। তেওঁকে ১৮৯০ চনত এই পন্থাৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয়।[5] পৰশুৰামে নিজৰ জাতিগত পৰিচয়ৰ বাবে মন্দিৰত প্ৰৱেশৰ পৰা বঞ্চিত হোৱাৰ পিছত নিজকে অৱজ্ঞাৰপৰা মুক্ত কৰিবৰ বাবে নিজৰ কপালত "ৰাম" নামৰ টেটু কৰাইছিল।[5] ৰামদাস লেম্বৰ মতে এই পন্থাটো ১৫ শতিকাৰ ভক্তি আন্দোলনৰ এক ধাৰাবাহিকতাৰ ফলাফল।[4]

১৯১০ চনত হিন্দু দেৱতা ৰামৰ নাম ব্যৱহাৰ কৰাৰ অধিকাৰক লৈ উচ্চ বৰ্ণৰ হিন্দুসকলৰ বিৰুদ্ধে আদালতৰ গোচৰত ৰামনামীসকলে জয়লাভ কৰে।[6] ১৯৮০ চনৰ শেষৰ ফালে টেটু কৰা অনুগামীসকলক মন্দিৰত প্ৰৱেশৰ পৰা বঞ্চিত কৰা হৈছিল।[4]

এই পন্থাৰ অনুগামীসকলে মদ্যপান বা ধূমপান নকৰে। তেওঁলোকে প্ৰতিদিনে ৰাম নাম জপ কৰে,[7] শৰীৰত "ৰাম" শব্দটো টেটু কৰাৰ উপৰিও গাত "ৰাম" শব্দ ছপা কৰা চাদৰ মেৰিয়াই লয় আৰু ময়ূৰৰ পাখিৰে নিৰ্মিত মুকুট পৰিধান কৰে। সম্পূৰ্ণ শৰীৰত টেটু থকা সকলক "পূৰ্ণাক্ষীক" বুলি জনা যায় আৰু ইয়াৰে বেছিভাগেই সত্তৰৰ দশকৰ; ৰামনামীৰ নৱ প্ৰজন্মই বৰ্তমান সময়ত শৰীৰত টেটু কৰাৰ পৰা বিৰত আছে, তেওঁলোকে টেটুৰ বাবে তেওঁলোকৰ বিৰুদ্ধে বৈষম্য আৰু কামৰ পৰা বঞ্চিত হ'ব পাৰে বুলি ভয় কৰে।[4] ৰামনামীসকলে প্ৰতি বছৰে ডিচেম্বৰ–জানুৱাৰী মাহত শস্য চপোৱাৰ বতৰৰ শেষত ৰায়পুৰ জিলাৰ সৰচিৱা গাঁৱত তিনিদিনীয়া ভজন মেলা আয়োজন কৰি একত্ৰিত হয়, য’ত তেওঁলোকে জয়স্তম্ভ (ৰাম নাম লিখা বগা স্তম্ভ) স্থাপন কৰি ৰামচৰিতমানসৰ মন্ত্ৰ জপ কৰে পৰা।[4]

জনগাঁথনি

সম্পাদনা কৰক

যিহেতু চৰকাৰী ৰেকৰ্ডত ৰামনামীসকলক কেৱল হিন্দু হিচাপে তালিকাভুক্ত কৰা হৈছে, গতিকে জনগাঁথনিৰ সঠিক তথ্য উপলব্ধ নহয় যদিও বয়োজ্যেষ্ঠসকলে বাৰ্ষিক ভজন মেলাত উপস্থিত থকাৰ ভিত্তিত তেওঁলোকৰ জনসংখ্যা ২০,০০০তকৈ অধিক নহয় বুলি অনুমান কৰিছে; [4] অৱশ্যে আন আন অনুমানৰ ভিত্তিত এই জনসংখ্যা এক লাখতকৈ অধিক বুলি জনা যায়।[7] ৰামনামীসকল মূলতঃ ছত্তীশগড়ৰ মহানদী নদীৰ কাষৰীয়া গাঁৱত বাস কৰে যদিও কিছুমান অনুগামী মহাৰাষ্ট্ৰ আৰু ওড়িশাৰ সীমান্তৱৰ্তী অঞ্চলতো বাস কৰে।[4]

তথ্যসূত্ৰ

সম্পাদনা কৰক